প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫জি সেৱা শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণ

“৫জি হৈছে দেশত এক নতুন যুগৰ দুৱাৰত এক টোকৰ৷ ৫জি হৈছে এক অসীম আকাশৰ সুযোগৰ আৰম্ভণি”

“নতুন ভাৰত কেৱল প্ৰযুক্তিৰ গ্ৰাহক হৈ নাথাকিব, বৰঞ্চ সেই প্ৰযুক্তিৰ বিকাশ আৰু কাৰ্যকৰীকৰণত ভাৰতে সক্ৰিয় ভূমিকা পালন কৰিব”

“৫জিৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে টেলিকম প্ৰযুক্তিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰিছে”

“২০১৪ চনত শূন্য মোবাইল ফোন ৰপ্তানি কৰাৰ পৰা আজি আমি হাজাৰ কোটি টকাৰ মোবাইল ফোন ৰপ্তানি কৰা দেশত পৰিণত হৈছো”

“দেশৰ সাধাৰণ মানুহৰ বুদ্ধি, প্ৰজ্ঞা আৰু অনুসন্ধিৎসু মনৰ ওপৰত মোৰ সদায় পূৰ্ণ বিশ্বাস আছে”

“ডিজিটেল ইণ্ডিয়াই ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী, স্থানীয় শিল্পী আৰু শিপিনীসকলক এটা মঞ্চ প্ৰদান কৰিছে”

“৫জি প্ৰযুক্তি দ্ৰুত ইণ্টাৰনেটৰ ব্যৱহাৰতে সীমাবদ্ধ নাথাকে, বৰঞ্চ ইয়াৰ জীৱন সলনি কৰাৰ ক্ষমতা আছে”

Posted On: 01 OCT 2022 1:08PM by PIB Guwahati

এক নতুন প্ৰযুক্তিগত যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৫জি সেৱা শুভাৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণো উদ্বোধন কৰাৰ লগতে এই উপলক্ষে আইএমচিৰ এক প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰে৷ উদ্যোগটোৰ সৈতে জড়িত আগশাৰীৰ নেতাসকলে এই ঐতিহাসিক অনুষ্ঠানত তেওঁলোকৰ মতামত প্ৰকাশ কৰে৷

ৰিলায়েন্সৰ অধ্যক্ষ শ্ৰী মুকেশ আম্বানীয়ে ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ কয় “চৰকাৰৰ প্ৰতিটো কাম আৰু নীতি, ভাৰতক সেই লক্ষ্যৰ দিশত আগুৱাই নিবলৈ নিপুণভাৱে ৰচনা কৰা হৈছে। ভাৰতৰ ৫জি যুগৰ যাত্ৰাক দ্ৰুতগতিত আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে আমাৰ প্ৰধানমন্ত্ৰীৰ দৃঢ়তাকে প্ৰমাণ কৰে৷” তেওঁ শিক্ষা, শিক্ষা আৰু জলবায়ু আদি মূল ক্ষেত্ৰসমূহত ৫জিৰ সম্ভাৱনাৰ বিষয়ে বৰ্ণনা কৰি কয়, ‘আপোনাৰ নেতৃত্বই ভাৰতৰ সন্মান, প্ৰফাইল আৰু ক্ষমতাক বিশ্বজুৰি উন্নীত কৰিছে যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল। আজিৰ দ্ৰুত পৰিৱৰ্তিত বিশ্বত উত্থানশীল ভাৰত এখনক শীৰ্ষ স্থানত উপনীত হোৱাত কোনো বাধা নাথাকিব”, এইদৰে কয় শ্ৰী আম্বানীয়ে৷ 

