প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ ‘চিন্তন শিৱিৰ’ সম্বোধন প্ৰধানমন্ত্ৰীৰ


“এই চিন্তন শিৱিৰ সমবায় মৈত্ৰীতন্ত্ৰৰ এক উজ্জ্বল উদাহৰণ”

“‘পঞ্চ প্ৰাণ’ য়ে সুশাসনক মাৰ্গদৰ্শন কৰিব লাগিব”

“স্মাৰ্ট প্ৰযুক্তিৰ সহায়ত আইন-শৃংখলা ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব পৰা যাব”

“আইন-শৃংখলা অক্ষুণ্ণ ৰখাটো এটা ২৪x৭ জোৰা কাম”

“ইউএপিএ ৰ দৰে আইনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজ প্ৰদানকাৰী ব্যৱস্থাটোক শক্তি প্ৰদান কৰিছে”

“‘এক ৰাষ্ট্ৰ, এক আৰক্ষী ইউনিফৰ্ম’ য়ে আইন প্ৰয়োগকাৰী সংস্থাসমূহক এক উমৈহতীয়া পৰিচয় প্ৰদান কৰিব”

“মিছা বাতৰিৰ প্ৰচাৰ ৰোধ কৰিবলৈ আমি প্ৰযুক্তিগত অগ্ৰগতিৰ কথা চিন্তা কৰিব লাগিব”

“বন্দুকধাৰীয়েই হওঁক বা কলমধাৰীয়েই হওঁক, নক্সালবাদৰ প্ৰতিটো ৰূপ বিনাশ কৰিব লাগিব”

“আৰক্ষীৰ বাহন কেতিয়াও পুৰণি হ’ব নালাগে কিয়নো এইসমূহ ইয়াৰ কাৰ্য্যকাৰিতাৰে জড়িত”

Posted On: 28 OCT 2022 12:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ ‘চিন্তন শিৱিৰ’ সম্বোধন কৰে।

এই সমাৱেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসৱৰ বতৰত এটি শান্তিপূৰ্ণ পৰিবেশৰ বাবে আইন-শৃংখলাৰে জড়িত কৰ্মীসকলে অৱলম্বন কৰা সচেষ্টতাক প্ৰশংসা কৰে। তেখেতে কয় যে এই চিন্তন শিৱিৰ সমবায় মৈত্ৰীতন্ত্ৰৰ এক উজ্জ্বল উদাহৰণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আইন-শৃংখলাৰ বিষয়টো সংবিধান অনুসৰি ৰাজ্যসমূহৰ দায়িত্ব হ’লেও দেশখনৰ ঐক্য আৰু অখণ্ডতাৰ সৈতে ইয়াৰ সম্পৰ্ক সমানেই গুৰুত্বপূৰ্ণ। “প্ৰতিখন ৰাজ্যই পৰস্পৰে-পৰস্পৰৰপৰা শিকিব লাগে, পৰস্পৰে-পৰস্পৰৰপৰা প্ৰেৰণা আহৰণ কৰিব লাগে, দেশখনৰ অগ্ৰগতিৰ বাবে কাম কৰিব লাগে, এয়াই সংবিধানৰ গূঢ়াৰ্থ আৰু দেশবাসীৰ প্ৰতি এয়া আমাৰ দায়িত্বও”, তেখেতে কয়।

অব্যাহত অমৃত কালৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালৰ শুভ লগনত ‘পঞ্চ প্ৰাণ’ ৰ সাৰমৰ্মৰ হৃদয়ংগমেৰে এক অমৃত প্ৰজন্মৰ উত্থান ঘটিব। “‘পঞ্চ প্ৰাণ’ য়ে সুশাসনৰ মাৰ্গদৰ্শন কৰিব লাগিব”, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ শক্তিৰ বৰ্ধন ঘটা মাত্ৰেকে দেশখনৰ প্ৰতিগৰাকী নাগৰিক আৰু প্ৰতিটো পৰিয়ালৰ ক্ষমতাৰ উত্থান ঘটিব। তেখেতে কয়, “এয়া হৈছে সুশাসন য’ত প্ৰতিখন ৰাজ্যৰে অন্তিমজন ব্যক্তিয়েও সকলো সুবিধা লাভ কৰে।” প্রধানমন্ত্রীগৰাকীয়ে আইন-শৃংখলা ব্যৱস্থা আৰু ৰাজ্যসমূহৰ উন্নয়নৰ মাজৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “সমগ্ৰ আইন-শৃংখলা ব্যৱস্থাটো নিৰ্ভৰযোগ্য হোৱাটো অতিশয় প্ৰয়োজনীয়। জনসাধাৰণৰ মাজত ইয়াৰ ওপৰত থকা বিশ্বাস আৰু ধাৰণা অতি গুৰুত্বপূৰ্ণ”, তেখেতে উল্লেখ কৰে। তেখেতে প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত এনডিআৰএফ আৰু এছডিআৰএফৰ ক্ৰমবৰ্ধমান নিৰ্ভৰযোগ্যতাৰ কথা কয়। একেদৰে অপৰাধ সংঘটিত হোৱা স্থানলৈ আৰক্ষীৰ আগমনে চৰকাৰৰ আগমনক সূচিত কৰে আৰু ক’ৰোনাৰ সময়ছোৱাতো আৰক্ষীৰ সুনাম বৃদ্ধি পাইছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে গুৰুত্ব সহকাৰে কয় যে দায়বদ্ধতাৰ তুলনা নাই আৰু আৰক্ষীৰ প্ৰতি থকা ধাৰণাক অধিক সুদৃঢ়কৰণৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত তেওঁলোকক পথ প্ৰদৰ্শন কৰাটো আমাৰ এটি প্ৰবাহমান প্ৰক্ৰিয়া হ’ব লাগে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এতিয়া অপৰাধ কেৱল এটা অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই আৰু আন্তঃৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ ঘটনা বৃদ্ধি পাইছে। সেইবাবেই ৰাজ্যিক সংস্থাসমূহৰ মাজত আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা গুৰুত্বপূৰ্ণ হৈ উঠিছে। তেখেতে উল্লেখ কৰে যে চাইবাৰ অপৰাধেই হওঁক বা অস্ত্ৰ-শস্ত্ৰ বা ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ নিৰীক্ষণৰ বাবে ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰেই হওঁক, চৰকাৰখনে এনে ভাবুকিসমূহৰে মোকাবিলা কৰিবলৈ নতুন প্ৰযুক্তিৰ অভিযোজনাৰ অৰ্থে কাম কৰাটো প্ৰয়োজনীয়। “স্মাৰ্ট প্ৰযুক্তিৰ সহায়ত আইন-শৃংখলা ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব পাৰি”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে ৫জিৰ লগতে ইয়াৰে সম্পৰ্কীয় সুবিধাসমূহে উচ্চ সতৰ্কবাণীৰ প্ৰয়োজনীয়তাৰ সঞ্চাৰ কৰিছে। তেখেতে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীসকলক বাজেটৰ আউটিৰ বাহিৰলৈ গৈ প্ৰযুক্তিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্বসহকাৰে মূল্যায়ন কৰিবলৈ আহ্বান জনায়। কিয়নো এই প্ৰযুক্তিয়ে সাধাৰণ নাগৰিকৰ মাজত নিৰাপত্তাৰ আস্থা বঢ়াব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ পুলিচ টেকন’লজি মিছনৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত তেখেতে এক উমৈহতীয়া মঞ্চৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, “আমাৰ এটি সমগ্ৰ ভাৰত দৃষ্টিভংগী থাকিব লাগে, আমাৰ সকলো উত্তম পন্থা আন্তঃকাৰ্য্যকৰী হ’ব লাগে আৰু এইসমূহৰ এক উমৈহতীয়া সংযোগ থাকিব লাগে।” তেখেতে ৰাজ্যিক সংস্থাসমূহক নিজা ফৰেনছিক বিজ্ঞানত সামৰ্থ্য বিকাশৰ লগতে গান্ধীনগৰস্থিত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ কয়।

সংস্কাৰ সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইবছৰমানৰপৰা আইন-শৃংখলা ব্যৱস্থাৰ সুদৃঢ়কৰণৰ অৰ্থে একাধিক সংস্কাৰ সাধন কৰা হৈছে যিয়ে দেশখনত এটি শান্তিপূৰ্ণ পৰিবেশ অক্ষুণ্ণ ৰখাত সহায় কৰিছে। তেখেতে কয়, “আইন-শৃংখলা অক্ষুণ্ণ ৰখাটো এটা ২৪x৭ জোৰা কাম।” তেখেতে আৰু কয় যে ইয়াৰে জড়িত প্ৰক্ৰিয়াসমূহৰ অগ্ৰগতি সাধন আৰু ইয়াৰ অৰ্থে কাম কৰাটো আৱশ্যকীয়। তেখেতে কোম্পানী আইনৰ বহু কথা সৰল কৰাটো এই দিশত এক পদক্ষেপ বুলি কয়। তেখেতে ৰাজ্যসমূহকো ইয়াৰ মূল্যায়নেৰে পুৰণি নিয়ম আৰু আইনসমূহ সৰল কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰখনে প্ৰণয়ন কৰা আইনসমূহত দুৰ্নীতি, সন্ত্ৰাসবাদ আৰু হাৱালাৰে সুদৃঢ়ভাৱে মোকাবিলাৰ ইচ্ছা স্পষ্ট হৈ উঠিছে। “ইউএপিএ ৰ দৰে আইনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজ প্ৰদানকাৰী ব্যৱস্থাটোক শক্তি প্ৰদান কৰিছে”, তেখেতে কয়।

