প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ ভাৰুচৰ আমোদত ৮০০০ কোটিৰো অধিক টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
“গুজৰাটৰ এই ভূমি আৰু ‘আই নৰ্মদা’ৰ পাৰৰ পৰা মই আজি মাননীয় মুলায়েম সিং জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ”
“গুজৰাটৰ লগতে ভাৰতৰ উন্নয়ণী যাত্ৰাত ভাৰুচৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে”
“উল্কাৰ গতিৰে কামবোৰ সম্পন্ন কৰাতো নৰেন্দ্ৰ-ভূপেন্দ্ৰৰ ‘ডাবল-ইঞ্জিন’ চৰকাৰৰে এক সু পৰিণতি”
“সপোন সম্ভৱ কৰিব পৰা এক বাতাবৰণ গঢ়াৰ বাবে ‘নীতি আৰু অভিপ্ৰায়’ দুয়োটাৰে প্ৰয়োজন”
“২০১৪ চনৰ দশম স্থানৰ পৰা ভাৰতীয় অৰ্থনীতি পঞ্চম স্থানলৈ উন্নীত হৈছে”
“ক’ৰোনা বিৰোধী যুদ্ধত দেশক বাৰুকৈয়ে সহযোগিতা আগবঢ়াইছিল গুজৰাটে। দেশৰ ৰপ্টীনীকৃত ঔষধৰ ক্ষেত্ৰত গুজৰাটৰ অৰিহণা হৈছে ২৫শতাংশ”
“এই উন্নয়ণত আদিবাসী সম্প্ৰদায়ে অনবদ্য অৰিহণা আগবঢ়াইছে”
“উন্নয়ণৰ দ্বৈত-মহানগৰ আৰ্হি’ৰ দৃষ্টিভংগীৰে ভাৰুচ আৰু অংকলেশ্বৰৰ বিকাশ সাধন কৰা হৈছে
Posted On:
10 OCT 2022 1:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৰুচৰ আমোদত ৮০০০ কোটিৰো অধিক টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে জম্বুচৰত ‘বাল্ক ড্ৰাগ পাৰ্ক’, দহেজত ‘ডীপ ছী পাইপলাইন প্ৰকল্প’, অলংকেশ্বৰ বিমান বন্দৰৰ প্ৰথমটো পৰ্যায় আৰু অলংকেশ্বৰ আৰু পনলিত বহু-পৰ্যায়যুক্ত ঔদ্যোগিক ছাউনীৰ আধাৰশিলা স্থাপন কৰে। আনহাতে ‘জিএচিএল প্ৰকল্প’, ‘ভাৰুচ ভূতল পয়-প্ৰণালী প্ৰকল্প’ আৰু ‘আইঅ’চিএল দহেজ কোয়ালি পাইপলাইন’ প্ৰকল্পকে ধৰি গুজৰাটৰ ৰাসায়নিক ক্ষেত্ৰৰ উন্নয়ণক ত্বৰান্বিত কৰিব পৰা বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে।
এই সন্দৰ্ভত প্ৰদান কৰা ভাষণৰ আৰম্ভণিতে তেওঁ শ্ৰী মুলায়েম সিং যাদৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ কয়, “মুলায়েম সিং জীৰ সৈতে মোৰ বিশেষ ধৰণৰ সম্পৰ্ক আছিল। মুখ্যমন্ত্ৰী হিচাপে আমি যেতিয়াই মিলিত হৈছিলো, আমাৰ মাজত এক পাৰস্পৰিক শ্ৰদ্ধা আৰু ঘনিষ্ঠতাৰ সম্পৰ্ক অনুভৱ কৰিছিলো”। প্ৰধানমন্ত্ৰিত্বৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত শ্ৰীমোদীয়ে যেতিয়া বহু সংখ্যক দলৰ নেতৃবৃন্দক সাক্ষাত্ কৰিছিল, তেতিয়া মুলায়েম সিং জীয়ে দিয়া আশীৰ্বাদ আৰু পৰামৰ্শ বোৰ তেওঁৰ বাবে এতিয়া গুৰুত্বপূৰ্ণ বুলিয়ে গণ্য কৰি আহিছে বুলি স্মৰণ কৰে। সময় সলনি হোৱাৰ পিচতো মুলায়েম সিং জীয়ে ২০১৩ চনত আগবঢ়োৱাৰ দৰেই আশীৰ্বাদ অব্যাহত ৰাখিছিল। তেওঁ লোকসভাত মুলায়েম সিং যাদৱে সকলো ৰাজনৈতিক মতানৈক্য পাহৰি ২০১৯ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ জয়ী হ’ব বুলি পূৰ্বানুমান কৰাৰ কথা সোঁৱৰণ কৰে। তেওঁ মুলায়েম সিং জীয়ে সকলোৰে লগত সু সম্পৰ্ক বৰ্তাই ৰাখিছিল বুলিও অনুভৱ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে
“গুজৰাটৰ এই ভূমি আৰু ‘আই নৰ্মদা’ৰ পাৰৰ পৰা মই আজি মাননীয় মুলায়েম সিং জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ” বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলক দুখৰ এই মুহূৰ্তত পৰিতাপ পাহৰাৰ বাবে পৰমেশ্বৰে শক্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সময়ত প্ৰধানমন্ত্ৰী ভাৰুচলৈ অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইডোখৰ ভূমিয়ে ৰাষ্ট্ৰ প্ৰতি উতসৰ্গিত এনে বহু শিশুৰ জন্ম দিছে যিয়ে দেশৰ নামক নতুন উচ্চতাত অৱতীৰ্ণ কৰাইছে। তেওঁ সংবিধান সভাৰ এগৰাকী সদস্য আৰু সোমনাথ আন্দোলনত চৰ্দাৰ পেটেলৰ এগৰাকী সহযোদ্ধা কানাইয়ালাল মানেকাল মুন্সি আৰু সংগীত-প্ৰবৰ পণ্ডিত ওংকাৰনাথ ঠাকুৰক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয়, “গুজৰাটৰ লগতে ভাৰতৰ উন্নয়ণী যাত্ৰাত ভাৰুচৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰতৰ ইতিহাস আমি যেতিয়াই পঢ়িম আৰু ভৱিষ্যতৰ বিষয়ে যেতিয়াই আলোচনা কৰিব বিচাৰিম, ভাৰুচৰ নাম সদায়ে গৌৰৱৰে উচ্চাৰণ কৰিবই লাগিব”। তেওঁ ভাৰুচত সম্প্ৰতি গঢ় লৈ উঠা মহানগৰীয় প্ৰকৃতিৰ প্ৰসংগও উল্লেখ কৰে।
বিভিন্ন ৰাসয়নিক সামগ্ৰী উত্পাদনকে ধৰি ‘প্ৰথমখন বাল্ক ড্ৰাগ পাৰ্ক’ ভাৰুচক উপহাৰ দিয়াৰ কথা আঙুলীয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “উন্নয়ণৰ দ্বৈত-মহানগৰ আৰ্হি’ৰ দৃষ্টিভংগীৰে ভাৰুচ আৰু অংকলেশ্বৰৰ বিকাশ সাধন কৰা হৈছে। তেওঁ অলেংকেশ্বৰত ভাৰুচ বিমান বন্দৰৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি কয় যে এই বিমানবন্দৰ নিৰ্মিত হ’লে ভাৰুচৰ নাগৰিকসকলে বৰোদা বা চুৰাটৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া নহ’ব। তেওঁ দেশৰ অন্য সৰু ৰাজ্যসমূহতকৈয়ো ভাৰুচত অধিক সংখ্যক উদ্যোগ থকাৰ কথা উল্লেখ কৰে, আৰু নতুন বিমানবন্দৰ প্ৰকল্পটোৰ সুবাদত এইটো অঞ্চলে উন্নয়ণৰ দিশত বৃহত্ পথেৰে অগ্ৰসৰ হ’ব পাৰিব বুলি অভিমত ব্যক্ত কৰে। প্ৰসংগক্ৰমে তেওঁ কয় “উল্কাৰ গতিৰে কামবোৰ সম্পন্ন কৰাতো নৰেন্দ্ৰ-ভূপেন্দ্ৰৰ ‘ডাবল-ইঞ্জিন’ চৰকাৰৰে এক সু পৰিণতি”। শ্ৰী মোদীয়ে কয় যে “এয়াই হৈছে গুজৰাটৰ নতুন মুখ। বিগত দুটা দশকত গুজৰাটে সকলো ক্ষেত্ৰতে পিচপৰা ৰাজ্যৰ অভিধাৰ পৰা দ্ৰুতগতিত আগবঢ়া ঔদ্যোগিক আৰু কৃষি সমৃদ্ধিশালী ৰাজলৈ ৰূপান্তৰিত হৈছে”। ব্যস্ততাপূৰ্ণ বন্দৰ আৰু বিকশিত উপকূলৰে, জনজাতীয় আৰু মত্স্যজীৱিসকলৰ জীৱনে ৰূপান্তৰৰ মুখ দেখিবলৈ পাইছে। গুজৰাটৰ ৰাইজৰ কঠোৰ শ্ৰমৰ সুবাদত স্বাধীনতাৰ অমৃত মহোত্সৱত, ৰাজ্যখনৰ নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ বাবে এটা সোণালী যুগৰ সূচনা হৈছে। বাধাহীন বাতাবৰণ ৰচনাৰ জৰিয়তে আমি এই সুযোগ কেতিয়াও হেৰুওৱাবলৈ দিয়া উচিত নহ’ব বুলি তেওঁ উল্লেক কৰে। তেওঁ কয়, “সপোন সম্ভৱ কৰিব পৰা এক বাতাবৰণ গঢ়াৰ বাবে ‘নীতি আৰু অভিপ্ৰায়’ দুয়োটাৰে প্ৰয়োজন”। তেওঁ যোৱা কেইটা বছৰত ভাৰুচ অঞ্চলৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কৃষি, স্বাস্থ্য আৰু খোৱা পানীৰ সমস্যা সমাধান কৰি পৰিস্থিতি কেনেকৈ সলনি কৰা হ’ল সেইবিষয়েও বক্তব্য প্ৰদান কৰে। এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ কেনেকৈ এবাৰত একোটা সমস্য লৈ তাৰ সমাধানৰ বাবে কেনেকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল তাৰো বাখ্যা দাঙি ধৰে। আজিৰ লৰা-ছোৱালীয়ে ‘সান্ধ্যআইন’ৰ দৰে শব্দৰ বিষয়ে বিশেষ নাজানে বুলি মন্তব্য কৰি এই শব্দটোৰ ব্যৱহাৰ আগতে দৈনন্দিন হৈছিল বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰে।
স্থানীয় ভাবে উত্পাদিত-নিৰ্মিত সা-সমগ্ৰীসমূহৰ ক্ৰয়-বিক্ৰয় তথা ব্যৱহাৰৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকে বিশেষভাবে উদ্যোগ লোৱা উচিত বুলি আহ্বান দোহৰা প্ৰধানমন্ত্ৰীয়ে তেওঁ জনাই অহা আহ্বানৰ প্ৰতি দেশবাসী জনোৱা বিশেষ সঁহাৰিৰ ফলত দেশত স্থানীয় সামগ্ৰীৰ কদৰ বঢ়াৰ বিপৰীতে বিদেশী সামগ্ৰীৰ আমদানি লক্ষণীয় হাৰত কমিবলৈ লৈছে বুলি মন্তব্য কৰে। তেওঁ কয়, “প্ৰতিগৰাকী নাগৰিকে আত্মনিৰ্ভৰ ভাৰত অভিযানলৈ অৰিহণা আগবঢ়াব পাৰে”।
দেশৰ নাগৰিকে প্ৰদৰ্শন কৰা এই ধৰণৰ ইতিবাচক সঁহাৰিৰ সুবাদতে আজি “২০১৪ চনৰ দশম স্থানৰ পৰা ভাৰতীয় অৰ্থনীতি পঞ্চম স্থানলৈ উন্নীত হৈছে” বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, জীৱনদায়িনী ঔষধৰ উত্পাদনত জড়িত হবলৈ পোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰুচবাসীক অভিনন্দন জনায় কয় যে মহামাৰীয়ে স্পষ্ট ৰূপত ঔষধৰ গুৰুত্ব সোঁৱৰাই দিলে। এই প্ৰসংগত তেওঁ কয়, “ক’ৰোনা বিৰোধী যুদ্ধত দেশক বাৰুকৈয়ে সহযোগিতা আগবঢ়াইছিল গুজৰাটে। দেশৰ ৰপ্টীনীকৃত ঔষধৰ ক্ষেত্ৰত গুজৰাটৰ অৰিহণা হৈছে ২৫শতাংশ”।
এটা সময়ত কেতবোৰ দুষ্কৃতিকাৰীৰ দৌৰাত্ম্যই ভাৰোচৰ উন্নয়ণক বাৰুকৈয়ে বাধাগ্ৰস্ত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত অহা তেওঁলোকৰ নৰেন্দ্ৰ-ভূপেন্দ্ৰৰ ডাবল-ইঞ্জিন চৰকাৰে এনেবোৰ বাধাৰ মূলোচ্ছেদ কৰিছিল কৰা হৈছিল বুলি উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ আৰ্বান নক্সাল বাহিনীয়ে চৰ্দাৰ সৰোবৰ বান্ধৰ নিৰ্মাণত বাধাৰ সৃষ্টি কৰাৰ কথাও উনুকীয়ায়। ঝাৰখণ্ড, বিহাৰ, ওড়িশা, চত্তিশগড়, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যত এতিয়াও নক্সাল উগ্ৰপন্থীৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জনজাতিসকলে নক্সালবাদী চিন্তাধাৰাক ৰাজ্যখনত পোখা মেলিবলৈ নিদিয়াৰ বাবে ভূয়সী প্ৰশংসা কৰে। তেওঁ গুজৰাটৰ উন্নয়ণী যাত্ৰাত ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহে অনবদ্য অৰিহণা আগবঢ়াইছে” অনুভৱ দোহাৰে।
ভাষণ সামৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় “উন্নয়ণৰ দ্বৈত-মহানগৰ আৰ্হি’ৰ দৃষ্টিভংগীৰে ভাৰুচ আৰু অংকলেশ্বৰৰ বিকাশ সাধন কৰা হৈছে।
অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী ৰসায়ণ আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবীয়া আৰু সাংসদদ্বয় চি আৰ পাটিল আৰু মনসুখ ৱাসাৱায়ো অংশগ্ৰহণ কৰে।
*****
DS/TS/KB
(Release ID: 1866988)
Visitor Counter : 141
Read this release in:
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam