প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ উনাত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে


প্ৰধানমন্ত্ৰীয়ে উনা আইআইআইটি ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰে

"বাল্ক ড্ৰাগ পাৰ্ক আৰু বন্দে ভাৰত ৰেল হৈছে হিমাচল প্ৰদেশৰ প্ৰতি আমাৰ মৰম আৰু সমৰ্পণৰ প্ৰতীক"

"সমগ্ৰ হিমাচল প্ৰদেশত ৰে'ল যোগাযোগ উন্নত কৰিবলৈ ডাবল ইঞ্জিন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ"

"নৱ ভাৰতে অতীতৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিছে আৰু দ্ৰুতগতিত আগবাঢ়িছে"

"আমাৰ চৰকাৰে একবিংশ শতিকাৰ ভাৰতৰ আশা-আকাংক্ষা পূৰণ কৰি আছে"

"পূৰ্বে হিমাচলক ইয়াৰ সামৰ্থ্যৰ বাবে কমকৈ আৰু ইয়াৰ সংসদীয় আসনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি অধিক গুৰুত্ব দিয়া হৈছিল"

"আমি কেৱল পূৰ্বৰ চৰকাৰসমূহে এৰি যোৱা উন্নয়নৰ ঘাটি পূৰণ কৰাই নহয়, ৰাজ্যখনৰ ভেটিৰ শক্তিশালী স্তম্ভও নিৰ্মাণ কৰি আছোঁ"

"সমগ্ৰ বিশ্বই হিমাচল প্ৰদেশত নিৰ্মিত ঔষধৰ শক্তি প্ৰত্যক্ষ কৰিছে"

"হিমাচলক আইআইটি, আইআইআইটি আইআইএম আৰু এইমছ লাভ কৰিবলৈ ডাবল ইঞ্জিন চৰকাৰৰ বাবে অপেক্ষা কৰিব লগা হৈছিল"

"মই বিশ্বাস কৰোঁ যে আজাদী কা অমৃত মহোৎসৱত হিমাচলৰ বিকাশৰ সোণালী সময় আৰম্ভ হ'বলৈ ধৰিছে"

Posted On: 13 OCT 2022 11:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি  ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইআইটি) উনাক ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীয়ে উনাৰ অম্ব আন্দৌৰাৰ পৰা নতুন দিল্লীলৈ নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী যাত্ৰাৰো শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতে গুৰু নানক দেৱজী, শিখ ধৰ্মৰ গুৰুসকল আৰু মা চিন্তপুৰ্ণীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ধনতেৰাছ আৰু দেৱালীৰ পূৰ্বে হিমাচল প্ৰদেশৰ বাবে উপহাৰ প্ৰদান কৰি আনন্দ প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সন্দৰ্ভত মন্তব্য কৰে।  তেওঁ কয় যে মা চিন্তপুৰ্ণীৰ সন্মুখত মূৰ দোৱাবলৈ পোৱাটো তেওঁৰ বাবে যথেষ্ট সৌভাগ্যৰ কথা।

প্ৰধানমন্ত্ৰীয়ে ঔদ্যোগিকৰণৰ বাবে আজিৰ দিনটো এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে আৰু তেওঁৰ এই ৰাজ্যখন ভ্ৰমণৰ মূল লক্ষ্য যোগাযোগ আৰু শিক্ষা বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, "আজি উনাত দেশৰ দ্বিতীয় বৃহৎ বাল্ক ড্ৰাগ পাৰ্কৰ কাম আৰম্ভ হৈছে। আজি হিমাচল প্ৰদেশত বিভিন্ন প্ৰকল্প উদ্বোধন কৰা হৈছে বা সেইসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। এইবোৰে জনসাধাৰণক যথেষ্ট উপকৃত কৰিব"। প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলক বাল্ক ড্ৰাগ পাৰ্ক নিৰ্মাণৰ বাবে বাছনি কৰা হৈছে। তেওঁ কয়, "বাল্ক ড্ৰাগ পাৰ্কৰ বাবে মাত্ৰ তিনিখন ৰাজ্যৰ অন্যতম হিচাপে হিমাচল প্ৰদেশ নিৰ্বাচিত হোৱাটো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ই ৰাজ্যখনৰ প্ৰতি আমাৰ মৰম আৰু অংগীকাৰৰ ফল"। একেদৰে, বন্দে ভাৰতক হিমাচল প্ৰদেশলৈ অনাৰ সিদ্ধান্তই ৰাজ্যখনক চৰকাৰে প্ৰদান কৰা অগ্ৰাধিকাৰকো প্ৰদৰ্শন কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ আগৰ প্ৰজন্মই এখন ৰে'লো দেখা নাছিল আৰু আজি হিমাচলৰ পৰা আটাইতকৈ উন্নত ৰে'ল চলি আছে। তেওঁ জনসাধাৰণৰ প্ৰগতিৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে কেনেদৰে কাম কৰি আছে তাক লৈ সন্তুষ্টি ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশ আৰু কেন্দ্ৰৰ পূৰ্বৰ চৰকাৰসমূহে হিমাচল প্ৰদেশৰ নাগৰিকৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাশাৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল। তেওঁ লগতে কয়, "এনে পৰিস্থিতিৰ বাবে আমাৰ মাতৃ আৰু ভগ্নীসকলেই আটাইতকৈ বেছি কষ্ট পাইছে"। প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া সময় সলনি হৈছে আৰু বৰ্তমানৰ চৰকাৰে কেৱল জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবেই কাম কৰা নাই, বৰং আন্তৰিকতাৰে সৈতে তেওঁলোকৰ আশা আৰু আকাংক্ষা পূৰণ কৰাৰ লক্ষ্যও লৈছে। তেওঁ লগতে কয়,"আমি কেৱল পূৰ্বৰ চৰকাৰসমূহৰ উন্নয়নৰ ঘাটিসমূহ পূৰণ কৰাই নহয়, আমাৰ ৰাজ্যখনৰ উন্নতিৰ বাবে ভেটিৰ শক্তিশালী ভেটি স্তম্ভও নিৰ্মাণ কৰিছোঁ"।

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা শতিকাৰ আৰম্ভণিতে বহু দেশ আৰু আনকি গুজৰাটৰ দৰে কিছুমান ৰাজ্যই ইয়াৰ নাগৰিকসকলক শৌচালয়, গ্ৰাম্য পথ আৰু আধুনিক স্বাস্থ্যসেৱাৰ দৰে মৌলিক সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। "অৱশ্যে ভাৰতত পূৰ্বৰ চৰকাৰসমূহে এই মৌলিক সুবিধাসমূহো সাধাৰণ লোকসকলৰ বাবে দুৰূহ কৰি তুলিছিল। পাহাৰীয়া অঞ্চলবোৰ ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। মই ইয়াত থকাৰ সময়ত ওচৰৰ পৰা এয়া অনুভৱ কৰিছিলোঁ", তেওঁ কয়। "নৱ ভাৰতে অতীতৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিছে আৰু দ্ৰুতগতিত আগুৱাই গৈছে। যোৱা শতিকাত মানুহে যিবোৰ সুবিধা লাভ কৰিব লাগিছিল সেইসমূহ এতিয়া উপলব্ধ কৰা হৈছে। আমি বিংশ শতিকাৰ সুবিধাসমূহ লাভ কৰিম আৰু হিমাচল প্ৰদেশক একবিংশ শতিকাৰ আধুনিক সা-সুবিধাসমূহৰ সৈতে সংযুক্ত কৰিম", তেওঁ লগতে কয়। তেওঁ কয় যে গ্ৰাম্য পথসমূহ দুগুণ গতিত নিৰ্মাণ কৰা হৈছে আৰু গাঁও পঞ্চায়তলৈ ব্ৰডবেণ্ড সংযোগ লৈ যোৱা হৈছে। "আমাৰ চৰকাৰে একবিংশ শতিকাৰ ভাৰতৰ আশা-আকাংক্ষা পূৰণ কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক বিশ্বৰ এক নম্বৰ ঔষধ নিৰ্মাতা হিচাপে গঢ়ি তোলাত হিমাচল প্ৰদেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এই সম্ভাৱনা আৰু বৃদ্ধি পাব। শ্ৰী মোদীয়ে লগতে কয়, "সমগ্ৰ বিশ্বই হিমাচল প্ৰদেশত নিৰ্মিত ঔষধৰ শক্তি প্ৰত্যক্ষ কৰিছে"। তেওঁ লগতে কয় যে এতিয়া হিমাচল প্ৰদেশত ঔষধ প্ৰস্তুতৰ বাবে কেঁচা সামগ্ৰী উৎপাদন কৰা হ'ব, আন দেশসমূহৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা যথেষ্ট হ্ৰাস পাব। প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত জন ঔষধি কেন্দ্ৰৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ বাবে পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ব্যয় প্ৰদান কৰিছে। তেওঁ আৰু কয়, "বাল্ক ড্ৰাগ পাৰ্কে মানুহক গুণমান সম্পন্ন সুলভ চিকিৎসা সেৱা প্ৰদান কৰাৰ চৰকাৰৰ অভিযানক অধিক শক্তিশালী কৰিব"।

