প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গান্ধীনগৰত গিফ্ট চিটীত আইএফএছচিএ মুখ্য কাৰ্যালয়ৰ শিলান্যাস সমাৰোহত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

Posted On: 29 JUL 2022 7:40PM by PIB Guwahati

নমস্কাৰ!

কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেন্দ্ৰ ভাই, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা জী, মন্ত্ৰীসভাৰ মোৰ অন্য বন্ধুসকল, বিজনেছ ৱৰ্ল্ডৰ সকলো গণ্যমান্য বন্ধুসকল, ইয়াত উপস্থিত আন সকলো মহানুভৱ, দেৱী আৰু সজ্জনসকল!

আজি ভাৰতৰ বৰ্ধিত অৰ্থনৈতিক সামৰ্থ্য, ভাৰতৰ বৰ্ধিত প্ৰযুক্তিগত সামৰ্থ্য আৰু ভাৰতৰ ওপৰত বিশ্বৰ বৰ্ধিত ভৰষাৰ বাবে এই দিৱস বহুত মহত্বপূৰ্ণ, এটা বিশেষ দিন। এনেকুৱা সময়ত যেতিয়া ভাৰতে নিজৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে, আধুনিক হ'বলৈ ধৰা ভাৰতৰ নতুন সংস্থান আৰু নতুন ব্যৱস্থাই ভাৰতৰ গৌৰৱ বঢ়াই আছে।

আজি গিফ্ট চিটীত, International Financial Services Centres Authority - IFSCA Headquarters Buildingৰ শিলান্যাস কৰা হৈছে। মোৰ বিশ্বাস, এই ভৱন নিজৰ আৰ্কিটেকচাৰত যিমান ভব্য হ'ব, সিমানেই ভাৰতক অৰ্থনৈতিক মহাশক্তি কৰি তোলাৰ অসীম সুযোগো থিয় কৰাব। IFSCA এক enabler-ও হ'ব, innovation-ক ছাপৰ্ট কৰিব, আৰু এই সকলোৰে সৈতে growth opportunitiesৰ বাবে এক catalystৰ কামো কৰিব। গিফ্ট চিটীত NSE IFSC- SGX Connect-ৰ launching-ৰ জৰিয়তে আজি এই আৰম্ভণি হৈ আছে।

বন্ধুসকল,

আজি India International Bullion Exchange তাকো launch কৰা হৈছে। New Development Bankৰ Indian regional office, 3 Foreign Banks, আৰু 4 International Trade Financing Services Platforms, এই সকলোৰে সৈতে বহু মহত্বপূৰ্ণ স্তৰ আজি আমি অতিক্ৰম কৰিছো। ইয়াৰ জৰিয়তে ১৩০ কোটি দেশবাসীৰ সামৰ্থ্যক আধুনিক গোলকীয় অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাত আৰু সহায়ক হ'ব।

ভাৰত এতিয়া ইউএছএ, ইউকে আৰু ছিংগাপুৰৰ দৰে পৃথিৱীৰ সেই দেশসমূহৰ শাৰীত থিয় দিছে য'ৰ পৰা গ্লবেল ফাইনেঞ্চক দিশ দেখুওৱা হয়। মই এই সুযোগতে আপোনালোক সকলোকে, আৰু সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছো। মই বিশেষকৈ ছিংগাপুৰৰ আমাৰ বন্ধুসকলকো অভিনন্দন জনাইছো যাৰ সহযোগত দুয়োখন দেশৰ বাবে সম্ভাৱনাৰ পৰিসৰ মুকলি হৈছে।

বন্ধুসকল,

গুজৰাটত থকাৰ সময়ত যেতিয়া মই গিফ্ট চিটীৰ পৰিকল্পনা কৰিছিলো, তেতিয়া সেয়া কেৱল বেহা-বেপাৰ বা অৰ্থনৈতিক কামকাজতে সীমিত নাছিল। গিফ্ট চিটীৰ পৰিকল্পনাত দেশৰ সাধাৰণ মানুহৰ আকাংক্ষা জড়িত আছে। গিফ্ট চিটীত ভাৰতৰ ভৱিষ্যতৰ দৃষ্টিভংগী জড়িত আছে, ভাৰতৰ সোণালী অতীতৰ সপোনো জড়িত আছে।

বন্ধুসকল,

মোৰ মনত আছে, জানুৱাৰী ২০১৩ত যেতিয়া মই 'গিফ্ট ৱান'ৰ উদ্বোধনৰ বাবে ইয়ালৈ আহিছিলো, তেতিয়া মানুহে ইয়াক গুজৰাটৰ সবাতোকৈ ওখ বিল্ডিং বুলি কৈছিল। বহু মানুহৰ বাবে এইটোৱেই ইয়াৰ পৰিচয় আছিল। কিন্তু, গিফ্ট চিটী এটা এনেকুৱা ধাৰণা আছিল, যি নিজৰ সময়তকৈও বহু আগত আছিল। আপোনালোকে মনত পেলাওক, ২০০৮ত World economic crisis আৰু recessionৰ সময় আছিল। ভাৰততো দুৰ্ভাগ্যবশতঃ সেই সময়ত policy paralysisৰ অৱস্থা আছিল। কিন্তু, সেই সময়ত, অৰ্থাৎ কল্পনা কৰক সেই সময়ৰ পৃথিৱীৰ স্থিতি, সেই সময়ত গুজৰাটে ফিনটেকৰ ক্ষেত্ৰত নতুন আৰু ডাঙৰ পদক্ষেপ দি আছিল। মই আনন্দিত যে সেই ধাৰণা আজি ইমান আগবাঢ়িল। গিফ্ট চিটীয়ে বাণিজ্য আৰু প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে নিজৰ শক্তিশালী পৰিচয় গঢ়ি তুলিছে। গিফ্ট চিটীয়ে wealth আৰু wisdom, দুয়োটাকে celebrate কৰিছে। মই এইটো দেখিও ভাল পাইছো যে গিফ্ট চিটীৰ জৰিয়তে ভাৰতে বিশ্ব স্তৰত ছাৰ্ভিচ ছেক্টৰত শক্তিশালী দাবীৰে আগবাঢ়ি আছে।

বন্ধুসকল,

গিফ্ট চিটীৰ আৰু এটা বিশেষ কথা এইটো যে ই tri-city approachৰ প্ৰধান স্তম্ভ। আহমেদাবাদ, গান্ধীনগৰ আৰু গিফ্ট চিটী, তিনিওখন এখন আনখনৰ পৰা মাত্ৰ ৩০ মিনিটৰ দূৰত্বত আছে। আৰু তিনিওখনৰে নিজা নিজা বিশেষ পৰিচয় আছে। আহমেদাবাদে এক গৌৰৱশালী ইতিহাসক নিজৰ ভিতৰত সাৱটি আছে, গান্ধীনগৰ প্ৰশাসনৰ কেন্দ্ৰ, নীতি আৰু নিৰ্ণয়ৰ মুখ্য নিৰ্মাতা আৰু গিফ্ট চিটী অৰ্থতন্ত্ৰৰ প্ৰধান কেন্দ্ৰ। অৰ্থাৎ যদি আপোনালোকে এই তিনিওখনৰ যিকোনো এখনলৈ যায় তেন্তে past, present বা futureৰ পৰা কেৱল ত্ৰিশ মিনিট আঁতৰত থাকিব।

বন্ধুসকল,

গিফ্ট চিটীৰে জড়িত initiatives, ‘ease of doing business’ আৰু ‘ease of living’ৰ দিশত আমাৰ প্ৰয়াসৰ অংশও। আমি এই কথা মনত ৰাখিব লাগিব যে এক vibrant fintech খণ্ডৰ অৰ্থ কেৱল easier business climate, reforms আৰু regulationsলেকেই সীমিত নহয়। ই বেলেগ বেলেগ ক্ষেত্ৰত কাম কৰি থকা বৃত্তিধাৰীক একোটা উন্নত জীৱন আৰু নতুন সুযোগ দিয়াৰো মাধ্যম।

গিফ্ট চিটী এখন এনেকুৱা ঠাই হৈ আছে, য'ৰ পৰা নতুন নতুন ধাৰণা ওলাই আছে, সম্পদ সৃষ্টি হৈ আছে, আৰু পৃথিৱীৰ সবাতোকৈ ভাল মনবিলাকে ইয়ালৈ আহি শিকি আছে, বিকাশ কৰি আছে। অৰ্থাৎ গিফ্ট চিটী একপ্ৰকাৰ ভাৰতৰ পুৰণি অৰ্থনৈতিক গৌৰৱ প্ৰাপ্ত কৰাৰো এটা মাধ্যম হৈ আছে। ইয়াত উদ্যোগৰ যিসকল দিগ্গজ আছে, তেওঁলোকে জানে যে ভাৰতৰ মানুহে শ শ বছৰ ধৰি বেহা-বেপাৰৰ বাবে সমগ্ৰ পৃথিৱীলৈ গৈ থাকে। পৃথিৱীৰ এনেকুৱা কোনো অংশ হয়তো কমেই আছে য'ত ভাৰতীয় গৈ উপস্থিত হোৱা নাই। ভাৰতীয় ব্যৱসায়ীয়ে innovative financing techniques, তাৰো প্ৰয়োগ কৰিছিল।

মই যিখন ঠাইৰ পৰা আহিছো, মোৰ যি জন্ম স্থান- ৱডনগৰ, তাত খনন চলি আছে আৰু তাতো খননত প্ৰাচীন কালৰ মুদ্ৰা পোৱা গৈছে। এয়া এই কথাৰ প্ৰমাণ যে আমাৰ ব্যৱসায়ী ব্যৱস্থা আৰু সম্পৰ্ক কিমান ব্যাপক আছিল। কিন্তু স্বাধীনতাৰ পাছত আমি নিজেই নিজৰ ঐতিহ্যক, নিজৰ এই শক্তিক চিনি পোৱাত অক্ষম হৈছো। সম্ভৱতঃ এয়া দাসত্ব আৰু দুৰ্বল আত্মবিশ্বাসৰ প্ৰভাৱ আছিল যে আমি নিজৰ ব্যাৱসায়িক, সাংস্কৃতিক আৰু আন সম্পৰ্কবিলাক যিমান সম্ভৱ সীমিত কৰি পেলালো। কিন্তু এতিয়া নতুন ভাৰতে সেই পুৰণি চিন্তাও সলনি কৰিছে। আজি integration আমাৰ কাৰণে বহুত মহত্বপূৰ্ণ এজেণ্ডা। এখন গ্লবেল মাৰ্কেটৰ সৈতে, গ্লবেল ছাপ্লাই চেইনৰ সৈতে দ্ৰুতগতিত সম্পৰ্ক স্থাপন কৰি আছে। আৰু গিফ্ট চিটী ভাৰতৰ লগে লগে গ্লবেল সুযোগৰ সৈতে সংযুক্ত হোৱাৰ এক মহত্বপূৰ্ণ গেটৱে। যেতিয়া আপোনালোকে গিফ্ট চিটীৰ সৈতে সংযোগ স্থাপন কৰিব, তেতিয়া আপোনালোকে সমগ্ৰ বিশ্বৰ সৈতে সংযোগ স্থাপন কৰিব।

 

বন্ধুসকল,

 

আজি ভাৰত পৃথিৱীৰ সবাতোকৈ ডাঙৰ অৰ্থনীতিৰ অন্যতম। সেয়ে, ভৱিষ্যতে যেতিয়া আমাৰ অৰ্থনীতি আজিতকৈও বহু ডাঙৰ হ'ব, আমি তাৰ বাবে এতিয়াৰে পৰা সাজু হ'ব লাগিব আৰু ডাঙৰ হোৱাটো নিশ্চিত। আমাক তাৰ বাবে এনেকুৱা প্ৰতিষ্ঠান লাগে, যি global economy-ত আমাৰ আজিৰ আৰু ভৱিষ্যতৰ ভূমিকা পূৰণ কৰিব পাৰে। India International Bullion Exchange - IIBX-য়ে এই দিশতে এটা পদক্ষেপ।

 

সোণৰ বাবে ভাৰতৰ মানুহৰ মৰম একোৰেই লুকাই থকা নাই। সোণ ভাৰতত মহিলাৰ অৰ্থনৈতিক শক্তিৰ ডাঙৰ মাধ্যম। মহিলাৰ বিশেষ স্নেহৰ কাৰণে সোণ আমাৰ সমাজ আৰু সংস্কৃতিক ব্যৱস্থাৰো সিমানেই বিশেষ অংশ হৈ আছে। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে এইটো যে ভাৰত আজি সোণ-ৰূপৰ ক্ষেত্ৰৰ এখন বহুত ডাঙৰ বজাৰ। কিন্তু ভাৰতৰ পৰিচয় ইমানেই হোৱা উচিতনে? ভাৰতৰ পৰিচয় এক মাৰ্কেট মেকাৰ হিচাপেও হোৱা উচিত। IIBX এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আমাৰ সোণৰ সৈতে জড়িত উদ্যোগৰ প্লেয়াৰ্ছক, বিশেষকৈ জুৱেলাৰ্ছক, ই বিস্তাৰ কৰাত সহায় কৰিব, তেওঁলোকৰ বাবে নতুন সুযোগৰ পথ নিৰ্মাণ কৰিব। সেয়া প্ৰত্যক্ষ আৰু স্বচ্চ পদ্ধতিৰে পোনপটীয়াকৈ bullion ক্ৰয় কৰিব পাৰিব আৰু international price discoveryত participateও কৰিব। লগতে, IIBX exchange-ৰ জৰিয়তে পোনপটীয়াকৈ গোল্ডত বাণিজ্য কৰাৰ সুযোগো দিব। যিমানেই গোল্ড ট্ৰেডিঙৰ মাৰ্কেট সংগঠিত হ'ব সিমানেই ভাৰতত সোণৰ চাহিদা, সোণৰ দাম প্ৰভাৱিতও কৰিব আৰু নিৰ্ধাৰণো কৰিব।

 

বন্ধুসকল,

 

অনাগত সময়ত ভাৰতত যি হ'ব, তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ ওপৰত পৰিব। তাৰ ফলত সমগ্ৰ পৃথিৱীয়ে দিশ লাভ কৰিব। আমি স্থানীয় আশা-আকাংক্ষাকো গুৰুত্ব দিওঁ আৰু গ্লবেল সহযোগিতাৰ গুৰুত্বও উপলব্ধি কৰো। এফালে, আমি গোলকীয় মূলধনক স্থানীয় কল্যাণৰ বাবে আনি আছো আৰু আনফালে আমি স্থানীয় উৎপাদনশীলতাক গোলকীয় কল্যাণৰ বাবে সুৰক্ষিতও কৰি আছো। আজি ভাৰতলৈ অভিলেখ পৰিমাণৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগ আহি আছে। এই বিনিয়োগে দেশত নতুন সুযোগৰ সৃষ্টি কৰি আছে, যুৱক-যুৱতীৰ আকাংক্ষা পূৰণ কৰি আছে। ই আমাৰ উদ্যোগক শক্তি দি আছে, আৰু আমাৰ উৎপাদনশীলতা বঢ়াই আছে। আৰু এই উৎপাদনশীলতা কেৱল ভাৰতৰে শক্তি হৈ থকা নাই, ইয়াৰ লাভ সমগ্ৰ বিশ্বৰ হৈ আছে। এই কথা সত্য যে আজি যিসকল বিনিয়োগকাৰীয়ে ভাৰতত বিনিয়োগ কৰি আছে, তেওঁলোকে নিজৰ বিনিয়োগৰ ওপৰত ভাল ৰিটাৰ্ণ পাই আছে। কিন্তু ইয়াৰ প্ৰভাৱ, ইয়াৰ সৈতে জড়িত সম্ভাৱনা ইয়াতকৈও বহু ব্যাপক। আজি আমাৰ ৰপ্তানিয়ে ৰেকৰ্ড লেভেল স্পৰ্শ কৰি আছে। আমাৰ সামগ্ৰী নতুন নতুন দেশত নতুন নতুন বজাৰলৈ গৈ পাইছে।

 

এটা এনেকুৱা সময় আৰু সেই সময় এনেকুৱা যেতিয়া গ্লবেল ছাপ্লাই চেইন অনিশ্চয়তাৰ চিকাৰ। পৃথিৱী এই অনিশ্চয়তাক লৈ শংকিত, ভাৰতে পৃথিৱীক কোৱালিটী প্ৰডাক্ট আৰু ছাৰ্ভিচেছৰ ভৰষা দি আছে। সেয়ে, যেনেকৈ মই কৈছো যে এয়া স্থানীয় কল্যাণৰ বাবে গ্লবেল কেপিটেল আৰু গ্লবেল ৱেলফেয়াৰৰ বাবে লোকেল প্ৰডাক্টিভিটীৰ এটা অদ্ভূত সংমিশ্ৰণ। গিফ্ট চিটীৰে জড়িত সকলো প্ৰতিষ্ঠানে এই বান্ধোন অধিক শক্তিশালী কৰাৰ কাম কৰিব। ইয়াত বহু প্ৰতিষ্ঠান এনেকুৱা আছে যাৰ ওচৰত গ্লবেল footprints-ও আছে আৰু লোকেল কানেক্টো আছে।

 

বন্ধুসকল,

 

নতুন ভাৰতৰ নতুন সংস্থানৰ পৰা, নতুন ব্যৱস্থাৰ পৰা মোৰ বহুতো আশা আছে আৰু আপোনালোকৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰষাও আছে। আজি ২১শ শতিকাত বিত্ত আৰু প্ৰযুক্তি এটা আনটোৰ সৈতে সংযুক্ত। আৰু কথা যেতিয়া প্ৰযুক্তিৰ হয়, কথা বিজ্ঞান আৰু ছফ্টৱেৰৰ হয়, তেন্তে ভাৰতৰ ওচৰত edge-ও আছে আৰু experience-ও আছে। আজি real time digital paymentsত সমগ্ৰ পৃথিৱীত ৪০ শতাংশ অংশীদাৰিত্ব অকলে ভাৰতৰ আছে। আজি আমি ইয়াত লীডাৰ। ফিনটেকৰ ক্ষেত্ৰত ভাৰতৰ এই শক্তিয়ে সমগ্ৰ বিশ্বক আকৰ্ষণ কৰি আছে। সেয়ে, মোৰ আপোনালোক সকলোলৈকে আহ্বান যে ফিনটেকত আপোনালোকে নতুন নতুন উদ্ভাৱনৰ বাবে টাৰ্গেট কৰক। GIFT IFSC fintech-ৰ গ্লবেল লেবৰেটৰী হৈ উত্থিত হওক।

 

বন্ধুসকল,

 

মই আৰু এটা বিশেষ পক্ষৰ ফালে আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছো। ভাৰতৰ বাবে সফলতা আৰু সেৱা এটা আনটোৰ পৰ্যায়। জনকল্যাণৰ পৰা জগকল্যাণ, এয়া আমাৰ ভাবনা। সেয়ে, আজি ভাৰতে sustainable development-ৰ ক্ষেত্ৰত বিশ্বজনীন সম্ভাৱনাৰ নেতৃত্ব কৰি আছে। আমি নিজৰ বাবে Net zero carbon emission-ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। ৰাষ্ট্ৰীয় স্তৰত আমি গতি শক্তি মাষ্টাৰ প্লেনক আগবঢ়াই আছো, নবীকৰণযোগ্য শক্তি আৰু ই-মোবিলিটিৰ নতুন অভিলেখ গঢ়ি আছো। আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতে ইণ্টাৰনেচনেল ছ'লাৰ এলায়েঞ্চক দিশ দেখুৱাই আছে। এইখন এখন এনেকুৱা ক্ষেত্ৰ য'ত আমাৰ সমৰ্পণে অসীম সম্ভাৱনা মুকলি কৰিব। মই বিচাৰো যে GIFT IFSC, sustainable আৰু climate projectsৰ বাবে global debt আৰু equity capitalৰ এক gateway হওক। এনেকৈ, ভাৰতক aircraft leasing, ship financing, carbon trading, digital currency, আৰু IP rights-ৰ পৰা investment management-লৈকে বহু financial innovations-ৰ আৱশ্যক। IFSCA -য়ে এই দিশত কাম কৰা উচিত। IFSCA-য়ে regulation আৰু operation cost-ও কেৱল ভাৰত নহয় বৰঞ্চ দুবাই ছিংগাপুৰৰ দৰে দেশৰ তুলনাতো competitive কৰা দৰকাৰ। আপোনালোকৰ লক্ষ্য হোৱা দৰকাৰ যাতে IFSCA regulationsত লীডাৰ হওক, rule of law-ৰ বাবে high standards নিৰ্ধাৰণ কৰক, আৰু বিশ্বৰ বাবে পছন্দৰ arbitration center হৈ উত্থিত হওক।

 

বন্ধুসকল,

 

বেংকিং খণ্ডৰ যিসকল বন্ধু ইয়াত আছে, তেওঁলোকৰ সহযোগত যোৱা ৮ বছৰত দেশে financial inclusionৰ এটা নতুন ঢৌ দেখিলে। ইমানলৈকে যে, দুখীয়াতকৈ দুখীয়াও আজি formal financial institutionsৰ সৈতে সংযুক্ত হৈ আছে। আজি যিসময়ত আমাৰ এটা বৃহৎ অংশ বিত্তৰ সৈতে সংযুক্ত হৈছে, এয়া সময়ৰ দাবী যে চৰকাৰী সংস্থা আৰু প্ৰাইভেট প্লেয়াৰ্ছ লগ হৈ পদক্ষেপ আগবঢ়াওক। উদাহৰণ হিচাপে, আজি বেছিক বেংকিঙৰ পৰা ওপৰলৈ উঠি financial literacyৰ ক্ষেত্ৰত financial educationৰ বাবে সুযোগ আছে। আজি ভাৰতত এটা ডাঙৰ আকাংক্ষী শ্ৰেণী আছে যি বিকাশৰ বাবে বিনিয়োগ কৰিব বিচাৰে। যদি তেওঁলোকৰ বাবে এনেকুৱা financial courses থাকে যি তেওঁলোকক বেলেগ বেলেগ financial instruments আৰু তেওঁলোকৰ featuresয়ে ইয়াৰ বিষয়ে শিকাব পাৰে, তেন্তে ইয়াৰ পৰা তেওঁলোকৰ বহুত সহায় হ'ব।

 

এটা উদাহৰণ মিউচুৱেল ফাণ্ডৰো আছে। Association of Mutual Funds-ৰ মতে, ২০১৪ত ভাৰতত mutual fund industry-ৰ assets under management প্ৰায় ১০ লাখ কোটি আছিল। এই আঠ বছৰত, জুন ২০২২লৈকে ই ২৫০ শতাংশ বাঢ়ি ৩৫ লাখ কোটি হ'লগৈ। অৰ্থাৎ মানুহে বিনিয়োগ কৰিব বিচাৰে, তেওঁলোক ইয়াৰ বাবে সাজু আছে। আমি তেওঁলোকৰ বাবে শিক্ষা আৰু তথ্য নিশ্চিত কৰিব লাগিব। মই কওঁ যে আমাৰ financial ecosystem-ক non-finance colleges-ৰ সৈতে tie-up কৰা উচিত, যুৱক-যুৱতীসকলক শিক্ষিত কৰা দৰকাৰ। অৱশেষত, এইসকল যুৱক-যুৱতীয়েই যি অনাগত সময়ত earners আৰু investors হ'ব। এই পৰিক্ৰমাত মানুহৰ ভৰষা জন্ম হওক, ইয়াৰ বাবে তেওঁলোকক not for profit mode মোডত চলাব লাগিব। গিফ্ট চিটীয়েও private playersৰ কামকাজ দেখি ইয়াৰ বাবে এটা ভাল ৰোডমেপ আৰু গ্ৰাউণ্ড ৰুলছ প্ৰস্তুত কৰাত কাম কৰিব পাৰি। এই বছৰ বাজেটত গিফ্ট চিটীত Foreign Universitiesক লৈ যি ঘোষণা হৈছে, তাৰ পৰাও ই সহায় পাব।

 

বন্ধুসকল,

 

মোৰ বিশ্বাস যে আপোনালোকে দেশৰ সামৰ্থ্যৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব, আৰু অমৃতকালত দেশৰ আশা পূৰণ কৰিব লাগিব। এই ভাবনাৰেই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! মই গুজৰাট চৰকাৰকো ধন্যবাদ জনাম যে গিফ্ট চিটীৰ ইমান ডাঙৰ মিছনত গুজৰাট চৰকাৰৰ নীতি বহুত পৰিপূৰক আৰু পোষক হৈ আছে। আৰু ইয়াৰ বাবেও মই গুজৰাট চৰকাৰৰ সকলো তৎপৰতাৰ প্ৰশংসা কৰিছো, গুজৰাটৰ মুখ্যমন্ত্ৰী জীক অভিনন্দন জনাইছো।

 

ইয়াত মই দেখিছো GEMs আৰু জুৱেলাৰী জগতৰ লোকো বৃহৎ সংখ্যাত উপস্থিত আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই সুযোগ তেওঁলোকে ভালদৰে উপলব্ধি কৰিছে। তেওঁলোকৰ বাবে কিমান ডাঙৰ সুযোগ সৃষ্টি হৈছে তাৰ অনুমান তেওঁলোকে ভালদৰেই উপলব্ধি কৰিছে আৰু তাৰ সুযোগ তেওঁলোকে সম্পূৰ্ণৰূপত ল'ব। এই বিশ্বাসেৰেই মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছো, বহুত বহুত শুভকামনা জনাইছো।

 

ধন্যবাদ!

 

**********

 

DS/VJ/IG/AK



(Release ID: 1846502) Visitor Counter : 135