কেবিনেট

মালদ্বীপৰ ন্যায়িক আয়োগৰ মাজত ন্যায়িক সহযোগিতা ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 20 JUL 2022 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত ভাৰত আৰু মালদ্বীপৰ ন্যায়িৰ আয়োগৰ মাজত ন্যায়িক সহযোগিতা ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়৷ ন্যায়িক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু অন্যান্য দেশৰ মাজত স্বাক্ষৰিত এইখন অষ্টম বুজাবুজি চুক্তি৷

এই বুজাবুজি চুক্তিয়ে আদালতৰ ডিজিটেলাইজেচনৰ বাবে তথ্য প্ৰযুক্তিৰ সুবিধাসমূহ টেপ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব আৰু দুয়োখন দেশৰ আই টি কোম্পানী আৰু ষ্টাৰ্ট-আপৰ বাবে ই এক সম্ভাৱ্য বিকশৰ ক্ষেত্ৰ হ’ব৷

শেহতীয়া বছৰবোৰত ভাৰত আৰু মালদ্বীপৰ মাজত ঘনিষ্ঠ সম্পৰ্ক বহুমাত্ৰিকভাৱে তীব্ৰতৰ হৈ উঠিছে। আইন আৰু ন্যায়ৰ ক্ষেত্ৰত সহযোগিতাৰ এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে দুয়োখন দেশৰ মাজত সু-সম্পৰ্কই অধিক গতি লাভ কৰিব। এই চুক্তিয়ে কেৱল দুয়োখন দেশৰ মাজত ন্যায়িক আৰু অন্যান্য আইনী ক্ষেত্ৰত জ্ঞান আৰু প্ৰযুক্তিৰ আদান-প্ৰদান সক্ষম কৰাই নহয়, “চুবুৰীয়া প্ৰথম” নীতিৰ লক্ষ্যসমূহকো আগুৱাই নিব৷

***

DS/SH/DB



(Release ID: 1844899) Visitor Counter : 94