প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৬ জুলাইত অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 JUL 2022 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই, ২০২২ৰ বিয়লি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ এই উপলক্ষে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন কমিটীৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷

অগ্ৰদূত কাকতখন প্ৰথমে অসমীয়া দ্বিসপ্তাহিক হিচাপে আৰম্ভ কৰিছিল৷ অসমৰ জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই এই কাকতখন প্ৰতিষ্ঠা কৰিছিল৷ ১৯৯৫ চনত দৈনিক অগ্ৰদূত নামেৰে এখন দৈনিক বাতৰি কাকত হিচাপে প্ৰকাশৰ কাম আৰম্ভ হয় আৰু ই অসমৰ এক বিশ্বাসযোগ্য আৰু প্ৰভাৱশালী কণ্ঠস্বৰ হিচাপে বিকশিত হৈছে৷

********

DS/SH/DB



(Release ID: 1839449) Visitor Counter : 104