ভাৰতী এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ শ্ৰী সুনীল ভাৰতী মিট্টালে মন্তব্য কৰে যে ৫জি সেৱা শুভাৰম্ভ কৰাটো এক নতুন যুগৰ আৰম্ভণি আৰু যিহেতু ই আজাদী কা অমৃত মহোৎসৱৰ সময়তে হৈছে, সেয়ে ইয়াক আৰু অধিক বিশেষ কৰি তোলে। ‘প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত ইয়াৰ ফলত দেশত নতুন শক্তিৰ সূচনা হ’ব। আমি সৌভাগ্যৱান যে প্ৰধানমন্ত্ৰীৰ মাজত এনে এগৰাকী নেতা লুকাই আছে, যি প্ৰযুক্তি অতি সূক্ষ্মভাৱে বুজি পায় আৰু সেইটোক অতুলনীয়ভাৱে দেশৰ উন্নয়নত নিয়োগ কৰিছে”, তেওঁ লগতে কয়। শ্ৰী মিট্টালে লগতে কয় যে ইয়াৰ দ্বাৰা মানুহৰ বাবে, বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলত এক সুযোগৰ সাগৰ মুকলি হ’ব। তেওঁ গুজৰাটৰ মুখ্যমন্ত্রী দিনৰ পৰাই আন্তঃগাঁথনি আৰু প্রযুক্তিৰ ক্ষেত্ৰত প্রধানমন্ত্রীয়ে লোৱা পদক্ষেপক স্মৰণ কৰে৷ তেওঁ কয় যে মহামাৰীৰ সময়ত গাঁৱে-ভূঞে জনতাৰ সংখ্যা বৃদ্ধিৰ হোৱাৰ ফলতো দেশৰ হৃদস্পন্দন এক ছেকেণ্ডৰ বাবেও ৰৈ নাথাকিল৷ ইয়াৰ কৃতিত্ব ডিজিটেল ভিজনৰে৷ তেওঁ মেক ইন ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সাহস আৰু সাফল্যকো প্ৰশংসা কৰে।“ডিজিটেল ইণ্ডিয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্ট-আপ ইণ্ডিয়া অভিযানকো আগুৱাই লৈ যায় আৰু অতি সোনকালেই ভাৰতে ইউনিকৰ্ণ উৎপাদন আৰম্ভ কৰে”, শ্ৰী মিট্টলে লগতে কয়, “৫জিৰ আগমনৰ লগে লগে মই নিশ্চিত যে দেশখনে বিশ্বত আৰু বহুতো ইউনিকৰ্ণ যোগ কৰিব।”

আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ শ্ৰী কুমাৰ মংগলম বিৰলাই ৫জিৰ আগমনক এক ৰূপান্তৰমূলক অনুষ্ঠান বুলি অভিহিত কৰি বিশ্বৰ মঞ্চত ভাৰতৰ দক্ষতাক প্ৰমাণ কৰে আৰু ভাৰতৰ বৃদ্ধিৰ ভেটি হিচাপে টেলিকম প্ৰযুক্তিৰ ভূমিকাক পুনৰবাৰ উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰজন্মৰ প্ৰজন্মলৈ ধাবিত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যাৰ ফলত ভাৰতে বিশ্বৰ মঞ্চত স্থান দখল কৰিছে। তদুপৰি, চলিত মহামাৰীৰ সময়ত টেলিকম উদ্যোগক সহায় কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰেৰণাদায়ক ভূমিকা আৰু উদ্যোগটোত হোৱা উল্লেখযোগ্য টেলিকম সংস্কাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়৷ শ্ৰী বিৰলাই কয় যে ৫জি মুকলি কৰাটোৱে ভাৰতৰ বাবে এক ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণি। “আগন্তুক বছৰবোৰত আমি ৫জি বিকাশ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সীমাহীন সম্ভাৱনা দেখিবলৈ পাম”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীৰ সন্মুখত দেশৰ তিনিটা প্ৰধান টেলিকম অপাৰেটৰে এটাকৈ ব্যৱহাৰ প্ৰদৰ্শন কৰি ভাৰতত ৫জি প্ৰযুক্তিৰ সম্ভাৱনাক দেখুৱায়৷

ৰিলায়েন্স জিঅ’ই মুম্বাইৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষকক মহাৰাষ্ট্ৰ, গুজৰাট আৰু ওড়িশাৰ তিনিটা ভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ কৰে৷ ইয়াৰ দ্বাৰা ৫জিয়ে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ লৈ গৈ কেনেকৈ শিক্ষাৰ সুবিধা প্ৰদান কৰিব, তেওঁলোকৰ মাজৰ শাৰীৰিক দূৰত্বক আঁতৰাই পেলাব সেই কথা প্ৰমাণিত হ’ল৷ ইয়াৰ উপৰি পৰ্দাত অগমেণ্টেড ৰিয়েলিটি (এআৰ)ৰ শক্তি আৰু সেইটো কেনেকৈ ব্যৱহাৰ কৰি সমগ্ৰ দেশৰ শিশুসকলক, দূৰৈৰ পৰা, এআৰ ডিভাইচৰ প্ৰয়োজন নোহোৱাকৈ শিকোৱা হৈছে সেই কথাও প্ৰদৰ্শন কৰা হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্ধেৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড়স্থিত জ্ঞানজ্যোতি সাবিত্ৰীবাই ফুলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত গুজৰাটৰ গান্ধীনগৰৰ ৰপদা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সংযোগ স্থাপন কৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ময়ুৰভঞ্জস্থিত এছএলএছ মেম’ৰিয়েল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। মুম্বাই বিকেচিস্থিত ধীৰুভাই আম্বানি ইণ্টাৰনেচনলে স্কুলৰ শ্ৰী অভিমন্যু বসুয়েও ৫জি প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ উৎসাহ লক্ষ্য কৰে। লেখক আমিষ ত্ৰিপাঠীয়ে এই সন্দৰ্ভত অৱগত কৰে৷

ভোডাফোন আইডিয়াই পৰীক্ষামূলকভাৱে মঞ্চত সুৰংগটোৰ ডিজিটেল টুইন নিৰ্মাণৰ জৰিয়তে দিল্লী মেট্ৰ’ৰ নিৰ্মাণৰত এটা সুৰংগত শ্ৰমিকৰ সুৰক্ষাৰ কথা প্ৰদৰ্শন কৰা হয়। ডিজিটেল টুইনে দূৰৱৰ্তী স্থানৰ পৰা শ্ৰমিকসকলক প্ৰকৃত সময়ত সুৰক্ষা সতৰ্কবাণী প্ৰদান কৰাত সহায় কৰিব। ভিআৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি প্ৰকৃত সময়ত কাম নিৰীক্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মঞ্চৰ পৰা পোনপটীয়া ডেমো লয়৷ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় ছাক্সেনাৰ উপস্থিতিত নতুন দিল্লীৰ দিল্লী মেট্ৰ’ সুৰংগ দ্বাৰকাৰ কৰ্মী শ্ৰী ৰিংকু কুমাৰৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱহাৰিক অভিজ্ঞতা আৰু শিক্ষণ বক্ৰৰ বিষয়ে সোধা-পোছা কৰে। তেওঁ কয় যে সুৰক্ষাৰ প্ৰতি শ্ৰমিকৰ আস্থা হৈছে নতুন গতিধাৰাৰ আটাইতকৈ ডাঙৰ অৱদান। তেওঁ ভাৰতৰ শ্ৰমিকসকলক দেশৰ বিকাশত আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে।

এয়াৰটেলে কৰা প্ৰদৰ্শনত উত্তৰ প্ৰদেশৰ ডাংকাউৰৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰ্চুৱেল ৰিয়েলিটি আৰু অগমেণ্টেড ৰিয়েলিটিৰ সহায়ত সৌৰজগতৰ বিষয়ে জানিবলৈ এক সজীৱ আৰু নিমজ্জিত শিক্ষা অভিজ্ঞতাৰ সাক্ষী হৈ ৰয়৷ খুশী নামৰ এগৰাকী ছাত্ৰীক হ’ল’গ্ৰামৰ জৰিয়তে মঞ্চত আবিৰ্ভাৱ কৰি প্ৰধানমন্ত্ৰীৰ সৈতে শিক্ষণৰ অভিজ্ঞতা ব্যক্ত কৰে। বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনচন চেণ্টাৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিয়ানাথে সংযোগ স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ভিআৰ শিক্ষাৰ অভিজ্ঞতাই তেওঁলোকক ধাৰণাসমূহ ব্যাপকভাৱে বুজিবলৈ সহায় কৰিছে নে বুলি প্ৰশ্ন কৰে৷ ছাত্ৰীগৰাকীয়ে কয় যে এই অভিজ্ঞতাৰ পিছত তেওঁ নতুন নতুন কথা শিকাৰ প্ৰতি বহুত অধিক আগ্ৰহী হৈছে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই সন্মিলন বিশ্বজনীন যদিও ইয়াৰ প্ৰতিক্ৰিয়া আৰু নিৰ্দেশনা স্থানীয়৷ তেওঁ কয় যে একবিংশ শতিকাৰ দ্ৰুত উন্নয়নশীল ভাৰতৰ বাবে আজি এক বিশেষ দিন। ‘আজি ১৩০ কোটি ভাৰতীয়ই দেশৰ পৰা আৰু দেশৰ টেলিকম উদ্যোগৰ পৰা ৫জি ৰূপত এক সুন্দৰ উপহাৰ লাভ কৰিছে। ৫জিয়ে দেশৰ এক নতুন যুগৰ দুৱাৰত টোকৰ মাৰিলে৷ “৫জি হৈছে সুযোগৰ অসীম আকাশৰ আৰম্ভণি। ইয়াৰ বাবে মই প্ৰতিজন ভাৰতীয়ক অভিনন্দন জনাইছো’, তেওঁ লগতে কয়। তেওঁ সন্তুষ্টিৰে লক্ষ্য কৰে যে ৫জিৰ এই শুভাৰম্ভণি আৰু প্ৰযুক্তিৰ সমাহাৰত গ্ৰামাঞ্চল আৰু শ্ৰমিকসকল সমানেই অংশীদাৰ।

৫জি শুভাৰম্ভণিৰ এটা বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়” নতুন ভাৰত কেৱল প্ৰযুক্তিৰ গ্ৰাহক হৈ নাথাকিব, বৰঞ্চ সেই প্ৰযুক্তিৰ বিকাশ আৰু কাৰ্যকৰীকৰণত ভাৰতে সক্ৰিয় ভূমিকা পালন কৰিব। ভৱিষ্যতৰ বেতাঁৰ প্ৰযুক্তিৰ ডিজাইন আৰু ইয়াৰ সৈতে জড়িত উৎপাদনত ভাৰতে ডাঙৰ ভূমিকা পালন কৰিব৷’ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত ২জি, ৩জি আৰু ৪জি প্ৰযুক্তিৰ বাবে অন্য দেশৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ৫জিৰ জৰিয়তে ভাৰতে সৃষ্টি কৰিছে এক নতুন ইতিহাস। “৫জিৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে টেলিকম প্ৰযুক্তিৰ ক্ষেত্ৰত এক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰিছে”, তেওঁ কয়৷

ডিজিটেল ইণ্ডিয়াৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে একাংশ লোকে ভাবে যে এয়া কেৱল চৰকাৰী আঁচনিহে। ‘কিন্তু ডিজিটেল ইণ্ডিয়া কেৱল এটা নাম নহয়, ই দেশৰ উন্নয়নৰ বাবে এক বৃহৎ দৃষ্টিভংগী। জনসাধাৰণৰ বাবে কাম কৰা, জনসাধাৰণৰ সৈতে সংযোগ কৰি কাম কৰা সেই প্ৰযুক্তিটো সাধাৰণ জনতাৰ মাজলৈ অনাটোৱেই এই দৃষ্টিভংগীৰ লক্ষ্য।”

ডিজিটেল ইণ্ডিয়াৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বিৱৰি কয় যে “আমি ৪টা স্তম্ভৰ ওপৰত, একেলগে চাৰিটা দিশত গুৰুত্ব দিছো। প্ৰথনতে ডিভাইচৰ দাম, দ্বিতীয়তে ডিজিটেল সংযোগ, তৃতীয়তে ডাটাৰ খৰচ, চতুৰ্থতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে 'ডিজিটেল প্ৰথম' ধাৰণা৷

প্রথম স্তম্ভ সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে আত্মনিৰ্ভৰতাৰ জৰিয়তেহে যন্ত্ৰৰ কম ব্যয় সাধন কৰিব পৰা যাব৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ দোঁহাৰে যে ৮ বছৰ আগলৈকে ভাৰতত মাত্ৰ দুটা মোবাইল মেনুফেকচাৰিং ইউনিট আছিল। “এই সংখ্যা এতিয়া ২০০লৈ বৃদ্ধি পাইছে”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে যে ২০১৪ চনত শূন্য মোবাইল ফোন ৰপ্তানিৰ পৰা আজি আমি হাজাৰ হাজাৰ কোটি মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰা দেশত পৰিণত হৈছো। “স্বাভাৱিকভাৱে এই সকলোবোৰ প্ৰচেষ্টাই যন্ত্ৰটোৰ ব্যয়ৰ ওপৰত প্ৰভাৱ পেলাইছে। এতিয়া আমি কম ব্যয়তে অধিক বৈশিষ্ট্যযুক্ত মোবাইল লাভ কৰিবলৈ লৈছো”, তেওঁ লগতে কয়।

ডিজিটেল সংযোগৰ দ্বিতীয় স্তম্ভ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনত ইণ্টাৰনেট ব্যৱহাৰকাৰী ৬কোটিৰ পৰা ৮০ কোটিলৈ বৃদ্ধি পাইছে।২০১৪ চনত ১০০ খনতকৈও কম পঞ্চায়তৰ পৰা এতিয়া ১.৭ লাখ পঞ্চায়ত অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰা হৈছে। “যেনেকৈ চৰকাৰে বিদ্যুৎ যোগানৰ বাবে দুৱাৰে দুৱাৰে অভিযান আৰম্ভ কৰিছিল, হৰ ঘৰ জল অভিযানৰ জৰিয়তে সকলোকে বিশুদ্ধ পানী যোগান ধৰাৰ মিছনত কাম কৰিছিল আৰু উজ্জ্বলা আঁচনিৰ জৰিয়তে আটাইতকৈ দৰিদ্ৰ লোকসকলৰ ভিতৰত গেছ চিলিণ্ডাৰ যোগান ধৰিছিল, আমাৰ চৰকাৰে সকলোৰে বাবে ইণ্টাৰনেটৰ লক্ষ্যৰ ওপৰত একে ধৰণে কাম কৰি আছে”, তেওঁ কয়।

তৃতীয় স্তম্ভ, ডাটাৰ খৰচ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যোগটোক বহুতো উদ্গনি যোগোৱা হৈছিল আৰু ৪জিৰ দৰে প্ৰযুক্তিয়ে নীতিগত সমৰ্থন লাভ কৰিছিল। ইয়াৰ ফলত তথ্যৰ মূল্য কমি আহিল আৰু দেশত ডাটা বিপ্লৱৰ সূচনা হ’ল। এই তিনিটা স্তম্ভই সকলোতে ইয়াৰ বহুগুণক প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰা বুলিও তেওঁ কয়।

চতুৰ্থ স্তম্ভ অৰ্থাৎ ‘ডিজিটেল প্ৰথম’ ধাৰণাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা মনত পেলাই যেতিয়া অভিজাত শ্ৰেণীৰ মুষ্টিমেয় লোকে দুখীয়ালোকসকলে ডিজিটেলৰ অৰ্থ কি বুজি পাব বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেওঁলোকৰ সম্ভাৱনাক লৈ সন্দেহ কৰিছিল, প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশৰ সাধাৰণ মানুহৰ বুদ্ধি, প্ৰজ্ঞা আৰু অনুসন্ধিৎসু মনৰ ওপৰত সদায় বিশ্বাস ৰাখিছিল। তেওঁ কয় যে তেওঁ সদায় দেশৰ দুখীয়া লোকসকলক নতুন প্ৰযুক্তি গ্ৰহণ কৰিবলৈ সাজু হৈ থকা বুলি বিবেচনা কৰে।

ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰেই আগভাগ লৈ ডিজিটেল পেমেণ্টৰ পথ সহজ কৰি তুলিলে। ‘চৰকাৰে নিজেই এপটোৰ জৰিয়তে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদানৰ প্ৰচাৰ কৰিছিল। কৃষকৰ কথাই হওক বা ক্ষুদ্ৰ দোকানীৰ কথাই হওক, আমি এপটোৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ উপায় দিছো”, শ্ৰী মোদীয়ে লগতে কয়। তেওঁ মহামাৰীৰ সময়ত ডিবিটি, শিক্ষা, টিকাকৰণ আৰু স্বাস্থ্য সেৱা আৰু ঘৰৰ পৰা কাম কৰি থকা নিৰৱচ্ছিন্ন অব্যাহত থকাৰ কথা কয় যেতিয়া বহু দেশে এই সেৱাসমূহ চলাই ৰখাত অসুবিধা পাইছিল।

ডিজিটেল ইণ্ডিয়াই এটা মঞ্চ দিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী, স্থানীয় শিল্পী, শিপিনীসকলে এতিয়া সকলোতে বজাৰ কৰিব পাৰিব। শ্ৰী মোদীয়ে লগতে কয়, “আজি আপুনি স্থানীয় বজাৰ বা শাক-পাচলিৰ বজাৰলৈ গৈ চাওক, এজন সৰু পদ পথৰ দোকানীয়েও নগদ ধনেৰে নহয়, ‘ইউপিআই’ৰ জৰিয়তে লেনদেন কৰিবলৈ আপোনাক ক’ব।” “এইটোৱে দেখুৱাইছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “যেতিয়া এটা সুবিধা উপলব্ধ হয়, তেতিয়া চিন্তাও সাহসী হৈ পৰে”। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া চৰকাৰে স্বচ্ছ উদ্দেশ্যৰে কাম কৰে তেতিয়া নাগৰিকৰ উদ্দেশ্যৰো পৰিৱৰ্তন ঘটে। “এইটোৱেই হৈছে ২জি আৰু ৫জিৰ উদ্দেশ্যৰ মূল পাৰ্থক্য”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ভিতৰতে ভাৰতত ডাটাৰ খৰচ সৰ্বনিম্ন৷ প্ৰতি জিবিত ৩০০ টকাৰ পৰা প্ৰায় ১০ টকালৈ হ্ৰাস পাইছে। চৰকাৰৰ গ্ৰাহককেন্দ্ৰিক প্ৰচেষ্টা সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত ডাটাৰ খৰচ যথেষ্ট কম হৈয়েই আছে৷ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়, “এইটো এটা বেলেগ কথা যিটোক লৈ আমি ৰাজহুৱা কৰা নাছিলো আৰু ডাঙৰ ডাঙৰ বিজ্ঞাপন প্ৰকাশ কৰা নাছিলো। আমি দেশৰ জনসাধাৰণৰ সুবিধা আৰু সহজ জীৱন-যাপন কেনেদৰে বৃদ্ধি পায় তাক লৈ গুৰুত্ব দিলো।” “প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা ভাৰত হয়তো লাভৱান হোৱা নাছিল, কিন্তু মই নিশ্চিত যে ভাৰতে চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সম্পূৰ্ণ লাভৱান হ’ব আৰু প্ৰকৃততে ইয়াৰ নেতৃত্ব দিব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে জনায় যে ৫জি প্ৰযুক্তিৰ ব্যৱহাৰ ক্ষিপ্ৰ ইণ্টাৰনেটৰ ব্যৱহাৰতে সীমাবদ্ধ নাথাকে, বৰঞ্চ ইয়াৰ জীৱন সলনি কৰাৰ ক্ষমতা আছে। তেওঁ কয় যে আমি জীৱনকালত প্ৰযুক্তিৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱা দেখিবলৈ পাম। শ্ৰী মোদীয়ে দূৰসংযোগ উদ্যোগ সংস্থাৰ নেতাসকলক দেশৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পৰিদৰ্শন কৰি এই নতুন প্ৰযুক্তিৰ প্ৰতিটো দিশ মুকলি কৰিবলৈ আহ্বান জনায়। তেওঁ বৈদ্যুতিক সামগ্ৰী উৎপাদনৰ বাবে স্পেয়াৰ পাৰ্টছ প্ৰস্তুত কৰিবলৈ এমএছএমইৰ বাবে এক কৰ্মক্ষম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈও আহ্বান জনায়। “দেশত বিপ্লৱ আনিবলৈ ৫জি প্ৰযুক্তিৰ ব্যৱহাৰ কৰা উচিত”, তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে নতুনকৈ মুকলি কৰা ড্ৰোন নীতিৰ পিছত সম্ভৱ হোৱা ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বহু কৃষকে ড্ৰোন উৰুৱাবলৈ শিকি পথাৰত কীটনাশক দ্ৰব্য স্প্ৰে কৰিবলৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে সকলোকে আশ্বাস দিয়ে যে ভৱিষ্যতৰ ভাৰতে আগন্তুক প্ৰযুক্তি খণ্ডত বিশ্বক পথ প্ৰদৰ্শন কৰিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তুলিব।

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহান, , ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ শ্ৰী মুকেশ আম্বানী, ভাৰতী এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ শ্ৰীযুত সুনীল মিট্টাল, আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ শ্ৰীযুত কুমাৰ মংগলম বিৰলা, দূৰসংযোগ বিভাগৰ সচিব শ্ৰী কে ৰাজাৰামন উপস্থিত থাকে৷ 

*****

DS/TS/DB



(Release ID: 1864123) Visitor Counter : 195