প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰসিদ্ধ তামিল লেখক থিৰু আজহা ভাল্লিয়াপ্পাৰ জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

পোষ্ট কৰা হৈছে: 07 NOV 2022 10:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ তামিল লেখক থিৰু আজহা ভাল্লিয়াপ্পালৈ তেওঁৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মই থিৰু আজহা ভাল্লিয়াপ্পালৈ তেওঁৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁক কেৱল তেওঁৰ উৎকৃষ্ট লিখনি আৰু কবিতাৰ বাবেই স্মৰণ কৰা নহয়, শিশুসকলৰ মাজত ইতিহাস, সংস্কৃতি আৰু সাহিত্য জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাৰ বাবেও স্মৰণ কৰা হয়। তেওঁৰ প্ৰচেষ্টাই আজিৰ যুগত অনেক লোকক অনুপ্ৰাণিত কৰি আহিছে।"

 

***

DS/SH/KG


(ৰিলিজ আই ডি : 1874519) অতিথি কক্ষ : 199