প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'মাই ফ্ৰেইণ্ড, আবে ছান' - শ্বিনজো আবেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
08 JUL 2022 9:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ভাগ কৰিছে।
এটা টুইট থ্ৰেডত প্ৰধানমন্ত্ৰীয়ে কয় যে :
"আবে ডাঙৰীয়াৰ বিয়োগত জাপান আৰু বিশ্বই এজন মহান দূৰদৰ্শীক হেৰুৱালে। আৰুমই ব্যক্তিগতভাৱে এজন প্ৰিয় বন্ধুক হেৰুৱালো। বন্ধু আবে ছানলৈ এটা শ্ৰদ্ধাঞ্জলি..."
"মই প্ৰথমবাৰৰ বাবে ২০০৭ চনত আবে ছানক লগ পাইছিলো আৰু তাৰ পিছৰ পৰা, আমাৰ মাজত বহুতো স্মৰণীয় বাৰ্তালাপ হৈছিল। মই এই স্মৃতিসমূহ সদায় জীয়াই ৰাখিম। আবে ছানে ভাৰত-জাপানৰ সম্পৰ্কক শক্তিশালী কৰি তুলিছিল।গোলকীয় নেতৃত্বৰ ক্ষেত্ৰত আবে ছান তেওঁৰ সময়তকৈ আগবাঢ়ি আছিল। কোৱাড, আছিয়ান নেতৃত্বাধীন ফ'ৰাম, ইণ্ডো পেচিফিক অ'চেনছ ইনিচিয়েটিভ, এছিয়া-আফ্ৰিকা গ্ৰ'থ কৰিডৰ আৰু ক'লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ সকলোৱে তেওঁৰ অৱদানৰ পৰা লাভৱান হৈছিল।"
***
DS/AK/MS
(ৰিলিজ আই ডি : 1840922)
অতিথি কক্ষ : 140
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Odia
,
Telugu
,
Urdu
,
English
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam