প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ১৯ আৰু ২০ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব


প্রধানমন্ত্রীয়ে গুজৰাটত প্রায় ১৫ হাজাৰ ৬৭০ কোটি টকাৰ এলানি প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব

প্রতিৰক্ষা সৰঞ্জাম উৎপাদনৰ ক্ষেত্রত ভাৰতৰ দক্ষতা প্রকাশৰ এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে প্রধানমন্ত্রীয়ে ডেফএক্সপো ২০২২ –ৰ উদ্বোধন কৰিব

প্ৰথমবাৰৰ বাবে কেৱল ভাৰতীয় সংস্থাসমূহৰ দ্বাৰা উৎপাদিত প্রতিৰক্ষা সৰঞ্জাম লৈ প্রদর্শনীৰ আয়োজন কৰা হ'ব

প্রধানমন্ত্রীয়ে ডেফস্পেচ উদ্যোগৰ সূচনা কৰিব, দিশা এয়াৰফিল্ডৰ শিলান্যাস কৰিব আৰু সম্পূর্ণ দেশীয় প্রযুক্তিত নির্মিত প্রশিক্ষণৰ বাবে বিমান এইচটিটি ৪০ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব

প্রধানমন্ত্রীয়ে কেভাডিয়াত মিছন লাইফ –ৰ সূচনা কৰিব

প্রধানমন্ত্রীয়ে কেভাডিয়াত ভাৰতীয় দূতাবাসৰ প্রধানসকলৰ দশম সন্মিলনত অংশগ্রহণ কৰিব

প্রধানমন্ত্রীয়ে ৰাজকোটত ইণ্ডিয়া আর্বান হাউছিং কনক্লেভ ২০২২ –ৰ উদ্বোধন কৰিব; তেওঁ ৫ হাজাৰ ৮৬০ কোটি টকাৰ এলানি প্রকল্পৰ জাতিৰ উদ্দেশ্যে উৎসর্গা আৰু শিলান্যাস কৰিব

প্রধানমন্ত্রীয়ে গুজৰাটত ৪ হাজাৰ ২৬০ কোটি টকাৰ উৎকর্ষ স্কুল মিছন –ৰ সূচনা কৰিব

প্রধানমন্ত্রীয়ে জুনাগড়ত ৩ হাজাৰ ৫৮০ কোটি টকাৰ আৰু ভিয়াৰাত ১ হাজাৰ ৯৭০ কোটি টকাৰ এলানি

Posted On: 18 OCT 2022 10:36AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৯ আৰু ২০ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ভ্ৰমণকালত তেওঁ প্রায় ১৫ হাজাৰ ৬৭০ কোটি টকাৰ এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব।

১৯ অক্টোবৰৰ পুৱা ৯টা ৪৫ মিনিটত প্রধানমন্ত্রীয়ে গান্ধীনগৰত মহাত্মা মন্দিৰ কনভেনশ্যন এণ্ড এক্সিবিছন চেণ্টাৰত ডেফএক্সপো ২২ –ৰ উদ্বোধন কৰিব। তেওঁ আদালাজত দিনৰ ১২টাত উৎকর্ষ স্কুল মিছনৰ সূচনা কৰিব। বিয়লি ৩টা ১৫ মিনিটত জুনাগড়ত এলানি প্রকল্পৰ শিলান্যাস কৰিব। সন্ধ্যে ৬টাত শ্রী মোদীয়ে ৰাজকোটত ইণ্ডিয়া আর্বান হাউছিং কনক্লেভ ২০২২ৰ উদ্বোধন কৰিব আৰু বিভিন্ন গুৰুত্বপূর্ণ প্রকল্প জাতিৰ উদ্দেশ্যে উৎসর্গা আৰু শিলান্যাস কৰিব। ইয়াৰ পাছত, তেওঁ ৰাজকোটত সন্ধ্যা ৭টা ২০ মিনিটত উদ্ভাৱনমূলক নির্মাণ প্রক্রিয়া সংক্রান্তীয় এখন প্রদর্শনীৰ উদ্বোধন কৰিব।

প্রধানমন্ত্রীয়ে ২০ অক্টোবৰৰ পুৱা ৯টা ৪৫ মিনিটত কেভাডিয়াত মিছন লাইফৰ সূচনা কৰিব। দিনৰ ১২টাত তেওঁ বিভিন্ন দেশৰ ভাৰতীয় দূতাবাসৰ প্রধানসকলৰ দশম সন্মিলনত অংশগ্রহণ কৰিব। ইয়াৰপাছত, ভিয়াৰাত ৩টা ৪৫ মিনিটত এলানি প্ৰকল্পৰ শিলান্যাস কৰিব।

 

গান্ধীনগৰত প্রধানমন্ত্রী:

প্রধানমন্ত্রীয়ে ডেফএক্সপো ২০২২ৰ উদ্বোধন কৰিব। এইবাৰৰ এক্সপোৰ মূল ভাবনা গর্বৰ পথত এখোজ বা ‘পাথ টু প্রাইড’। এই প্রথম প্রতিৰক্ষা সৰঞ্জামৰ প্রদর্শনীত সবাতোকৈ বেছি ভাৰতীয় প্ৰতিষ্ঠানসমূহে অংশগ্রহণ কৰিছে। প্রদর্শনীত বিদেশী সংস্থাসমূহৰ অধীনস্থ ভাৰতীয় প্রতিষ্ঠান, ভাৰতত নিবন্ধীকৃত বিভিন্ন সংস্থাৰ শাখা, কোনো ভাৰতীয় প্রতিষ্ঠানৰ সৈতে যৌথ উদ্যোগত গঢ়ি তোলা প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিব। ইয়াৰ আগতে কেৱল ভাৰতীয় প্রতিষ্ঠানক লৈ এনেধৰণৰ প্রদর্শনী হোৱা নাই। ইয়াৰ মাজেৰে প্রতিৰক্ষা ক্ষেত্রত ভাৰতীয় সংস্থাসমূহৰ দক্ষতা আৰু সংশ্লিষ্ট ক্ষেত্রৰ প্রসাৰ ঘটোৱাৰ সুযোগ প্রতিফলিত হ'ব। এক্সপোত ভাৰত পেভিলিয়নৰ সমান্তৰালকৈ, ১০ ৰাজ্যৰ পেভিলিয়ন থাকিব। প্রধানমন্ত্রীয়ে ভাৰত পেভিলিয়নত সম্পূর্ণ দেশীয় প্রযুক্তিত নির্মিত প্রতিৰক্ষা কামত ব্যৱহৃত বিমান এইটিটি ৪০ৰ উদ্বোধন কৰিব। হিন্দুস্তান এৰোনটিক্স লিমিটেডে ইয়াৰ মূল নক্সা তৈয়াৰ কৰিছে। এই বিমানত অত্যাধুনিক বিভিন্ন ব্যৱস্থাপনা আছে আৰু ই চালক-অনুকূল।

অনুষ্ঠানত প্রধানমন্ত্রী মিছন ডেফস্পেচৰ সূচনা কৰিব। বিভিন্ন শিল্প সংস্থা আৰু ষ্টাৰ্টআপসমূহৰ সাহায্যত মহাকাশত প্রতিৰক্ষা বাহিনীৰ বাবে নানা সমস্যাৰ সমাধান এই মিছনৰ মাধ্যমত কৰা হ'ব। শ্রী মোদীয়ে গুজৰাটত দিশা এয়াৰফিল্ডৰো শিলান্যাস কৰিব। দেশৰ সীমান্ত এলেকাৰ লগতে বিমান বাহিনীৰ ঘাঁটিবিলাক অধিক সুৰক্ষিত কৰাৰ উদ্যোগৰ অঙ্গ হিচাপে ইয়াক নির্মাণ কৰা হ'ব।

