প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰাছিলিয়াত ১১ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়ত ব্ৰিকছ বিজনেছ কাউন্সিল আৰু নিউ ডেভেলপমেণ্ট বেংকৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে আলোচনাত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অনুবাদ

Posted On: 15 NOV 2019 1:56PM by PIB Guwahati

সন্মানীয় অধ্যক্ষ, মহামহিমসকল,

ব্ৰিকছ বিজনেছ কাউন্সিল আৰু নিউ ডেভেলপমেণ্ট বেংকৰ সদস্যসকল, এই আলোচনাত যোগদান কৰি মই আনন্দিত হৈছো। ব্ৰিকছ দেশসমূহৰ মাজত ব্যৱহাৰিক সহযোগিতাৰ বাবে এই দুটা ব্যৱস্থা উপযোগী মঞ্চ। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো।

বিশ্বৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আশাৰ ৰেঙনি হৈ পৰিছে ব্ৰিকছ দেশসমূহ। আমাৰ ব্যৱসায়ৰ উদ্ভাৱন আৰু কঠোৰ পৰিশ্ৰম আমাৰ শক্তিৰ উৎস। আজিৰ যুগত প্ৰতিটো ব্যৱসায়িক সুযোগক চিনি পোৱা আৰু তাৰ তৎক্ষণাত সুবিধা লোৱাটো গুৰুত্বপূৰ্ণ।

এই প্ৰসংগত মই কিবা এটা পৰামৰ্শ দিব বিচাৰিছো।

প্ৰথমে, পৰিষদে পৰৱৰ্তী শীৰ্ষ সন্মিলনৰ ভিতৰত ৫০০ বিলিয়ন ডলাৰৰ ইন্ট্ৰা-ব্ৰিক্স বাণিজ্যিক লক্ষ্যত উপনীত হ’বলৈ এক ৰ’ডমেপ তৈয়াৰ কৰে। আমাৰ মাজত অৰ্থনৈতিক পৰিপূৰকতা চিনাক্ত কৰাটো এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ হ’ব।

দ্বিতীয়তে, পাঁচখন দেশত কেইবাটাও এগ্ৰ’-টেক ষ্টাৰ্ট-আপৰ উত্থান ঘটিছে। তেওঁলোকৰ নেটৱৰ্ক অভিজ্ঞতা ভাগ-বতৰা কৰাৰ বাবে আৰু আমাৰ বৃহৎ বজাৰসমূহৰ সুবিধা লোৱাৰ বাবে উপযোগী হ’ব। এই ষ্টাৰ্ট-আপসমূহৰ জৰিয়তে কৃষিক্ষেত্ৰত প্ৰযুক্তি আৰু তথ্য বিশ্লেষণ সঁজুলিৰ ব্যৱহাৰকো উৎসাহিত কৰা হ’ব।

তৃতীয়তে, সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ পৰিষদে ডিজিটেল স্বাস্থ্য প্ৰয়োগৰ ব্যৱহাৰৰ ওপৰত ভাৰতত হেকাথনৰ আয়োজন কৰাৰ কথা চিন্তা কৰিব পাৰে।

চতুৰ্থতে, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে এটা কৰ্মগোটে উত্তম পদ্ধতিৰ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰিব।

ব্ৰিকছ পে, ক্ৰেডিট ৰেটিং এজেন্সী, পুনৰ্বীমা পুল আৰু বীজ বেংক আদি বিষয়ত আগতীয়াকৈ হোৱা অগ্ৰগতিৰ পৰা ব্ৰিকছৰ ব্যৱসায়িক সমাজে ব্যৱহাৰিক সহায়ৰ যথেষ্ট সুবিধা লাভ কৰিব।

নিউ ডেভেলপমেণ্ট বেংক আৰু ব্ৰিকছ বিজনেছ কাউন্সিলৰ মাজত হোৱা অংশীদাৰিত্ব চুক্তি দুয়োটা প্ৰতিষ্ঠানৰ বাবে উপযোগী হ’ব।

আমাৰ অৰ্থনীতিসমূহক বৃহৎ আন্তঃগাঁথনি বিত্তীয় সাহায্যৰ প্ৰয়োজন। মই বিশ্বাস কৰোঁ যে নিউ ডেভেলপমেণ্ট বেংকে এই ক্ষেত্ৰত মূল্যৱান সহায় আগবঢ়াব পাৰে। এন ডি বিৰ দ্বাৰা প্ৰকল্প প্ৰস্তুতি পুঁজি মুকলি কৰাক মই আদৰণি জনাইছো। এনডিবিৰ পৰ্টফলিঅ’ত ব্যক্তিগত খণ্ডৰ প্ৰকল্পৰ উপস্থিতিয়ে বেংকৰ উপস্থিতি বৃদ্ধি কৰিব।

বন্ধুসকল,

মই ব্ৰিকছ দেশসমূহ আৰু এনডিবিক ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ পদক্ষেপত যোগদান কৰিবলৈ অনুৰোধ জনাইছো। দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে পথ প্ৰদৰ্শক নীতি সৃষ্টিৰ ক্ষেত্ৰত এন ডি বিৰ সৈতে কাম কৰি ভাৰতে আনন্দিত হ’ব। ভাৰতত এন ডি বিৰ আঞ্চলিক কাৰ্যালয় স্থাপনৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ হোৱাটো অনুৰোধ জনালোঁ। ইয়াৰ ফলত আমাৰ অগ্ৰাধিকাৰ ক্ষেত্ৰৰ প্ৰকল্পসমূহে এক উত্থান লাভ কৰিব।

বন্ধুসকল,

ভাৰতত ক্ৰমবৰ্ধমান বিনিয়োগৰ সুযোগ আৰু উদ্ভাৱনৰ ইক’ চিষ্টেমৰ সৈতে আপুনি পৰিচিত। আপোনালোক সকলোকে ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত গঢ়াৰ লগতে ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছো।

মহামহিম আৰু বন্ধুসকল,

মই সামৰণিত ক’ম যে কাউন্সিল আৰু এনডিবিৰ সম্পূৰ্ণ সহযোগিতাৰেহে ব্ৰিকছৰ অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ সপোন বাস্তৱায়িত হ’ব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ প্ৰচেষ্টাক ভাৰতে সহযোগিতা আগবঢ়াব।

আপোনাক অশেষ ধন্যবাদ।

***

DS/LP/MS



(Release ID: 1870371) Visitor Counter : 66