প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রথম চতুৰ্ভুজ নেতাসকলৰ ভার্চুৱেল শিখৰ সন্মিলনত প্রধানমন্ত্রীৰ উদ্বোধনী ভাষণ

Posted On: 12 MAR 2021 1:28PM by PIB Guwahati

মাননীয়,

ৰাষ্ট্রপতি বাইডেন,

প্রধানমন্ত্রী মৰিছন আৰু

প্রধানমন্ত্রী ছুগা,

 

আপোনালোকৰ মাজলৈ আহিবলৈ পাই মই আনন্দিত বন্ধুসকল!

এই আমন্ত্রণৰ বাবে মই ৰাষ্ট্রপতি বাইডেনক ধন্যবাদ জনাইছো।

 

মাননীয়সকল,

আমি আমাৰ গণতান্ত্রিক মূল্যবোধ আৰু অবাধ, মুক্ত তথা সুসংহত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে প্রতিশ্রুতিবদ্ধতাৰ কাৰণে ইয়াত একত্রিত হৈছো।

আমাৰ আজিৰ আলোচ্য বিষয়ত প্রতিষেধক, জলবায়ু পৰিৱৰ্তন, প্রযুক্তিৰ ব্যৱহাৰ সহ বিভিন্ন বিষয় আছে।

আমি প্রাচীন ভাৰতৰ দর্শন বসুধৈৱ কুটুম্বকমৰ মাজত সমগ্র বিশ্বক এটা পৰিয়াল বুলি ভাবোঁ।

আমি ঘনিষ্ঠভাৱে একেলগে কাম কৰিম আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা তথা সুস্থিতিৰ বাবে আমাৰ চিন্তা-ভাবনা ভাগ কৰি ল'ম।

আজিৰ এই শিখৰ সম্মিলনৰ পৰা এইটো প্রতিফলিত হৈছে যে কোৱাড সময়ৰ বিচাৰত উত্তীর্ণ হৈছে।

এই অঞ্চলৰ সুস্থিতিৰ বাবে এইটো এটা গুৰুত্বপূর্ণ স্তম্ভ হিচাপে থাকিব।

আপোনালোক সকলোকে ধন্যবাদ।

 

***

 

DS/LP



(Release ID: 1869441) Visitor Counter : 126