প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ ৪২সংখ্যক সমাৱৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 29 JUL 2022 12:37PM by PIB Guwahati

তামিলনাডুৰ মাননীয় ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এল মুৰুগান জী, অন্যান্য মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি, আন্না বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ আৰ ভেলৰাজ জী, মোৰ যুৱ বন্ধুসকল, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষকসকল... अनैवक्कुम् वणक्कम् |

প্ৰথমে আজি আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক সমাৱৰ্তনত স্নাতক ডিগ্ৰী লাভ কৰা সকলোলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আপোনালোকে নিজৰ বাবে এটা ভৱিষ্যত গঢ়ি তুলিলেহেঁতেন আপোনালোকৰ মনত। সেয়ে আজি কেৱল কৃতিত্বৰ দিন নহয়, আকাংক্ষাৰো দিন। আমাৰ যুৱ প্ৰজন্মৰ সকলো সপোন বাস্তৱত পৰিণত হোৱাটো কামনা কৰিলোঁ। আন্না বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু অশিক্ষক সহায়ক কৰ্মচাৰীৰ বাবেও এই সময় বিশেষ। তোমালোক জাতি-নিৰ্মাতা যিয়ে কাইলৈৰ নেতা সৃষ্টি কৰি আছে। বহুতো বেচ অহা যোৱা দেখিলেহেঁতেন কিন্তু প্ৰতিটো বেচ অনন্য। নিজৰ নিজৰ স্মৃতিৰ গোট এৰি থৈ যায়। আজি স্নাতক ডিগ্ৰী লাভ কৰা সকলৰ অভিভাৱক সকললৈ বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ ত্যাগ আপোনাৰ সন্তানৰ কৃতিত্বৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ আহিছে।

আজি আমি চেন্নাইৰ সজীৱ নগৰত আমাৰ যুৱ প্ৰজন্মৰ কৃতিত্ব উদযাপন কৰিবলৈ আহিছো। ১২৫ বছৰ পূৰ্বে ১৮৯৭ চনৰ ফেব্ৰুৱাৰী মাহত স্বামী বিবেকানন্দই মাদ্ৰাজ টাইমছৰ সৈতে কথা পাতিছিল। ভাৰতৰ ভবিষ্যতৰ বাবে তেওঁৰ পৰিকল্পনা সন্দৰ্ভত তেওঁক সোধা হৈছিল। তেওঁ কৈছিল: “মোৰ বিশ্বাস নৱ প্ৰজন্মৰ ওপৰত, আধুনিক প্ৰজন্মৰ ওপৰত, তেওঁলোকৰ পৰা মোৰ কৰ্মীসকল আহিব। তেওঁলোকে গোটেই সমস্যাটো সমাধান কৰিব, সিংহৰ দৰে।” সেই শব্দবোৰ এতিয়াও প্ৰাসংগিক। কিন্তু এইবাৰ কেৱল ভাৰতেই নহয় নিজৰ যুৱপ্ৰজন্মৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। সমগ্ৰ বিশ্বই ভাৰতৰ যুৱক-যুৱতীসকলক আশাৰে চাই আছে৷ কাৰণ আপোনালোক দেশৰ বৃদ্ধিৰ ইঞ্জিন, আৰু ভাৰত হৈছে বিশ্বৰ বৃদ্ধিৰ ইঞ্জিন। ই এক বৃহৎ সন্মান। ইয়াৰ উপৰিও ই এক বৃহৎ দায়িত্ব, যিটোত আপোনালোকে পাৰদৰ্শিতা দেখুৱাব বুলি মই নিশ্চিত।

বন্ধুসকল,

আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতি বিশ্বাসৰ কথা কওঁতে আমি কেনেকৈ পাহৰি যাম ভাৰত ৰত্ন, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ কথা। মই নিশ্চিত যে আন্না বিশ্ববিদ্যালয়ৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে ড০ কালাম এই বিশ্ববিদ্যালয়খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁ থকা কোঠাটো স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হৈছে বুলি শুনিছোঁ। তেখেতৰ চিন্তা আৰু মূল্যবোধে আমাৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰক।

বন্ধুসকল,

অনন্য সময়ত আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছে। কিছুমানে ইয়াক বিশ্বব্যাপী অনিশ্চয়তাৰ সময় বুলি ক’ব। কিন্তু মই ইয়াক মহান সুযোগৰ সময় বুলি ক’ম। ক’ভিড-১৯ মহামাৰীৰ এক অভূতপূৰ্ব ঘটনা আছিল। শতিকাত এবাৰ হোৱা সংকট আছিল যাৰ বাবে কাৰো হাতত কোনো ব্যৱহাৰকাৰী মেনুৱেল নাছিল। ই প্ৰতিখন দেশৰ পৰীক্ষা কৰিছিল। আপোনালোকে জানে যে প্ৰতিকূলে আমি কিহৰ পৰা গঠিত সেই কথা প্ৰকাশ কৰে। ভাৰতে আত্মবিশ্বাসেৰে অজ্ঞাতৰ সন্মুখীন হৈছিল, ইয়াৰ বিজ্ঞানী, স্বাস্থ্যসেৱা কৰ্মী, পেছাদাৰী আৰু সাধাৰণ লোকৰ বাবে ধন্যবাদ। ফলস্বৰূপে আজি ভাৰতৰ প্ৰতিটো খণ্ডই নতুন জীৱনেৰে ফুটি উঠিছে। উদ্যোগেই হওক, উদ্ভাৱনেই হওক, বিনিয়োগেই হওক বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই হওক, ভাৰত আগশাৰীত আছে। আমাৰ উদ্যোগটোৱে এই উপলক্ষে উত্থান ঘটাইছে। যেনে- ইলেক্ট্ৰনিকছ উৎপাদন। যোৱা এটা বছৰত ভাৰত আছিল বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন প্ৰস্তুতকাৰী দেশ। উদ্ভাৱন এক জীৱনশৈলীত পৰিণত হৈছে। মাত্ৰ যোৱা ৬ বছৰত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্ট-আপৰ সংখ্যা পোন্ধৰ হাজাৰ শতাংশ বৃদ্ধি পাইছে! হয়, ঠিকেই শুনিছে – পোন্ধৰ হাজাৰ শতাংশ। ২০১৬ চনত মাত্ৰ ৪৭০ৰ পৰা এতিয়া প্ৰায় তেসত্তৰ হাজাৰ! যেতিয়া উদ্যোগ আৰু উদ্ভাৱনে ভাল কাম কৰে, তেতিয়া বিনিয়োগও অনুসৰণ কৰে। যোৱা বছৰ ভাৰতে ৮৩ বিলিয়ন ডলাৰৰ ওপৰত অভিলেখসংখ্যক প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছিল। আমাৰ ষ্টাৰ্ট-আপসমূহেও মহামাৰীৰ পিছত অভিলেখসংখ্যক পুঁজি লাভ কৰিছিল। এই সকলোবোৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক গতিশীলতাত ভাৰতৰ অৱস্থান এতিয়ালৈকে সৰ্বোত্তম ৰূপত আছে। আমাৰ দেশত এতিয়ালৈকে সৰ্বাধিক সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি ৰেকৰ্ড কৰা হৈছে। আমি বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ সময়ত খাদ্য শস্য ৰপ্তানি কৰিছিলোঁ। আমি শেহতীয়াকৈ আমাৰ পশ্চিম দিশত U. A. E. আৰু আমাৰ পূব দিশত অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিলোঁ। বিশ্বৰ যোগান শৃংখলত ভাৰত এক গুৰুত্বপূৰ্ণ সংযোগী হৈ পৰিছে। আমাৰ হাতত এতিয়া সৰ্বাধিক প্ৰভাৱ পেলোৱাৰ সুযোগ আছে, কিয়নো ভাৰতে বাধাক সুযোগলৈ ৰূপান্তৰিত কৰিছে।

বন্ধুসকল,

আপোনালোকৰ বেছিভাগেই অভিযান্ত্ৰিক বা প্ৰযুক্তিৰ সৈতে জড়িত ষ্ট্ৰিমত অধ্যয়ন কৰিছে। টেক নেতৃত্বাধীন বিঘিনিৰ এই যুগত আপোনাৰ পক্ষত তিনিটা গুৰুত্বপূৰ্ণ কাৰক আছে। প্ৰথম কাৰকটো হ’ল প্ৰযুক্তিৰ প্ৰতি ৰুচি আছে। প্ৰযুক্তিৰ ব্যৱহাৰত ক্ৰমাৎ বৃদ্ধি পাইছে আৰামৰ ভাৱ। আনকি দুখীয়াৰ ভিতৰত দুখীয়া সকলেও ইয়াৰ লগত খাপ খাই পৰিছে। বজাৰ, বতৰ আৰু মূল্যৰ বিষয়ে তথ্য লাভ কৰিবলৈ কৃষকসকলে এপ ব্যৱহাৰ কৰে। গৃহিণীসকলে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিজৰ জীৱনটো সহজ কৰি তুলিছে। প্ৰযুক্তি ব্যৱহাৰ কৰি শিশুৱে শিকিছে। ক্ষুদ্ৰ বিক্ৰেতাসকলে ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰিছে। যদি আপুনি তেওঁলোকক নগদ ধন দিয়ে, তেন্তে তেওঁলোকৰ কিছুমানে আচলতে আপোনাক ক’ব যে তেওঁলোকে ডিজিটেল পছন্দ কৰে। ডিজিটেল পেমেণ্ট আৰু ফিনটেকৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ। প্ৰযুক্তিগত উদ্ভাৱনৰ এখন বিশাল বজাৰ আপোনাৰ যাদু কৰিবলৈ অপেক্ষা কৰি আছে।

দ্বিতীয়টো কাৰক হ’ল ৰিস্ক লোৱাসকলৰ ওপৰত বিশ্বাস আছে। আগতে সামাজিক অনুষ্ঠানত এজন যুৱকে এজন উদ্যোগী বুলি কোৱাটো কঠিন হৈ পৰিছিল। মানুহে তেওঁলোকক কৈছিল ‘get settled’, অৰ্থাৎ, দৰমহাযুক্ত চাকৰি এটা লওক। এতিয়া, পৰিস্থিতি ইয়াৰ বিপৰীত। মানুহে সুধিছে যে আপুনি নিজাববীয়াকৈ কিবা এটা আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে নেকি! কোনোবাই কামত কাম কৰি থাকিলেও ষ্টাৰ্ট-আপৰ বাবে কাম কৰাটো শীতল বুলি দেখা যায়। ৰিস্ক লোৱাসকলৰ উত্থানৰ অৰ্থ আপোনাৰ বাবে দুটা কথা। আপুনি নিজাববীয়াকৈ ৰিস্ক ল’ব পাৰে। বা আনে সৃষ্টি কৰা সুযোগৰ ওপৰত নিৰ্মাণ কৰিব পাৰে।

