প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৩১ জুলাইৰ পুৱা ১১ বজাত ‘মন কি বাত’ৰ জুলাই সংস্কৰণ শুনিবলৈ সকলো নাগৰিকক আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ পুস্তিকাৰ জুন সংস্কৰণ ভাগ বতৰা কৰে

পোষ্ট কৰা হৈছে: 30 JUL 2022 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জুলাইৰ পুৱা ১১ বজাত ‘মন কি বাত’ৰ জুলাইৰ সংস্কৰণ শুনিবৰ বাবে সকলো নাগৰিককে আমন্ত্ৰণ জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ পুস্তিকাৰ জুন সংস্কৰণটো ভাগ বতৰা কৰে য'ত মহাকাশত ভাৰতৰ প্ৰগতি, ক্ৰীড়া ক্ষেত্ৰত গৌৰৱ, ৰথ যাত্ৰা আদি বিষয়সমূহ সামৰি লোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"মই আপোনালোক সকলোকে কাইলৈ, ৩১ জুলাইৰ পুৱা ১১ বজাত এই মাহৰ #MannKiBaat শুনিবলৈ আমন্ত্ৰণ জনাইছোঁ।

লগতে যোৱা মাহৰ আকৰ্ষণীয় বিষয় যেনে মহাকাশত ভাৰতৰ পদক্ষেপ, ক্ৰীড়া ক্ষেত্ৰত গৌৰৱ, ৰথ যাত্ৰা আদি সামৰি এখন পুস্তিকা ভাগ বতৰা কৰা হৈছে।"

 

 ***

DS/TS/KG


(ৰিলিজ আই ডি : 1846715) অতিথি কক্ষ : 127