ইণ্ডিয়া – আফ্রিকা: প্রতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ ক্ষেত্রত প্রয়োজনীয় কৌশলগত ব্যৱস্থা গ্রহণ শীর্ষক বিষয়ত ভাৰত – আফ্রিকা প্রতিৰক্ষা সংক্রান্তীয় দ্বিতীয় আলোচনাচক্র প্রদর্শনী উপলক্ষে অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও, ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত শান্তি, উন্নয়ন, স্থিতাৱস্থা আৰু সমৃদ্ধি নিশ্চিত কৰাৰ বাবে সর্বাঙ্গীন আলোচনা কর্মসূচী ইণ্ডিয়ান ওছিন ৰিজিয়ন প্লাছৰ দ্বিতীয় সন্মিলনো অনুষ্ঠিত হ'ব। প্রধানমন্ত্রীৰ সাগৰ কর্মসূচীৰ সৈতে সংগতি ৰাখিয়েই এই উদ্যোগ গ্ৰহণ কৰা হৈছে। প্রতিৰক্ষা ক্ষেত্রত ব্যৱহৃত সৰঞ্জামৰ উৎপাদক সংস্থাসমূহৰ বাবে প্রথম বিনিয়োগকাৰী সন্মিলনো ইয়াত অনুষ্ঠিত হ'ব। মন্থন ২০২২ কর্মসূচীত বিভিন্ন ষ্টাৰ্টআপ সংস্থাই তেওঁলোকৰ উদ্ভাবিত সামগ্রী প্রদর্শন কৰিব। ইয়াৰ উপৰিও বন্ধন কর্মসূচীৰ আওতাত ৪৫১টা সংস্থাৰ মাজত বুজাবুজি গঢ়ি উঠিব।

প্রধানমন্ত্রীয়ে আদালাজত ত্রিমন্দিৰত উৎকর্ষ স্কুল মিছনৰ সূচনা কৰিব। এই প্রকল্পৰ বাবে ব্যয় ধার্য হৈছে ১০ হাজাৰ কোটি টকা। এই অনুষ্ঠানত শ্রী মোদীয়ে ৪ হাজাৰ ২৬০ কোটি টকাৰ বিভিন্ন প্রকল্পৰ সূচনা কৰিব। ইয়াৰ মাধ্যমত গুজৰাটৰ নতুন নতুন শ্রেণীকক্ষ, স্মার্ট ক্লাছ, কম্প্যুটাৰ গৱেষণাগাৰ নির্মাণ আৰু স্কুলসমূহৰ সার্বিক পৰিকাঠামোৰ মানোন্নয়ন ঘটোৱা হ'ব।

 

জুনাগড়ত প্রধানমন্ত্রী:

প্রধানমন্ত্রীয়ে জুনাগড়ত প্রায় ৩ হাজাৰ ৫৮০ কোটি টকাৰ এলানি উন্নয়নমূলক প্রকল্পৰ শিলান্যাস কৰিব।

তেওঁ উপকূল অঞ্চলৰ যিবোৰ স্থানত যোগাযোগ ব্যৱস্থা গঢ়ি উঠা নাই, সেইবোৰক যুক্ত কৰি ঘাইপথৰ মানোন্নয়ন কর্মসূচীৰ শিলান্যাস কৰিব। এই প্রকল্পৰ প্রথম পর্বত ১৩খন জিলাত মুঠ ২৭০ কিলোমিটাৰ পথৰ মানোন্নয়ন ঘটোৱা হ'ব।

প্রধানমন্ত্রীয়ে জুনাগড়ত ২টা জল সৰবৰাহ প্রকল্পৰ আৰু কৃষিপণ্য মজুত ৰখাৰ বাবে গুদামঘৰ নির্মাণপ্রকল্পেৰ শিলান্যাস কৰিব। পোৰবন্দৰত তেওঁ মাধবপুৰৰ শ্রীকৃষ্ণ ৰুক্মিনী মন্দিৰৰ সার্বিক উন্নয়ন প্রকল্পৰ শিলান্যাস কৰিব। তেওঁ পোৰবন্দৰৰ মৎস্য বন্দৰৰ পলি তোলা, জল সৰবৰাহ আৰু পয়ঃনিকাশি ব্যৱস্থাৰ শিলান্যাস কৰিব। গিৰ সোমনাথত শ্রী মোদীয়ে মাধওয়াড়ত এটা মৎস্য বন্দৰ গঢ়ি তোলা সহ ২টা উন্নয়নমূলক প্রকল্পৰ শিলান্যাস কৰিব।

 

ৰাজকোটত প্রধানমন্ত্রী:

প্রধানমন্ত্রীয়ে ৰাজকোটত ৫ হাজাৰ ৮৬০ কোটি টকাৰ এলানি প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব। তেওঁ ইণ্ডিয়া আর্বান হাউছিং কনক্লেভ ২০২২ৰ উদ্বোধন কৰিব। ভাৰতীয় আৱাসন শিল্পৰ পৰিকল্পনা, নক্সা তৈয়াৰ, নীতি প্রণয়ন, দায়বদ্ধতা সহ বিভিন্ন বিষয় সন্দৰ্ভত ইয়াত আলোচনা হ'ব। এই অনুষ্ঠানৰ পিছত তেওঁ নির্মাণ শিল্পৰ বিভিন্ন উদ্ভাৱনমূলক উদ্যোগ সংক্রান্তীয় প্রদর্শনীৰো উদ্বোধন কৰিব।

এখন জনসমাৱেশত শ্রী মোদীয়ে লাইট হাউছ প্রকল্পৰ আওতাত নির্মিত ১ হাজাৰ ১০০ৰো বেছি গৃহ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। সেই অনুষ্ঠানতে তেওঁ সংশ্লিষ্ট সুবিধাভোগীসকলৰ হাতত ঘৰৰ চাবি তুলি দিব। ইয়াৰ উপৰিও, নর্মদা কেনেল পাম্পিং ষ্টেচনত দ্বিতীয় ব্রাহ্মনী জলাধাৰৰ পৰা মোৰবি বাল্ক পাইপলাইন প্রকল্পটো জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। ইয়াৰ উপৰিও, তেওঁৰ আঞ্চলিক বিজ্ঞান কেন্দ্র, উড়ালপুল, সেতু সহ পথ সংক্রান্তীয় বিভিন্ন প্রকল্পও উদ্বোধনৰ কথা আছে।

প্রধানমন্ত্রীয়ে গুজৰাটত ২৭ নম্বৰ জাতীয় পথৰ চাৰিলেনৰ ৰাজকোট – গোণ্ডাল – জেটপুৰ শাখাটো ছয় লেনলৈ উন্নীত কৰাৰ প্রকল্পটোৰ শিলান্যাস কৰিব। ইয়াৰ উপৰিও, মোৰবি, ৰাজকোট, বোতাদ, জামনগৰ আৰু কচ্ছত জিআইডিচি ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ বিভিন্ন প্রকল্পৰ শিলান্যাস কৰিব। এইসমূহ নির্মাণত ব্যয় হ'ব ২ হাজাৰ ৯৫০ কোটি টকা। অন্যান্য যিবোৰ প্রকল্পৰ ৰাজকোটত শিলান্যাস হ'ব, তাৰ মাজত আছে – আমূলৰ গাধকায় দুগ্ধ উৎপাদন কেন্দ্র, ৰাজকোটত ইণ্ডোৰ স্পোর্টছ কমপ্লেক্স, ২টা জল সৰবৰাহ প্রকল্প সহ পথ আৰু ৰে'লপথৰ এলানি প্রকল্প।

 

কেভাডিয়াত প্রধানমন্ত্রী:

প্রধানমন্ত্রীয়ে ৰাষ্ট্রসংঘৰ মহাসচিব শ্রী আন্তোনিয় গুতাৰেজৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰিব। ইয়াৰ পাছত, একতানগৰত ষ্টেচ্যু অফ ইউনিটিত শ্রী গুতাৰেজৰ উপস্থিতিত মিছন লাইফৰ সূচনা কৰা হ'ব। পৰিবেশ ৰক্ষা আৰু সংৰক্ষণৰ বাবে ভাৰতৰ নেতৃত্বত আন্তর্জাতিক স্তৰত এক গণআন্দোলনৰ যি পৰিকল্পনা প্রধানমন্ত্রীয়ে কৰিছে, সেয়া এই মিছনৰ মাধ্যমত বাস্তবায়িত হ'ব।

সুস্থায়ী এটা ব্যৱস্থাৰ দিশত আমাৰ সার্বিক উদ্যোগৰ মাজেৰে প্রয়োজনীয় পৰিৱর্তন অনাই মিছন লাইফৰ উদ্দেশ্য। এই ক্ষেত্রত ৩টা উদ্যোগ লোৱা হ'ব। প্রথমতে, চাহিদা সৃষ্টিৰ বাবে ব্যক্তি-বিশেষক তেওঁলোকৰ দৈনন্দিন জীৱনত পৰিবেশ-বান্ধব বিভিন্ন আচৰণত উৎসাহিত কৰা হ'ব। দ্বিতীয়তে, সৰবৰাহ ব্যৱস্থাৰ বাবে শিল্প সংস্থাসমূহক চাহিদাৰ পৰিৱর্তন অনুযায়ী, প্রয়োজনীয় ব্যৱস্থা গ্রহণত সাহায্য কৰা হ'ব। তৃতীয়তে, সুস্থায়ীভাবে উৎপাদন আৰু বিভিন্ন সামগ্রী ব্যৱহাৰৰ বাবে চৰকাৰক প্রভাবিত কৰা। ইয়াৰ মাজেৰে প্রয়োজনীয় শিল্প নীতি প্রণয়ন কৰা যাব।

শ্রী মোদীয়ে বিভিন্ন দেশত থকা ভাৰতীয় দূতাবাসসমূহৰ প্রধানসকলৰ দশম সন্মিলনত অংশগ্রহণ কৰিব। বিদেশ মন্ত্ৰালয়ে কেভাডিয়াত ২০ৰ পৰা ২২ অক্টোবৰত এই সন্মিলনৰ আয়োজন কৰিছে। তেওঁ দিনব্যাপী এই সন্মিলনত ১১৮টা ভাৰতীয় দূতাবাসৰ প্রধানসকলৰে ২৩খন অধিবেশনত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব। ইয়াৰ ভিতৰত বর্তমান বিশ্বজুৰি ৰাজনৈতিক পৰিস্থিতি, অর্থনৈতিক অৱস্থা, যোগাযোগ ব্যৱস্থা ভাৰতৰ বিদেশ নীতিত অগ্রাধিকাৰপ্রাপ্ত বিষয় সহ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হ'ব। দূতাবাসসমূহৰ প্রধানসকলে তেওঁলোকৰ নিজ নিজ ৰাজ্য ভ্ৰমণ কৰিছে। ভ্ৰমণকালত উচ্চাকাঙ্খী জিলা, এক জিলা – এক পণ্য, অমৃত সৰোবৰ মিছন সহ বিভিন্ন ফ্লেগশিপ প্রকল্পৰ বিষয়ে তেওঁলোকে অভিজ্ঞতা সঞ্চয় কৰিছে।

 

ভিয়াৰাত প্রধানমন্ত্রী:

প্রধানমন্ত্রীয়ে তাপিৰ ভিয়াৰাত ১৯৭০ কোটি টকাৰ এলানি উন্নয়নমূলক প্রকল্পৰ শিলান্যাস কৰিব। তেওঁ সাপুতাৰাৰ পৰা ষ্টেচ্যু অফ ইউনিটিৰ মাজত সংযোগ ৰক্ষাকাৰী পথ, তাপি আৰু নর্মদা জিলাত বিভিন্ন জল প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব।

 

***

 

DS/SH



(Release ID: 1869128) Visitor Counter : 105