প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন ২০২২ উদ্বোধন কৰে


৬০০ টা প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা - এক ৰাষ্ট্ৰ এক সাৰ মুকলি

ভাৰত ইউৰিয়া বেগ মুকলি

১৬,০০০ কোটি টকাৰ পিএম-কিষাণ পুঁজি মুকলি কৰে

৩.৫ লাখ সাৰৰ খুচুৰা দোকান পৰ্যায়ক্ৰমে প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হ'ব; কৃষকসকলৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব

"প্ৰযুক্তি-আধাৰিত আধুনিক কৃষি কৌশল গ্ৰহণ কৰাটো সময়ৰ আহ্বান"

"যোৱা ৭-৮ বছৰত ৭০ লাখ হেক্টৰতকৈও অধিক ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে"

"১.৭৫ কোটিতকৈও অধিক কৃষক আৰু ২.৫ লাখ ব্যৱসায়ীক ই-এনএএম-ৰ সৈতে সংযুক্ত কৰা হৈছে। ই-এনএএম-ৰ জৰিয়তে লেনদেন ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে"

Posted On: 17 OCT 2022 2:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন ২০২২ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত ৬০০খন প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (পিএমকেএছকে) উদ্বোধন কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা- এক ৰাষ্ট্ৰ এক সাৰ মুকলি কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (পিএম-কিষাণ) অধীনত দ্বাদশ কিস্তিৰ পৰিমাণ ১৬,০০০ কোটি টকা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে কৃষি ষ্টাৰ্টআপ কনক্লেভ আৰু প্ৰদৰ্শনীও উদ্বোধন কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে সাৰ সম্পৰ্কীয় ই-আলোচনী 'ইণ্ডিয়ান এডজ'ৰ শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ষ্টাৰ্টআপ প্ৰদৰ্শনীৰ থীম পেভিলিয়ন পৰিদৰ্শন কৰে আৰু প্ৰদৰ্শিত সামগ্ৰীবোৰ প্ৰত্যক্ষ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু জয় অনুসন্ধানৰ উপস্থিতিক এটা ভিত্তিত স্বীকাৰ কৰি আৰম্ভ কৰে আৰু কয় যে আমি আজি ইয়াত এই মন্ত্ৰৰ জীৱন্ত ৰূপ দেখিবলৈ পাওঁ। তেওঁ লগতে কয় যে কৃষকসকলৰ জীৱন সহজ কৰি তোলা, তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি কৰা আৰু উন্নত কৃষি কৌশলৰ প্ৰচাৰ কৰাৰ বাবে কিষাণ সন্মিলন হৈছে এক মাধ্যম।

"আজি ৬০০ত কৈও অধিক প্ৰদান মন্ত্ৰী সমৃদ্ধি কেন্দ্ৰ উদ্বোধন কৰা হৈছে", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে বৰ্ণনা কৰে যে এই কেন্দ্ৰসমূহ কেৱল সাৰৰ বিক্ৰী কেন্দ্ৰ নহয়, দেশৰ কৃষকসকলৰ সৈতে এক গভীৰ সম্পৰ্ক স্থাপনৰ এক প্ৰণালী। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (পিএম-কিষাণ) নতুন কিস্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো মধ্যস্থতাকাৰীক অন্তৰ্ভুক্ত নকৰাকৈ এই ধন পোনপটীয়াকৈ কৃষকসকলৰ একাউণ্টত প্ৰদান কৰা হৈছে। "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হিচাপে কোটি কোটি কৃষক পৰিয়ালক ১৬,০০০ কোটি টকাৰ আন এটা কিস্তিও মুকলি কৰা হৈছে", শ্ৰী মোদীয়ে লগতে কয় যে এই কিস্তি দেৱালীৰ ঠিক আগতে কৃষকসকলৰ ওচৰলৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা- এক ৰাষ্ট্ৰ এক সাৰো মুকলি কৰা হৈছে যি হৈছে কৃষকসকলৰ বাবে ভাৰত ব্ৰেণ্ডযুক্ত সুলভ মানদণ্ডৰ সাৰ নিশ্চিত কৰাৰ এক আঁচনি।

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পূৰ্বৰ সময়ৰ কথা স্মৰণ কৰে যেতিয়া কৃষকসকলে সমস্যাগ্ৰস্ত কৃষি খণ্ড আৰু ইউৰিয়াৰ ক'লা বিপণনৰ সৈতে মোকাবিলা কৰিব লগা হৈছিল, প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলে তেওঁলোকৰ সঠিক দাবী উত্থাপন কৰিবলৈ লাঠিৰ মাৰ ভুগিব লগা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ইউৰিয়াৰ ক'লা বিপণনক ১০০% নিমৰ সৈতে মোকাবিলা কৰিছে। তেওঁ লগতে কয়, "আমি দেশৰ ৬টা সৰ্ববৃহৎ ইউৰিয়া কাৰখানা পুনৰ আৰম্ভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছো, যিবোৰ বছৰ বছৰ ধৰি বন্ধ আছিল"।

পৰিশ্ৰমী কৃষকসকলক যথেষ্ট লাভান্বিত কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতে তৰল নেনো ইউৰিয়া উৎপাদনৰ ক্ষেত্ৰত দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে। শ্ৰী মোদীয়ে উল্লেখ কৰে, "নেনো ইউৰিয়া হৈছে কম খৰচত অধিক উৎপাদন কৰাৰ এক মাধ্যম।" ইয়াৰ লাভালাভৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইউৰিয়াৰে ভৰ্তি বস্তা এটাৰ সলনি এতিয়া নেনো ইউৰিয়াৰ এটা বটল ল’ব পাৰি। তেওঁ কয় যে ইউৰিয়াৰ পৰিবহণ ব্যয় যথেষ্ট হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাৰ সংস্কাৰৰ কাহিনীত দুটা নতুন পদক্ষেপৰ কথা উল্লেখ কৰে। প্ৰথমতে, প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ হিচাপে সমগ্ৰ দেশত ৩.২৫ লাখতকৈও অধিক সাৰৰ দোকান বিকশিত কৰাৰ বাবে আজি এক অভিযান আৰম্ভ কৰা হৈছে। এইবোৰ এনেধৰণৰ কেন্দ্ৰ হ'ব য'ত কৃষকসকলে কেৱল সাৰ আৰু বীজ ক্ৰয় কৰাই নহয় বৰঞ্চ ভূমি পৰীক্ষা কাৰ্যকৰী কৰিব পাৰে আৰু কৃষি কৌশলৰ বিষয়ে উপযোগী তথ্য লাভ কৰিব পাৰে। দ্বিতীয়তে, এক ৰাষ্ট্ৰ, এক সাৰৰ সৈতে, কৃষকজনে সাৰৰ মানদণ্ড আৰু ইয়াৰ উপলব্ধতা সম্পৰ্কে সকলো ধৰণৰ বিভ্ৰান্তিৰ পৰা পৰিত্ৰাণ পাব। "এতিয়া দেশত বিক্ৰী হোৱা ইউৰিয়া একে নামৰ, একে ব্ৰেণ্ড আৰু একে মানদণ্ডৰ হ'ব আৰু এই ব্ৰেণ্ডটো হৈছে ভাৰত! এতিয়া সমগ্ৰ দেশতে কেৱল 'ভাৰত' ব্ৰেণ্ড নামৰ অধীনতহে ইউৰিয়া উপলব্ধ হ'ব", শ্ৰী মোদীয়ে এইবুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে ইয়াৰ ফলত সাৰৰ ব্যয় হ্ৰাস হ'ব আৰু সেইবোৰৰ উপলব্ধতা বৃদ্ধি হ'ব।

প্ৰযুক্তি-আধাৰিত আধুনিক কৃষি কৌশল গ্ৰহণৰ বাবে সময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি কৃষিক্ষেত্ৰত নতুন ব্যৱস্থা গঢ়ি তুলিব লাগিব, মুক্ত মনেৰে অধিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পদ্ধতি গ্ৰহণ কৰিব লাগিব। এই চিন্তাধাৰাৰ দ্বাৰা আমি কৃষিক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি বৃদ্ধি আৰু প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এতিয়ালৈকে ২২ কোটি ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ কৰা হৈছে আৰু সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ বীজ প্ৰদানৰ বাবে বৈজ্ঞানিক প্ৰচেষ্টা চলি আছে। "যোৱা ৭-৮ বছৰত পৰিৱৰ্তিত জলবায়ু পৰিস্থিতিৰ বাবে উপযুক্ত প্ৰায় ১৭০০ নতুন প্ৰকাৰৰ বীজ কৃষকসকলৰ বাবে উপলব্ধ কৰা হৈছে", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে বিশ্বস্তৰত বাজৰাৰ বৰ্ধিত কৌতূহলৰ কথাও উল্লেখ কৰে। তেওঁ কয়, "আজি দেশত আমাৰ ওচৰত থকা পৰম্পৰাগত মোটা শস্য-বাজৰাৰ বীজৰ মানদণ্ড বৃদ্ধি কৰাৰ বাবে বহুতো কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে।" সমগ্ৰ বিশ্বতে ভাৰতৰ মোটা শস্যক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী বৰ্ষক আন্তৰ্জাতিক মোটা খাদ্যশস্য বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে জলসিঞ্চনৰ বাবে নিৰ্বিচাৰ পৰিমাণৰ পানী ব্যৱহাৰ নকৰিবলৈ সতৰ্ক কৰি দিয়ে আৰু প্ৰতিটো টোপাল অধিক শস্য, ক্ষুদ্ৰ জলসিঞ্চন আৰু ড্ৰিপ জলসিঞ্চনৰ দিশত চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। যোৱা ৭-৮ বছৰত ৭০ লাখ হেক্টৰতকৈও অধিক ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰাকৃতিক কৃষিক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভৱিষ্যতৰ প্ৰত্যাহ্বান সমাধানৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আমি আজি সমগ্ৰ দেশতে যথেষ্ট সজাগতাৰ অভিজ্ঞতা লাভ কৰিছো। কৃষকসকলে গুজৰাট, হিমাচল প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ লগতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডত প্ৰাকৃতিক কৃষিৰ বাবে বৃহৎ পৰিমাণে কাম কৰি আছে। গুজৰাটত, জিলা আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়তো ইয়াৰ বাবে পৰিকল্পনা কৰা হৈছে।

প্ৰধানমন্ত্ৰী-কিষাণৰ পৰিৱৰ্তনশীল পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হৈছে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা ক্ষুদ্ৰ কৃষকসকলে কেনেদৰে লাভান্বিত হয় তাৰ এক উদাহৰণ। "এই আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ২ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। দেশৰ ৮৫ শতাংশতকৈ অধিক কৃষক ক্ষুদ্ৰ কৃষকৰ বাবে এয়া এক বৃহৎ সমৰ্থন", তেওঁ কয়।

"আজি আমাৰ কৃষকসকলৰ বাবে 'জীৱনধাৰণৰ সহজতা' নিশ্চিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "উন্নত আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি আমি খেতি পথাৰ আৰু বজাৰৰ মাজৰ দূৰত্বও হ্ৰাস কৰিছো।" ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে ক্ষুদ্ৰ কৃষক, যি ফল, পাচলি, গাখীৰ আৰু মাছৰ দৰে পচনশীল সামগ্ৰীৰ সৈতে সম্পৰ্কিত। কিষাণ ৰেল আৰু কৃষি উদান বিমান সেৱাই ইয়াত যথেষ্ট সহায় কৰিছে। এই আধুনিক সুবিধাসমূহে আজি কৃষকৰ ক্ষেত্ৰসমূহক সমগ্ৰ দেশৰ মুখ্য চহৰ আৰু বিদেশৰ বজাৰৰ সৈতে সংযোগ কৰিছে। তেওঁ জনায় যে কৃষিজাত ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ ১০ খন দেশৰ ভিতৰত আছে। বিশ্বব্যাপী মহামাৰীৰ সমস্যা স্বত্বেও কৃষি ৰপ্তানি ১৮ শতাংশ বৃদ্ধি পাইছে। ক্ষেত্ৰ-নিৰ্দিষ্ট ৰপ্তানিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এক জিলা এক সামগ্ৰী আঁচনিৰ অধীনত এই পদক্ষেপসমূহক সমৰ্থন কৰা হৈছে আৰু জিলা পৰ্যায়ত ৰপ্তানি কেন্দ্ৰ স্থাপন কৰা হৈছে। একেদৰে, সংসাধিত খাদ্যই কৃষকসকলৰ বাবে অধিক উপাৰ্জন লাভ কৰিছে। বৃহৎ খাদ্য উদ্যানৰ সংখ্যা ২ ৰ পৰা ২৩ লৈ বৃদ্ধি পাইছে। একে সময়তে এফপিঅ' আৰু এছএইচজিসমূহএই উদ্যানসমূহৰ সৈতে সংযুক্ত হৈ আছে। ই-এনএএম-য়ে কৃষকসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। ই-এনএএম-য়ে কৃষকসকলক প্ৰযুক্তিৰ ব্যৱহাৰেৰে দেশৰ যিকোনো বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম কৰি তুলিছে। "১.৭৫ কোটিতকৈও অধিক কৃষক আৰু ২.৫ লাখ ব্যৱসায়ীক ই-এনএএম-ৰ সৈতে সংযুক্ত কৰা হৈছে। ই-এনএএমৰ জৰিয়তে লেনদেন ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে", তেওঁ জনায়।

