কেবিনেট

কেবিনেটে "প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়া (পিএমএৱাই-ইউ)- 'সকলোৰে বাবে আৱাস' মিছন"ক ৩১ ডিচেম্বৰ ২০২৪লৈকে অব্যাহত ৰাখিবলৈ অনুমোদন দিয়ে


ভাৰত চৰকাৰে আৱাসৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আৰু অধিক সময় দিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ অনুৰোধ মানি লয়

যোজনাৰ জৰিয়তে ১২২.৬৯ লাখ স্বীকৃত আৱাসৰ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে

Posted On: 10 AUG 2022 9:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই 'প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়া (পিএমএৱাই-ইউ)'ক ৩১ ডিচেম্বৰ ২০২৪লৈকে অব্যাহত ৰখাৰ আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (এমঅ'এইচইউএ)ৰ প্ৰস্তাৱত আজি অনুমোদন দিয়ে যাৰ জৰিয়তে আগৰে পৰা স্বীকৃত ১২২.৬৯ লাখ আৱাস ৩১ মাৰ্চ, ২০২২লৈকে সম্পূৰ্ণ কৰিবৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হয়।

'পিএমএৱাই-ইউ: সকলোৰে বাবে আৱাস' ভাৰত চৰকাৰৰ দ্বাৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহ/কেন্দ্ৰীয় নডেল এজেঞ্চিৰ মাধ্যমত দেশৰ নগৰীয়া ক্ষেত্ৰৰ সকলো পাত্ৰ লাভাৰ্থীক বাৰমহীয়া পকা ঘৰ উপলব্ধ কৰাবলৈ কাৰ্যান্বিত কৰি থকা প্ৰধান কাৰ্যক্ৰমসমূহৰ ভিতৰত এটা বিশেষ কাৰ্যক্ৰম। এই যোজনাই দেশৰ সম্পূৰ্ণ নগৰীয়া ক্ষেত্ৰ, অৰ্থাৎ ২০১১ চনৰ জনগণনা অনুসৰি সকলো সাংবিধানিক স্থান আৰু অধিসূচিত নিয়োজন/বিকাশ ক্ষেত্ৰসহিত পাছত অধিসূচিত স্থানসমূহ সামৰি লয়। এই যোজনাক এই চাৰিটা কাৰ্যক্ষেত্ৰৰ মাধ্যমত কাৰ্যান্বিত কৰি থকা হৈছে: লাভাৰ্থীৰ নেতৃত্বত নিৰ্মাণ/সংবৰ্ধন (বিএলচি), উমৈহতীয়াত লাভজনক আৱাস (এএইচপি), ইন-ছিটু (স্ব-স্থান) শ্লাম পুনৰ্বিকাশ (আইএছএছআৰ) আৰু ক্ৰেডিট লিংকড ছাবছিডি স্কীম (চিএলএছএছ)। য'ত এফালে ভাৰত চৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰে, একেদৰে আনফালে ৰাজ্য চৰকাৰ/কেন্দ্ৰ শাসিত প্ৰদেশে লাভাৰ্থীৰ বাছনিসহ যোজনা ৰূপায়ণ কৰে।

২০০৪-২০১৪ৰ সময়ছোৱাত নগৰীয়া আৱাস যোজনাৰ জৰিয়তে ৮.০৪ লাখ আৱাসৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল। মোদী চৰকাৰৰ কাৰ্যকালত সকলো পাত্ৰ নগৰীয়া বাসিন্দাক সৰ্বাধিক সংখ্যাত আৱাস উপলব্ধ কৰোৱাৰ বিষয়ত আলোকপাত কৰা হয় আৰু 'পিএমএৱাই-আৰ্বান' যোজনাৰ পৰিকল্পনা কৰা হয়। ২০১৭ চনত মূল আনুমানিক দাবী ১০০ লাখ আৱাসীৰ আছিল। এই মূল আনুমানিক দাবীৰ বিপৰীতে ১০২ লাখ গৃহৰ শিলান্যাস কৰা হয়/নিৰ্মাণাধীন কৰি তোলা হয়। ইয়াৰ উপৰিও, ইয়াৰে ৬২ লাখ আৱাসৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। মুঠ স্বীকৃত ১২৩ লাখ আৱাসৰ ভিতৰত ৪০ লাখ আৱাসৰ প্ৰস্তাৱ ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ পৰা পলমকৈ (যোজনাৰ অন্তিম ২ বছৰৰ সময়ত) পোৱা গৈছিল, যাক সম্পূৰ্ণ কৰাৰ বাবে আৰু দুবছৰৰ প্ৰয়োজন। কাজেই ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ অনুৰোধৰ কথা মনত ৰাখি কেন্দ্ৰীয় মন্ত্ৰীসভাই 'পিএমএৱাই-ইউ'ৰ ৰূপায়ণৰ সময় ৩১-১২-২০২৪লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

২০০৪-২০১৪ৰ ২০,০০০ কোটি টকাৰ বিপৰীতে ২০১৫ চনৰ পৰা এতিয়ালৈকে স্বীকৃত কেন্দ্ৰীয় সাহায্য ২.০৩ লাখ কোটি টকা। ৩১ মাৰ্চ ২০২২লৈকে ১,১৮,০২০.৪৬ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য/ছাবছিডি আগতেই জাৰি কৰা হৈছে আৰু ৩১ ডিচেম্বৰ ২০২৪লৈকে ৮৫,৪০৬ কোটি টকা কেন্দ্ৰীয় সাহায্য/ছাবছিডি হিচাপে জাৰি কৰা হ'ব।

ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৩১ ডিচেম্বৰ ২০২৪লৈকে এই যোজনা জাৰি ৰাখিলে বিএলচি, এএইচপি আৰু আইএছএছআৰ কাৰ্যক্ষেত্ৰৰ জৰিয়তে আগৰে পৰা স্বীকৃত আৱাসসমূহ সম্পূৰ্ণ কৰাত সহায়ক হ'ব।

 

***

DS/AK



(Release ID: 1850886) Visitor Counter : 250