সমগ্র দেশৰ ৰাজ্যসমূহৰ আৰক্ষীৰ বাবে একক ইউনিফৰ্মৰ কথা বিবেচনা কৰিবলৈ প্রধানমন্ত্রীগৰাকীয়ে ইয়াত আহ্বান জনায়। ইয়াৰ ফলত আইন প্ৰয়োগকাৰী সংস্থাসমূহে এক উমৈহতীয়া পৰিচয় লাভ কৰিব আৰু নাগৰিকে দেশখনৰ যিকোনো স্থানতে আৰক্ষী কৰ্মীসকলক স্বীকৃতি জনাব। ৰাজ্যসমূহৰ নম্বৰ বা চিহ্ন থাকিব পাৰে। “‘ওৱান নেচন, ওৱান পুলিচ ইউনিফৰ্ম’, ৰ কথাটো মই মাথো আপোনালোকৰ বিবেচনাৰ বাবে এটা চিন্তা হিচাপে আগবঢ়াইছো”, তেখেতে কয়। একেদৰে তেখেতে পৰ্যটন সম্পৰ্কীয় পুলিচিঙৰ বাবে বিশেষ সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত চিন্তাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে পৰ্যটকসকল যিকোনো এটা অঞ্চলৰ সুনাম প্ৰচাৰৰ এম্বেছাদৰ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবেদনশীলতাৰ গুৰুত্বৰ কথা উল্লেখ কৰি ব্যক্তিগত স্পৰ্শ প্ৰদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো কয়। মহামাৰীটোৰ সময়ত আৰক্ষীয়ে জনসাধাৰণক বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলক কৰা সহায়ৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰযুক্তিগত বুদ্ধিমত্তাৰ লগতে মানৱ চোৰাংচোৱাক সুদৃঢ় কৰিবলৈয়ো কয়। ইয়াক আওকাণ কৰিব নোৱাৰি বুলি উল্লেখেৰে তেখেতে ভাৰতৰ ক্ৰমবৰ্ধমান অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত উত্থাপিত নতুন প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সজাগ হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।

ছ’চিয়েল মিডিয়াৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াক তথ্যৰ উৎস হিচাপেই সীমাবদ্ধ কৰি ৰাখিব নালাগে। তেখেতে কয় যে এটা মাত্ৰ মিছা বাতৰিৰে ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হিচাপে প্ৰভাৱিত কৰাৰ ক্ষমতা আছে। পূৰ্বতে চাকৰিত সংৰক্ষণ সম্পৰ্কীয় ভুৱা বাতৰিৰ বাবে ভাৰতে যি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল, তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰে। তেখেতে যিকোনো তথ্য জনসাধাৰণৰ মাজলৈ প্ৰেৰণৰ পূৰ্বে বিশ্লেষণ আৰু পৰীক্ষা সম্পৰ্কে জনসাধাৰণক অৱগতকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয়, “ফেক নিউজ বিয়পোৱা কাৰ্য্য ৰোধ কৰিবলৈ আমি প্ৰযুক্তিগত অগ্ৰগতি সাধন কৰিব লাগিব।” প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত অসামৰিক প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো আলোকপাতেৰে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী বিদ্যালয়-মহাবিদ্যালয়সমূহক এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই যাতে ছাত্ৰ-ছাত্ৰীসকলে এই ধাৰণাটোৰ প্ৰতি আকৃষ্ট হৈ উঠে।

সন্ত্ৰাসবাদৰ উৎস নেটৱৰ্ক নিৰ্মূলকৰণৰ প্ৰয়োজনীয়তাৰ পুনৰবাৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন চৰকাৰে নিজ-নিজ ক্ষমতা আৰু বুজাবুজিৰে নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছে। শ্ৰী মোদীয়ে কয় যে একত্ৰিতভাৱে এনে পৰিস্থিতি চম্ভালি লোৱাটো সময়ৰ আহ্বান। তেখেতে লগতে কয়, “বন্দুকধাৰী বা কলমধাৰী নক্সালবাদৰ প্ৰতিটো ৰূপকে দেশখনৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত নকৰিবলৈ উভালি পেলাব লাগিব।” প্ৰধানমন্ত্ৰীগৰাকীয়ে সকীয়নি প্ৰদান কৰি কয় যে এনে শক্তিসমূহে আগন্তুক প্ৰজন্মসমূহৰ মনবোৰ বিকৃত কৰিবলৈ অপচেষ্টা চলাই আছে। ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ স্বাৰ্থত আৰু চৰ্দাৰ পেটেলৰ অনুপ্ৰেৰণাৰে আমি আমাৰ দেশখনত এনে কোনো শক্তিক বিকশিত হ’বলৈ দিব নোৱাৰো। এনে শক্তিসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উল্লেখযোগ্য সহায় লাভ কৰে বুলিও তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত আঠটা বছৰত দেশখনত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। “জম্মু-কাশ্মীৰেই হওঁক বা উত্তৰ-পূৰ্বাঞ্চলেই হওঁক, আজি আমি স্থায়ী শান্তিৰ অৰ্থে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছো। এতিয়া আমি আন্তঃগাঁথনিকে ধৰি এই সকলোবোৰ খণ্ডতে ক্ষীপ্ৰ উন্নয়নত ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, আজি কেন্দ্ৰীয় চৰকাৰখনে সীমান্ত আৰু উপকূলীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে মিছন ম’ডত কাম কৰি আছে। এই অঞ্চলসমূহত অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত উক্ত পদক্ষেপে বহুখিনি সহায় আগবঢ়াব পাৰে বুলিও তেখেতে পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পৰিকল্পনাসমূহ কাৰ্য্যকৰীকৰণৰ অৰ্থে সীমান্ত আৰু উপকূলীয় ৰাজ্যসমূহৰ সহযোগিতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

সম্বোধনৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে বছৰি অনুষ্ঠিত হৈ অহা ডিজিপি সন্মিলনসমূহৰ প্ৰসূত পৰামৰ্শৰাজিক গুৰুত্বসহকাৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰক্ষী বাহিনীক নতুন স্ক্ৰেপেজ নীতিৰ আলোকত তেওঁলোকৰ বাহনৰ মূল্যায়ন কৰিবলৈ কয়। “আৰক্ষীৰ বাহন কেতিয়াও পুৰণি হ’ব নালাগে কিয়নো এইসমূহ ইয়াৰ কাৰ্য্যকাৰিতাৰে জড়িত।”

তেখেতে আমি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগবঢ়া মাত্ৰেকে প্ৰতিটো প্ৰত্যাহ্বান আমাৰ সন্মুখত পৰাভূত হ’ব বুলি দৃঢ়তাৰে কয়। “এই চিন্তন শিৱিৰত সু পৰামৰ্শৰ লগতে এক ৰূপৰেখা অংকন হোৱাৰ আশাৰে আন্তৰিক শুভেচ্ছা জনাইছো”, বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ সম্বোধনৰ সামৰণি মাৰে।

পটভূমি

২০২২ ৰ ২৭ আৰু ২৮ অক্টোবৰত হাৰিয়ানাৰ সুৰজকুণ্ডত এই চিন্তন শিৱিৰ অনুষ্ঠিত হৈছে। ৰাজ্যসমূহৰ গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান (DGP), কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠন (CPO) ৰ সঞ্চালক প্ৰধানসকলেও এই চিন্তন শিৱিৰত অংশগ্ৰহণ কৰে।

গৃহমন্ত্ৰীসকলৰ এই চিন্তন শিৱিৰ অনুষ্ঠিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা পঞ্চ প্ৰাণ অনুসৰি, অভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহত নীতি প্ৰণয়নৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়াস কৰা হৈছে। এক সমবায় মৈত্ৰীতন্ত্ৰৰ মনোভাৱেৰে এই শিৱিৰে কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্য্যায়ৰ ভিন্ন অংশীদাৰৰ মাজত পৰিকল্পনা আৰু সমন্বয়ৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ সঞ্চাৰ কৰিব।

আৰক্ষী বাহিনীৰ আধুনিকীকৰণ, চাইবাৰ অপৰাধ ব্যৱস্থাপনা, অপৰাধমূলক ন্যায় ব্যৱস্থাত আইটিৰ ব্যৱহাৰৰ বৰ্ধন, স্থল সীমাৰ ব্যৱস্থাপনা, উপকূলীয় নিৰাপত্তা, মহিলাৰ সুৰক্ষা আৰু ড্ৰাগছ সৰবৰাহৰ দৰে বিষয়সমূহ এই শিৱিৰত আলোচনা কৰা হ’ব।

***

DS/TS/SB



(Release ID: 1871969) Visitor Counter : 108