দেশৰ কৃষি খণ্ডত বৰ্ধিত সংখ্যক ষ্টাৰ্টআপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ই খণ্ড আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে ভাল হৈছে। "ষ্টাৰ্টআপ আৰু অভিনৱ যুৱচাম হৈছে ভাৰতীয় কৃষি আৰু ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ ভৱিষ্যত। ব্যয়ৰ পৰা পৰিবহণলৈকে, আমাৰ ষ্টাৰ্টআপবোৰৰ প্ৰতিটো সমস্যাৰ সমাধান আছে", শ্ৰী মোদীয়ে কয়।

আত্মনিৰ্ভৰতাৰ ওপৰত নিৰন্তৰে গুৰুত্ব দিয়াৰ কাৰণসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খোৱা তেল, সাৰ আৰু খাৰুৱা তেলৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ বাবে বৃহৎ বিত্তীয় পৰিসৰ আৰু বিশ্বব্যাপী পৰিস্থিতি আছে যি যোগানক প্ৰভাৱিত কৰে। তেওঁ ডিএপি আৰু অন্যান্য সাৰৰ উদাহৰণ দিয়ে, যাৰ মূল্য অত্যাধিক বৃদ্ধি পাইছে আৰু ভাৰতে প্ৰতি কিলোগ্ৰামত ৭৫-৮০ টকা হাৰত ইউৰিয়া ক্ৰয় কৰিব লগা হয়, যদিও ইয়াক কৃষকসকলক প্ৰতি কিলোগ্ৰামত ৫-৬ টকাত যোগান ধৰা হয়। শ্ৰী মোদীয়ে লগতে কয় যে এই বছৰো কৃষকসকলৰ বাবে সুলভ সাৰ নিশ্চিত কৰাৰ বাবে চৰকাৰে ২.৫ লাখ কোটি টকা ব্যয় কৰিব, তেওঁ কয়। তেওঁ খাৰুৱা তেল আৰু গেছৰ ক্ষেত্ৰত বিদেশী নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে জৈৱ-ইন্ধন আৰু ইথানল সম্পৰ্কীয় পদক্ষেপৰ কথা উল্লেখ কৰে।

ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ কৃষকসকলক মিছন অইল পামৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় যিটো খোৱা তেল খণ্ডত আত্মনিৰ্ভৰতা লাভ কৰাৰ দিশত এক পদক্ষেপ। তেওঁ লগতে কয় যে তৈল বীজৰ উৎপাদন বৃদ্ধি কৰি ভাৰতে খোৱা তেলৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে। "আমাৰ কৃষকসকল এই ক্ষেত্ৰত অধিক সক্ষম", শ্ৰী মোদীয়ে লগতে কয়। ২০১৫ চনত মাহজাতীয় শস্য উৎপাদন সন্দৰ্ভত তেওঁৰ আহ্বানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে দাইল উৎপাদনৰ ৭০% বৃদ্ধিত আনন্দ প্ৰকাশ কৰে আৰু কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰে। "আমি আজাদী কা অমৃত মহোৎসৱত কৃষিক আকৰ্ষণীয় আৰু সমৃদ্ধ কৰি তুলিম", প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয় আৰু সকলো কৃষক আৰু ষ্টাৰ্টআপৰ বাবে শুভকামনা জনাই ভাষণ সমাপ্ত কৰে।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰ, কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্য, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী শোভা কাৰান্দলাজে আৰু শ্ৰী কৈলাশ চৌধুৰী আৰু কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভগৱন্ত খুবা এই অনুষ্ঠানত উপস্থিত আছিল।

***

DS/TS/MANN



(Release ID: 1868713) Visitor Counter : 160