প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ছুইডেন ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী মন্তব্যৰ ইংৰাজী অনুবাদ

Posted On: 05 MAR 2021 1:16PM by PIB Guwahati

নমস্কাৰ মহামহিম!

প্ৰথমতে ক’ভিড-১৯ৰ ফলত ছুইডেনত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। কালি ছুইডেনত সংঘটিত হোৱা হিংসাত্মক আক্ৰমণৰ বাবেমই সকলো ভাৰতীয় নাগৰিকৰ হৈ ছুইডেনৰ জনসাধাৰণৰ সৈতে সমমৰ্মিতা প্ৰকাশ কৰিব বিচাৰিছো। আক্ৰমণত আহত সকলসোনকালে আৰোগ্য হৈ উঠাৰআশা কৰিলো।

মহামহিম,

২০১৮ চনত ছুইডেনে প্ৰথম ভাৰত-নৰ্ডিক সন্মিলনৰ আয়োজন কৰিছিল।সেই সময়ত মই ষ্টকহোম ভ্ৰমণ কৰাৰ সুযোগ পাইছিলোঁ। আশাকৰোঁ শীঘ্ৰেই দ্বিতীয়খন ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত আমি পুনৰ লগ পোৱাৰ সুযোগ পাম। ২০১৯ চনত মহামহিম ৰজা আৰু মহামহিমৰ ভাৰত ভ্ৰমণ আমাৰ বাবে এক বৃহৎ সৌভাগ্য আছিল। বহু বিষয়ত তেওঁলোকৰ লগত বহুত ভাল আলোচনা হৈছিল। মোৰ মনত আছে যে মহামহিম আৰু মই শক্তি কেন্দ্ৰত ব্যৱহাৰৰ বাবে শস্যৰ ডালবোৰ ব্ৰিকেটলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত হোৱা সহযোগিতাৰ পৰ্যালোচনা কৰিছিলোঁ। আপুনি জানি আনন্দিত হ’ব যে প্ৰদৰ্শনী প্লাণ্টটো ভালদৰে চলি আছে। এতিয়া আমি ইয়াক জৈৱবস্তুক কয়লালৈ ৰূপান্তৰিত কৰাৰ বাবে স্কেল আপ কৰিব পাৰো।

মহামহিম,

ক’ভিড-১৯ৰ সময়ছোৱাত আমি আঞ্চলিক আৰু বিশ্ব উভয় পৰ্যায়তে সহযোগিতাৰ গুৰুত্ব স্বীকাৰ কৰিছো৷ ভাৰতে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত বিশ্ববাসীক সহায় কৰিছিল, ১৫০ খনতকৈও অধিক দেশলৈ ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সা-সৰঞ্জাম যোগান ধৰিছিল। আমি অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এছিয়া, দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মী আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতেও আমাৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিলোঁ। আমি এতিয়ালৈকে প্ৰায় ৫০ খন দেশলৈ ‘মেড ইন ইণ্ডিয়া’ ভেকচিনো যোগান ধৰিছো। আৰু আগন্তুক দিনত আমি আৰু বহু দেশলৈ ভেকচিন যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মহামহিম,

সকলো সমমনা দেশৰ মাজত সমন্বয়, সহযোগিতা আৰু সহযোগিতা আজিৰ পৰিৱেশত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। গণতন্ত্ৰ, মানৱ অধিকাৰ, আইনৰ শাসন, সমতা, স্বাধীনতা, ন্যায়ৰ দৰে ভাগ-বতৰা কৰা মূল্যবোধে আমাৰ সম্পৰ্ক আৰু পাৰস্পৰিক সহযোগিতাক শক্তিশালী কৰে। জলবায়ু পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ বিষয়টো আমাৰ দুয়োৰে বাবে অগ্ৰাধিকাৰ আৰু আমি ইয়াৰ ওপৰত যৌথভাৱে কাম কৰিব বিচাৰিম। ভাৰতীয় সংস্কৃতিত পৰিৱেশ সুৰক্ষা আৰু প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে জীৱন যাপনক সদায় গুৰুত্ব প্ৰদান কৰি আহিছে.

পেৰিছ চুক্তিত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ওপৰত আমি ক্ৰমাগতভাৱে আগবাঢ়িছো। আমি কেৱল এই লক্ষ্যত উপনীত হোৱাই নহয়, অতিক্ৰম কৰিম। জি-২০ দেশসমূহৰ ভিতৰত হয়তো কেৱল ভাৰতেহে নিজৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভাল অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা পাঁচ বছৰত আমাৰ নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতা ১৬২% বৃদ্ধি পাইছে। আৰু আমি ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নবীকৰণযোগ্য শক্তি স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।এল ই ডি লাইটৰ ব্যৱহাৰক প্ৰসাৰিত কৰি আমি ৩ কোটি টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰাহি কৰিছো। ছুইডেনে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত যোগদান কৰাৰ ঘোষণাক আমি আদৰণি জনাইছো। আমি আপোনালোকক অতি সোনকালে ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰত যোগদান কৰিবলৈও আমন্ত্ৰণ জনাইছো।

মহামহিম,

ভাৰত-ছুইডেনৰ অংশীদাৰিত্বই ক’ভিড-পৰৱৰ্তী স্থিতিশীলতা আৰু আৰোগ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আমি উদ্ভাৱন, প্ৰযুক্তি, বিনিয়োগ, ষ্টাৰ্ট-আপ আৰু গৱেষণাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু অধিক গভীৰ কৰিব পাৰো। স্মাৰ্ট চিটি, পানী পৰিশোধন, আৱৰ্জনা ব্যৱস্থাপনা, চক্ৰীয় অৰ্থনীতি, স্মাৰ্ট গ্ৰীড, ই-মবিলিটি, ডিজিটেল ৰূপান্তৰ আদিও পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ভাল সম্ভাৱনা আছে। মই নিশ্চিত যে আজি আমাৰ ভাৰ্চুৱেল ছামিটে আমাৰ সহযোগিতাত নতুন মাত্ৰা যোগ কৰিব.

মহামহিম,

ছুইডেনৰ নাগৰিকৰ সৈতে ভাৰতৰ মহান বন্ধুত্বৰ কথা মনত পেলাই এতিয়া আপোনালোকৰ মুকলি ভাষণৰ বাবে আমন্ত্ৰণ জনালো।

***

DS/LP



(Release ID: 1869124) Visitor Counter : 114