পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত বক্তব্য প্ৰদান কৰে

• সকলো কাৰ্যবাহী কাৰ্য পৰিকল্পনাৰ বাবে আগতীয়া সতৰ্কবাণী আৰম্ভ কৰিবলৈ ঘূৰণীয়া মেজমেলৰ আয়োজন

• ভাৰতে সকলোৰে বাবে আগতীয়া সতৰ্কবাণী লাভ কৰাৰ বাবে মহাসচিবৰ কাৰ্যসূচীৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিছে যি আমাৰ দুৰ্বলতা হ্ৰাস কৰা, প্ৰাকৃতিক বিপদৰ প্ৰতি প্ৰস্তুতি আৰু দ্ৰুত তথা সময়মতে সঁহাৰি নিশ্চিত কৰাত সামূহিকভাৱে সহায় কৰিছে

• ভাৰতৰ ৱেব-ডিচিআৰএ (ডায়নামিক কম্পোজিট ৰিস্ক এটলাছ)য়ে আগতীয়া সতৰ্কবাণীৰ ওপৰত দ্ৰুত তথা উন্নত পদক্ষেপ ল'বলৈ সক্ষম কৰিছে

• ভাৰতে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটক (চিডিআৰআই) নেতৃত্ব দিছিল যি জলবায়ুৰ পূৰ্বানুমানৰ প্ৰয়োগ আৰু আন্তঃগাঁথনিৰ লোকচান হ্ৰাস কৰা আৰু আৰু মৌলিক সেৱাত ব্যাঘাত ঘটোৱাসমূহৰ বাবে আগতীয়া সতৰ্কবাণী বিকাশৰ দিশত কাম কৰি আছে

Posted On: 07 NOV 2022 9:01PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে আজি বিশ্ব নেতা সন্মিলন, চিঅ'পি ২৭, শ্বাৰাম এল-শ্বেইখত সকলো কাৰ্যবাহী কাৰ্য পৰিকল্পনাৰ বাবে আগতীয়া সতৰ্কবাণী আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মহাসচিব-উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ৰী যাদৱে কয়:

"সকলোৰে বাবে আগতীয়া সতৰ্কবাণী লাভ কৰাৰ মহাসচিবৰ এই কাৰ্যসূচীক আমি সম্পূৰ্ণ সমৰ্থন জনাইছো। জলবায়ু প্ৰশমনৰ বিশ্বব্যাপী গতি জলবায়ু পৰিৱৰ্তনৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত নহয়। বিশ্বজুৰি যথেষ্ট লোকচান সৃষ্টি কৰা প্ৰাকৃতিক বিপদবোৰৰ পৰিঘটনাসমূহ  স্বীকাৰ কৰাৰ বাবে বিশ্বই আৱশ্যকতা অনুভৱ কৰিবলগীয়া হৈছে।

আটাইতকৈ অসুৰক্ষিত অঞ্চলবোৰ কৰ্কট আৰু মকৰক্ৰান্তীয় অঞ্চলৰ মাজত অৱস্থিত। ভাৰতকে ধৰি উন্নয়নশীল বিশ্বৰ অধিকাংশ এই ক্ৰান্তীয় অঞ্চলবোৰৰ মাজত অৱস্থিত। বাহ্যিক দুৰ্যোগ আৰম্ভ হোৱাৰ পিছত ৰাজহুৱা ব্যয় আৰু হেৰুওৱা ৰাজহ এই অঞ্চলসমূহত সৰ্বনিম্ন মোকাবিলা ক্ষমতাৰ সৈতে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে।

প্ৰশান্ত মহাসাগৰীয় আৰু কেৰিবিয়ান অঞ্চলত ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ তীব্ৰতাৰ ফলত কিছুমান সৰু ক্ৰান্তীয় দেশে কেইঘণ্টামানৰ ভিতৰতে তেওঁলোকৰ ৰাষ্ট্ৰীয় উপাৰ্জনৰ ২০০% হেৰুৱাইছে। এনে ধৰণৰ উদাহৰণে মোকাবিলা কৰাৰ পৰ্যাপ্ত উপায় নথকা সেইবোৰ দেশত ধ্বংসাত্মক পৰিণাম হ'ব পাৰে।

জলবায়ু বিত্ত এতিয়াও দুৰ্লভ হোৱাৰ বাবে, আগতীয়া সতৰ্কতা প্ৰসাৰৰ ৰূপত জলবায়ু অভিযোজন জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ। সকলোৰে বাবে আগতীয়া সতৰ্কবাণীয়ে কেৱল তাৎক্ষণিক কায়িক প্ৰভাৱবোৰ হ্ৰাস কৰাত এক ভূমিকা পালন কৰাই নহয় বৰঞ্চ ইয়াৰ পিছত সংঘটিত হোৱা সুদূৰপ্ৰসাৰী দীৰ্ঘম্যাদী আৰ্থ-সামাজিক প্ৰভাৱবোৰো হ্ৰাস কৰে।

ভাৰতে সকলো জল-বতৰ বিজ্ঞানৰ বিপদৰ বাবে এণ্ড-টু-এণ্ড আগতীয়া সতৰ্কবাণী প্ৰণালী সবলীকৰণৰ দিশত কাম কৰি আছে।  ইয়াৰ ফলত দৃঢ় ফলাফল পোৱা গৈছে: আমি যোৱা ১৫ বছৰত ঘূৰ্ণীবতাহৰ পৰা হোৱা মৃত্যুৰ হাৰ ৯০% লৈকে হ্ৰাস কৰিছো। পূব আৰু পশ্চিম দুয়োটা উপকূলতে, ঘূৰ্ণীবতাহৰ বাবে আগতীয়া সতৰ্কতা প্ৰণালীয়ে প্ৰায় ১০০% সামৰি লৈছে। একেদৰে অন্যান্য বিপদসমূহ যেনে- উষ্ণতা তৰংগ – আমি এই ক্ষেত্ৰত দ্ৰুত গতিত উন্নতি লাভ কৰিছো যাৰ ফলত আমাৰ সম্প্ৰদায়বোৰৰ স্থিতিস্থাপকতা অধিক বৃদ্ধি হৈছে।

যোৱা কেইবছৰমানত, আমি আগতীয়া সতৰ্কবাণী প্ৰভাৱ-আধাৰিত কৰাৰ লগতে সম্প্ৰদায়বোৰৰ দ্বাৰা অধিক সহজে বুজিব পৰা আৰু কাৰ্যকৰী কৰাৰ দিশত সমন্বিত প্ৰচেষ্টা কৰিছো। আগতীয়া সতৰ্কবাণীৰ ওপৰত দ্ৰুত আৰু উন্নত পদক্ষেপ সক্ষম কৰিবলৈ ৱেব – ডিচিআৰএ (ডায়নামিক কম্পোজিট ৰিস্ক এটলাছ) বিকশিত কৰিবলৈ আমাৰ ওচৰত সমন্বিত বিপদ, দুৰ্বলতা আৰু এক্সপোজাৰ তথ্য আছে।

নতুন দিল্লীৰ আইএমডিত ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগে (চিডব্লিউডি) বংগোপসাগৰ আৰু আৰৱ সাগৰ অঞ্চলৰ ১৩খন দেশৰ সৈতে উত্তৰ ভাৰত মহাসাগৰত (বিশ্বৰ ছয়টা কেন্দ্ৰৰ ভিতৰত এটা) বিকশিত হোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ওপৰত নিৰীক্ষণ, ভৱিষ্যদ্বাণী আৰু সতৰ্কবাণী সেৱাৰ বাবে এক বহুপাক্ষিক আঞ্চলিক বিশেষ বতৰ বিজ্ঞান কেন্দ্ৰ হিচাপেও কাম কৰে। এই সহযোগিতাই বংগোপসাগৰ (বিঅ'বি) আৰু আৰৱ সাগৰৰ দেশসমূহৰ পৰা আইএমডিলৈ বতৰ বিজ্ঞানৰ তথ্য বিনিময় আৰু উন্নত নিৰীক্ষণ আৰু পূৰ্বানুমানত সহায় কৰে।

তদুপৰি, উপগ্ৰহ আৰু ৰাডাৰৰ বতৰ বিজ্ঞানৰ তথ্য, আৰু আইএমডিৰ পৰা আৰ্হি নিৰ্দেশনা আৰু লগতে ক্ৰান্তীয় ঘূৰ্ণীবতাহ উপদেষ্টা বুলেটিনবোৰে দেশবোৰৰ জীৱন-ধনৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰিছিল। উদাহৰণ স্বৰূপে, প্ৰাণ হেৰুওৱাৰ সংখ্যা হ্ৰাস হৈ যোৱা ১০বছৰত ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ফলত ১০০ৰ ভিতৰত সীমিত কৰা হৈছে, কেৱল ভাৰততে নহয়, বংগোপসাগৰ আৰু আৰৱ সাগৰ অঞ্চলৰ সকলো দেশতে আইএমডি-য়ে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পূৰ্বানুমান আৰু পৰামৰ্শ প্ৰদান কৰে।

আমি এতিয়া কেৱল প্ৰাণহানি হ্ৰাস কৰাই নহয়, আনকি জীৱিকা আৰু ৰাষ্ট্ৰীয় বিকাশৰ লাভৰ বাবে আগতীয়া সতৰ্কতা প্ৰণালীৰ সম্পূৰ্ণ সম্ভাৱনাৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰো। ভাৰতে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ (চিডিআৰআই) নেতৃত্ব দিছে যি জলবায়ুৰ পূৰ্বানুমানৰ প্ৰয়োগ আৰু আন্তঃগাঁথনিৰ লোকচান হ্ৰাস কৰাৰ বাবে আগতীয়া সতৰ্কবাণী আৰু মৌলিক সেৱাত ব্যাঘাত হ্ৰাস কৰাৰ দিশত কাম কৰি আছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিঅ’পি২৬-ত গ্লাছগোত আইআৰআইএছ (স্থিতিস্থাপক দ্বীপ ৰাষ্ট্ৰৰ বাবে আন্তঃগাঁথনি) মুকলি অনুষ্ঠানত মানৱ কল্যাণৰ বাবে আইআৰআইএছ-ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কোৱা কথাখিনিৰ মই উদ্ধৃতি দিছো-

"আইআৰআইএছ-য়ে আটাইতকৈ দুৰ্বল ৰাষ্ট্ৰসমূহক আশা, বিশ্বাস আৰু এক মহান পৰিপূৰ্ণতাৰ অনুভূতি প্ৰদান কৰে। ইয়াৰ বাবে মই চিডিআৰআই-ক অভিনন্দন জনাইছো। আইআৰআইএছ আৰু চিডিআৰআই কেৱল আন্তঃগাঁথনিৰ বাবেই নহয় বৰঞ্চ ই মানৱ কল্যাণৰ দায়িত্বৰো বিষয়। এইটো মানৱ জাতিৰ প্ৰতি আমাৰ সকলোৰে সামূহিক দায়িত্ব। মই আইআৰআইএছ-ৰ সূচনা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰোঁ। আইআৰআইএছ-ৰ জৰিয়তে, এছআইডিএছ-ৰ বাবে প্ৰযুক্তি, বিত্ত আৰু প্ৰয়োজনীয় তথ্য দ্ৰুতগতিত সংগ্ৰহ কৰা সহজ হ'ব। ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰসমূহত মানদণ্ডৰ আন্তঃগাঁথনিৰ প্ৰচাৰে তাত জীৱন আৰু জীৱিকা দুয়োটাকে লাভান্বিত কৰিব।"

ভাৰতে চিডিআৰআই-ৰ সূচনা কৰিছে আৰু ইয়াৰ পৃষ্ঠপোষকতা কৰি আছে।  ই আন্তঃগাঁথনিৰ ক্ষেত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে বিভিন্ন অংশীদাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক জড়িত কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা চলাই আহিছে। এনে এক পদক্ষেপ হৈছে "ডিআৰআই কানেক্ট" যি আন্তঃগাঁথনিখণ্ডত নিয়োজিত অংশীদাৰসকলৰ বাবে এক ৱেব-আধাৰিত মঞ্চ হিচাপে বিবেচিত হ’ব। স্থিতিস্থাপক আন্তঃগাঁথনিৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ ওপৰত কাৰ্য-আধাৰিত শিক্ষণ আৰু উদ্ভাৱনৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে নতুন জ্ঞান আৰু কাৰ্যকৰী সমাধান সৃষ্টিৰ দিশত মিত্ৰজোঁটৰ সদস্যপদৰ সামূহিক বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ বাবে এই মঞ্চৰ পৰিকল্পনা কৰা হৈছে।

বৰ্তমান, ৩১খন দেশ আৰু আঠটা সদস্য সংগঠন অন্তৰ্ভুক্ত কৰিবলৈ চিডিআৰআই-ৰ সদস্যপদ সম্প্ৰসাৰিত হৈছে। আফ্ৰিকা অঞ্চলত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাইছে। দক্ষিণ ছুদান আৰু ইউৰোপীয় বিনিয়োগ বেংক হৈছে এই চাৰ্টাৰ সমৰ্থন কৰা শেহতীয়া সদস্য। চিডিআৰআই-ৰ কৌশলগত পদক্ষেপ, সম্প্ৰসাৰিত কাৰ্যসূচী আৰু সদস্যপদৰ অংশগ্ৰহণৰ দ্বাৰা ইয়াক ইয়াৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িবলৈ সক্ষম কৰি তুলিছে।

জলবায়ু বিত্ত এতিয়াও এক মৰীচিকাৰ দৰে হৈ আছে আৰু কাৰ্যকৰী জলবায়ু অভিযোজন যেনে সকলোৰে বাবে আগতীয়া সতৰ্কবাণীয়ে আমাক আমাৰ অঞ্চলত অসুৰক্ষতা হ্ৰাস কৰাত আৰু প্ৰাকৃতিক বিপদৰ প্ৰস্তুতি আৰু দ্ৰুততাৰে তথা সময়মতে সঁহাৰি নিশ্চিত কৰাত সহায় কৰে।"

***



(Release ID: 1874370) Visitor Counter : 347