তেওঁ কয়, "কৃষি হওঁক বা উদ্যোগই হওঁক, যোগাযোগ ব্যৱস্থাই উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰে", শ্ৰী মোদীয়ে কয়। তেওঁ নাংগল বান্ধ-তালৱাৰা ৰে'লপথৰ উদাহৰণ দিয়ে, যিটো ৪০ বছৰ আগতে অনুমোদিত হৈছিল। কিন্তু বিগত ৪০ বছৰে কোনোধৰণৰ কাম নোহোৱাত বৰ্তমানৰ চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ হিমাচল প্ৰদেশত ৰে'ল যোগাযোগ উন্নত কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়, আজি যেতিয়া দেশ মেড ইন ইণ্ডিয়া বন্দে ভাৰত ৰে'লৰ দ্বাৰা সংযুক্ত হৈছে, হিমাচল দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ আৰু সময়ত কাম কৰাৰ নতুন কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "পূৰ্বে হিমাচলক ইয়াৰ সামৰ্থ্যৰ ওপৰত কমকৈ মূল্য দিয়া হৈছিল আৰু ইয়াৰ সংসদীয় আসনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে অধিক মূল্য দিয়া হৈছিল। ৰাজ্যখনত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বাবে দীৰ্ঘদিন ধৰি অমীমাংসিত চাহিদা তৎক্ষণাৎ মোকাবিলা কৰা হৈছে। হিমাচলক আইআইটি, আইআইআইটি আইআইএম আৰু এইমছ পাবলৈ ডাবল ইঞ্জিন চৰকাৰৰ বাবে অপেক্ষা কৰিব লগা হৈছিল। হিমাচল প্ৰদেশত শিক্ষা সম্পৰ্কীয় পদক্ষেপে শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিব। উনাত আইআইআইটিৰ স্থায়ী ভৱনৰ পৰা শিক্ষাৰ্থীসকলে অধিক সকাহ পাব, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আজি আইআইআইটি ভৱনৰ আধাৰশিলা স্থাপন কৰে আৰু পৰিৱৰ্তনশীল কৰ্ম সংস্কৃতিক অধিক গুৰুত্ব দিবলৈ ভৱনটো উৎসৰ্গা কৰে। মহামাৰীৰ প্ৰত্যাহ্বান সত্বেও সময়মতে এই কাম সম্পূৰ্ণ কৰাৰ বাবে তেওঁ প্ৰকল্পটোৰ সৈতে জড়িত লোকসকলক প্ৰশংসা কৰে।

সমগ্ৰ দেশৰ দক্ষতা আৰু উদ্ভাৱন প্ৰতিষ্ঠানসমূহৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱপ্ৰজন্মৰ দক্ষতা আৰু সম্ভাৱনাক কামত লগোৱাটো আজি আমাৰ আটাইতকৈ প্ৰয়োজনীয় কথা। তেওঁ সেনাবাহিনীত হিমাচলৰ যুৱক-যুৱতীসকলৰ অৱদানৰ আৰু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰা সন্দৰ্ভতো উল্লেখ কৰে। তেওঁ লগতে কয়, "এতিয়া বিভিন্ন ধৰণৰ দক্ষতাই তেওঁলোকক সেনাবাহিনীৰ উচ্চ পদবীলৈ লৈ যোৱাত সহায় কৰিব"।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া সপোন আৰু সংকল্পসমূহ মিলি যায়, তেতিয়া প্ৰচেষ্টা সহজ হৈ পৰে। শ্ৰী মোদীয়ে কয়, ডাবল ইঞ্জিন চৰকাৰ আৰ্হিত এনে ধৰণৰ প্ৰচেষ্টা সকলো ঠাইতে দৃশ্যমান। ই এক নতুন ইতিহাস সৃষ্টি কৰিব, আৰু এক নতুন ৰীতি-নীতিৰ সৈতে উদ্ভৱ হ'ব। "মই বিশ্বাস কৰোঁ যে হিমাচলৰ উন্নয়নৰ সোণালী পৰ্ব আজাদী কা অমৃত মহোৎসৱত আৰম্ভ হ'বলৈ ওলাইছে। এই সোণালী সময়ছোৱাই হিমাচলক উন্নয়নৰ সেই উচ্চতালৈ লৈ যাব যাৰ বাবে আপোনালোক সকলোৱে কেইবা দশক ধৰি অপেক্ষা কৰি আহিছে"।

এই অনুষ্ঠানত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী সুৰেশ কাশ্যপ উপস্থিত আছিল।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানে চৰকাৰৰ বিভিন্ন নতুন পদক্ষেপৰ সমৰ্থনৰ জৰিয়তে দেশখনে বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা প্ৰাপ্তিৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এনে এক গুৰুত্বপূৰ্ণ খণ্ড হৈছে ফাৰ্মাচিউটিকেল আৰু এই খণ্ডত আত্মনিৰ্ভৰশীল কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উনা জিলাৰ হাৰোলীত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। এই পাৰ্ক ১৯০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। বাল্ক ড্ৰাগ পাৰ্কে এপিআই আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব। ইয়াৰ ফলত প্ৰায় ১০,০০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে আৰু ২০,০০০ৰো অধিক লোকে নিয়োগৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপকো প্ৰোৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান(আইআইআইটি) উনাক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। বৰ্তমান, ৫৩০ ৰো অধিক শিক্ষাৰ্থীয়ে এই প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে।

ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীয়ে নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী যাত্ৰাৰো শুভাৰম্ভ কৰে। অম্ব আন্দৌৰাৰ পৰা নতুন দিল্লীলৈ চলিবলগা ই হ'ব দেশত প্ৰৱৰ্তন কৰা চতুৰ্থ বন্দে ভাৰত ৰেল। এই ৰেলখন পূৰ্বৰ ৰেলবোৰৰ তুলনাত এক উন্নত সংস্কৰণ, ই যথেষ্ট পাতল আৰু কম সময়ত দ্ৰুত গতিত উপনীত হ'বলৈ সক্ষম। এই ৰেখখনে মাত্ৰ ৫২ছেকেণ্ডত ১০০ কিমি/ঘণ্টা গতিবেগত যাত্ৰা কৰে। ৰেলখনৰ প্ৰৱৰ্তনে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰত উন্নতি কৰাৰ লগতে ভ্ৰমণৰ এক আৰামদায়ক আৰু দ্ৰুত মাধ্যম উপলব্ধ কৰিব।

 

***

DS/TS/KG



(Release ID: 1867556) Visitor Counter : 106