প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কানপুৰত ট্ৰেক্টৰ-ট্ৰলী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
মৃত আৰু আহতসকলৰ বাবে অনুদান ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 OCT 2022 10:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কানপুৰত সংঘটিত ট্ৰেক্টৰ-ট্ৰলী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
তেওঁ লগতে পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকাৰ অনুদান ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা টুইটত উল্লেখ কৰা হৈছে :
"কানপুৰত ট্ৰেক্টৰ-ট্ৰলী দুৰ্ঘটনাত দুখিত। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ভুক্তভোগী লোকসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়াই আছে।”
"পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা দিয়া হ'ব।”
*****
DS/SH/RD
(रिलीज़ आईडी: 1866484)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam