প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মোধেৰাত সূৰ্য মন্দিৰ পৰিদৰ্শন কৰে

Posted On: 09 OCT 2022 7:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মোধেৰাত সূৰ্য মন্দিৰ পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পিছত তেওঁক সম্বৰ্ধনা জনোৱা হয়। শ্ৰী মোদীয়ে সূৰ্য মন্দিৰত হেৰিটেজ লাইটিং উদ্বোধন কৰে যি কেৱল সৌৰ শক্তিৰ দ্বাৰা চালিত ভাৰতৰ প্ৰথমটো ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ মোধেৰা সূৰ্য মন্দিৰৰ ত্ৰিমাসিক প্ৰজেকচন মেপিঙো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ ইতিহাস প্ৰদৰ্শন কৰা এক সাংস্কৃতিক অনুষ্ঠানো প্ৰত্যক্ষ কৰে।

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সংসদৰ সদস্য শ্ৰী চি আৰ পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী পূৰ্ণেশভাই মোদী আৰু শ্ৰী অৰবিন্দভাই ৰায়নীয়ে প্ৰধানমন্ত্ৰীক সংগদান কৰে।

ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মেহছানাৰ মোধেৰাত ৩৯০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে মোধেৰাক ভাৰতৰ প্ৰথম ২৪x৭ সৌৰশক্তিচালিত গাওঁ হিচাপে ঘোষণা কৰে। শ্ৰী মোদীয়ে গুজৰাটৰ মোধেৰাৰ মোধেশ্বৰী মাতা মন্দিৰতো দৰ্শন আৰু পূজা কৰে।

***

DS/TS/MANN



(Release ID: 1866463) Visitor Counter : 97