প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৰালাৰ পালাক্কাড়ত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 06 OCT 2022 2:11PM by PIB Guwahati

কেৰালাৰ পালাক্কাড় জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধি’ৰ পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;

“কেৰালাৰ পালাক্কাড় জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে”।

“প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধিৰ পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব”।

 

 

***

DS/TS/KB


(रिलीज़ आईडी: 1865751) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam