প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিডব্লিউজি, ২০২২ ত ভাৰতীয় মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভত গৌৰৱ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 07 AUG 2022 5:23PM by PIB Guwahati

কমনৱেলথ গেমছ, ২০২২ ত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

“হকীৰ সৈতে ভাৰতৰ এক অতিশয় বিশেষ সম্পৰ্ক আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ব্ৰঞ্জৰ পদক লাভ কৰা আমাৰ অসাধাৰণ মহিলা হকী দলটোক লৈ প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত হোৱাটো ধুৰূপ। বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে মহিলা দলটোৱে চিডব্লিউজিৰ পডিয়ামত স্থান লাভ কৰিছে। দলটোক লৈ গৌৰৱবোধ কৰিছো! #Cheer4India”

 

***

 

DS/TS/SB



(Release ID: 1850104) Visitor Counter : 98