প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিডিঅ’ বাৰ্তা যোগেদি বেংগালুৰুত বছ (Bosch) স্মাৰ্ট কেম্পাছৰ উদ্বোধনী অনুষ্ঠান সম্বোধন প্ৰধানমন্ত্ৰীৰ

“প্ৰযুক্তি আৰু উদ্ভাৱনত অধিক বিনিয়োগ গুৰুত্বপূৰ্ণ”

“ভাৰতৰ বিকাশ সেউজ হৈ পৰিছে”

“আমাৰ এখনি ডিজিটেল ভাৰতৰ দৃষ্টিয়ে চৰকাৰৰ প্ৰতিটো দিশতে প্ৰযুক্তিৰ সমন্বয়ক অন্তৰ্ভুক্ত কৰিছে। মই বিশ্বখনক সুযোগৰ ব্যৱহাৰ আৰু আমাৰ ৰাষ্ট্ৰত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছো”

“আজি বছ যিমানেই জাৰ্মান, সিমানেই ভাৰতীয়। ই জাৰ্মান ইঞ্জিনিয়াৰিং আৰু ভাৰতীয় শক্তিৰ এক উৎকৃষ্ট উদাহৰণ”

Posted On: 30 JUN 2022 12:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বছ ইণ্ডিয়াৰ ভাৰতত ১০০ বছৰ পূৰ্তি উপলক্ষে আয়োজিত এটি কাৰ্য্যসূচী ভিডিঅ’ বাৰ্তাযোগে সম্বোধন কৰে।

 

আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বছ ইণ্ডিয়াক, ভাৰতত ইয়াৰ ১০০ বছৰ পূৰ্তি উপলক্ষে অভিনন্দন জনাই আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰতে এই কাৰ্য্যসূচীৰ সংযোগৰ কথা ব্যক্ত কৰে। এই উপলক্ষে বছ স্মাৰ্ট কেম্পাছৰো উদ্বোধন কৰা হয়। “এই কেম্পাছে ভাৰত আৰু বিশ্বখনৰ বাবে ভৱিষ্যতৰ সামগ্ৰীৰ বিকাশ আৰু সমাধান সূত্ৰ নিৰূপণত নিশ্চিতভাৱে নেতৃত্ব প্ৰদান কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৫ ৰ অক্টোবৰত চেন্সেলৰ মাৰ্কেলৰ সৈতে বেংগালুৰুস্থিত বছ ফেচিলিটি ভ্ৰমণৰ কথাও স্মৰণ কৰে।

 

বৰ্তমান সময়ক প্ৰযুক্তিৰ যুগ বুলি অভিহিত আৰু মহামাৰীটোৰ সময়ত প্ৰদৰ্শিত প্ৰযুক্তিৰ সুফলৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰাটো গুৰুত্বপূৰ্ণ। উদ্ভাৱন আৰু মাত্ৰাৰ ক্ষেত্ৰত বছৰ কৰ্মৰাজিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “যোৱা ৮ টা বছৰত সৌৰশক্তিৰ সংস্থাপিত ক্ষমতা প্ৰায় ২০ গুণ বৃদ্ধিৰে ভাৰতৰ বিকাশ সেউজ হৈ পৰিছে।” ভাৰত আৰু বিদেশ উভয়তে কাৰ্বন-নিৰপেক্ষতাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বছৰ সাফল্যক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ভাৰত হৈছে দ্ৰুত বৰ্ধমান প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম। যোৱা দুটা বছৰত বিনিয়োগ বৃদ্ধি পাইছে। “আমাৰ যুৱক-যুৱতীসকলৰ বাবেই, আমাৰ ষ্টাৰ্ট-আপ বাতাবৰণ বিশ্বখনৰ অন্যতম সৰ্ববৃহৎ হৈ পৰিছে। টেক জগতখনতেই ইমানবোৰ সুযোগ আছে”। ভাৰত চৰকাৰখনে প্ৰতিখন গাঁৱলৈ দ্ৰুতবেগী ইন্টাৰনেট আগবঢ়াবলৈ কাম কৰি আছে। “আমাৰ এখনি ডিজিটেল ভাৰতৰ দৃষ্টিয়ে চৰকাৰৰ প্ৰতিটো দিশতে প্ৰযুক্তিৰ সমন্বয়ক অন্তৰ্ভুক্ত কৰিছে। মই বিশ্বখনক সুযোগৰ ব্যৱহাৰ আৰু আমাৰ ৰাষ্ট্ৰত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছো”, তেখেতে লগতে কয়।

 

এই গুৰুত্বপূৰ্ণ উপলক্ষত প্ৰধানমন্ত্ৰীগৰাকীয়ে বছক ভাৰতত অধিক কাম কৰাৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়। “আপোনালোকৰ টীমটোৱে কৰিব পৰা কামৰ আগন্তুক ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰক। ১০০ বছৰ পূৰ্বে, এটা জাৰ্মান কোম্পানী হিচাপে বছ ভাৰতলৈ আহিছিল। কিন্তু আজি ই যিমানেই জাৰ্মান, সিমানেই ভাৰতীয়। ই জাৰ্মান ইঞ্জিনিয়াৰিং আৰু ভাৰতীয় শক্তিৰ এক উৎকৃষ্ট উদাহৰণ। এই অংশীদাৰিত্ব অধিক শক্তিশালী হৈ থাকিব” বুলি কৈ তেখেতে সামৰণি মাৰে।

 

**************

DS/SB



(Release ID: 1839123) Visitor Counter : 100