পোষ্ট কৰা হৈছে:
07 AUG 2022 11:27PM by PIB Guwahati
বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ৰ স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভ ঘোষাল আৰু দীপিকা পল্লীকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
"চিডব্লিউজিত আমাৰ খেলুৱৈসকলে ভিন্ন ক্ৰীড়াত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাটো আনন্দৰ বতৰা। স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে @SauravGhosal আৰু @DipikaPallikal ক অভিনন্দন জনালো। তেওঁলোকে পৰম দক্ষতা আৰু টীমৱৰ্ক প্ৰদৰ্শন কৰিছে। তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিলো। # Cheer4India"
***
DS/ST/SB