তৃতীয়টো কাৰক হ’ল সংস্কাৰৰ বাবে স্বভাৱ আছে। আগতে এটা ধাৰণা আছিল যে শক্তিশালী চৰকাৰ মানে সকলো আৰু সকলোকে নিয়ন্ত্ৰণ কৰিব লাগে। কিন্তু আমি এইটো সলনি কৰি দিছো। শক্তিশালী চৰকাৰে সকলো বা সকলোকে নিয়ন্ত্ৰণ নকৰে। ই ব্যৱস্থাটোৰ হস্তক্ষেপ কৰাৰ ইমপালছ নিয়ন্ত্ৰণ কৰে। এখন শক্তিশালী চৰকাৰ বাধাপ্ৰাপ্ত নহয় বৰঞ্চ সঁহাৰিদায়ক। শক্তিশালী চৰকাৰে প্ৰতিটো ডমেইনলৈ গতি নকৰে। ই নিজকে সীমিত কৰি ৰাখে আৰু মানুহৰ প্ৰতিভাৰ বাবে স্থান দিয়ে। এখন শক্তিশালী চৰকাৰৰ শক্তি নিহিত হৈ আছে যে ই সকলো কথা জানিব বা কৰিব নোৱাৰে বুলি মানি লোৱাৰ নম্ৰতাত৷ এই কাৰণেই আপুনি প্ৰতিটো ক্ষেত্ৰতে সংস্কাৰ দেখিছে যিয়ে জনসাধাৰণ আৰু তেওঁলোকৰ স্বাধীনতাৰ বাবে অধিক স্থান দিয়ে।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যুৱক-যুৱতীসকলৰ বাবে বিকাশশীল পৰিস্থিতি অনুসৰি সিদ্ধান্ত লোৱাৰ অধিক স্বাধীনতা নিশ্চিত কৰে। প্ৰায় ২৫ হাজাৰ কম্প্লাইয়েন্স বাতিল কৰিলে জীৱন-যাপনৰ সহজতা বৃদ্ধি পাইছে। এঞ্জেল টেক্স আঁতৰোৱা, পুৰ্বদৃষ্টিসম্পন্ন কৰ আঁতৰোৱা, আৰু কৰ্পৰেট কৰ হ্ৰাস কৰা–বিনিয়োগ আৰু উদ্যোগক উৎসাহিত কৰি তুলিছে। ড্ৰ’ন, মহাকাশ আৰু ভূ-স্থানীয় খণ্ডৰ সংস্কাৰে নতুন পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে আন্তঃগাঁথনি খণ্ডত হোৱা সংস্কাৰৰ ফলত দ্ৰুত আৰু পৰিসৰত বিশ্বমানৰ আন্তঃগাঁথনিৰ সৃষ্টি হৈছে। প্ৰযুক্তিৰ প্ৰতি ৰুচি, ৰিস্ক লোৱাসকলৰ ওপৰত বিশ্বাস আৰু সংস্কাৰৰ বাবে স্বভাৱ আছে। এই সকলোবোৰ কাৰকে আপোনাৰ বাবে এটা মঞ্চ সৃষ্টি কৰি আছে য’ত সুযোগ সৃষ্টি কৰা হৈছে, স্থায়ী কৰা হৈছে আৰু বৃদ্ধি কৰা হৈছে।

বন্ধুসকল,

অহা ২৫ বছৰ আপোনাৰ আৰু ভাৰত উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ। ই হৈছে স্বাধীনতাৰ ১০০ বছৰলৈ যোৱা অমৃত কাল। আমি ভাগ্যৱান যে আপোনালোকৰ দৰে বহু যুৱকে ভাৰতৰ লগতে নিজৰ ভৱিষ্যত গঢ়ি তুলিব৷ গতিকে, আপোনাৰ বৃদ্ধি ভাৰতৰ বৃদ্ধি। আপোনাৰ শিক্ষণ ভাৰতৰ শিক্ষণ। আপোনাৰ জয় ভাৰতৰ জয়। গতিকে, যেতিয়া আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে নিজৰ পৰিকল্পনা কৰে...মনত ৰাখিব যে আপুনিও স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ বাবেও পৰিকল্পনা কৰি আছে। ই এক ঐতিহাসিক সুযোগ যিটো কেৱল আপোনাৰ প্ৰজন্মৰ হাতত আছে। লওক আৰু ইয়াৰ পৰা সৰ্বোত্তমখিনি উলিয়াওক! আকৌ এবাৰ অভিনন্দন আৰু শুভকামনা থাকিল!

 

***

DS/TS/AK/MS



(Release ID: 1846724) Visitor Counter : 101