কেবিনেট
azadi ka amrit mahotsav

কেন্দ্রীয় মন্ত্ৰীসভাই ভাৰতৰ নবীন আৰু পুনর্নবীকৰণযোগ্য শক্তি মন্ত্রালয় (এমএনআৰই) আৰু আন্তর্জাতিক পুনর্নবীকৰণযোগ্য শক্তি এজেঞ্চী (আইআৰইএনএ)ৰ মাজত স্বাক্ষৰিত চুক্তিত অনুমোদন কেন্দ্রীয় মন্ত্রীসভাৰ

प्रविष्टि तिथि: 29 JUN 2022 3:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাক ভাৰত চৰকাৰৰ নবীন আৰু পুনৰ নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এমএনআৰই) আৰু আন্তৰ্জাতিক পুনৰ নবীকৰণযোগ্য শক্তি এজেঞ্চী (আইআৰইএনএ)ৰ মাজত স্বাক্ষৰিত এটা ৰণনীতিগত বন্ধুত্বমূলক চুক্তিৰ বিষয়ে অৱগত কৰা হয়। জানুৱাৰী ২০২২ত এই চুক্তিত স্বাক্ষৰ কৰা হৈছিল।

এই চুক্তিৰ উদ্দেশ্য হৈছে ভাৰতত পুনৰ্নবীকৰণযোগ্য শক্তিৰ ওপৰত আধাৰিত সেউজ শক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, নেতৃত্ব আৰু জ্ঞানক উৎসাহিত কৰা। এই চুক্তিয়ে ভাৰতৰ শক্তিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ প্ৰয়াসত সহায় কৰিব আৰু পৃথিৱীক জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰাতো সহায় কৰিব।

ৰণনীতিগত বুজাবুজি চুক্তিত পৰিকল্পিত সহযোগিতাৰ ক্ষেত্ৰ ২০৩০লৈকে জীৱাশ্মহীন ইন্ধনেৰে প্ৰচলিত ৫০০ গিগাৱট স্থাপিত বিদ্যুৎ ক্ষমতাৰ নিজৰ গুৰুত্বপূৰ্ণ লক্ষ্য আহৰণ কৰাত ভাৰতক সমৰ্থন কৰিব। ইয়াৰ ফলত আত্মনিৰ্ভৰ ভাৰতো উপকৃত হ'ব।

এই চুক্তিৰ মুখ্য বিশেষত্ববিলাকৰ ভিতৰত নিম্নোল্লিখিত ক্ষেত্ৰবিলাকত সহযোগিতা বৃদ্ধি কৰাও অন্তৰ্ভুক্ত আছে:

  • ভাৰতৰ পৰা পুনৰ্নবীকৰণযোগ্য শক্তি আৰু স্বচ্ছ শক্তি প্ৰযুক্তিক উদগণি দিয়াৰ বিষয়ে জ্ঞান আদান-প্ৰদানৰ সুবিধা
  • দীৰ্ঘকালীন শক্তি যোজনাৰ ওপৰত ভাৰতৰ প্ৰয়াসক সমৰ্থন কৰা
  • ভাৰতত নৱাচাৰৰ পৰিৱেশ শক্তিশালী কৰিবলৈ সহযোগিতা কৰা
  • গ্ৰীণ হাইড্ৰজেনৰ বিকাশৰ সম্ভাৱনা আৰু ইয়াৰ ব্যৱহাৰক উৎসাহিত কৰি লাভজনক ডিকাৰ্বনাইজেচনৰ দিশত অগ্ৰসৰ হোৱা।

এনেদৰে, এই ৰণনীতিগত বন্ধুত্বমূলক চুক্তিয়ে ভাৰতৰ শক্তি ক্ষেত্ৰলৈ পৰিৱৰ্তন অনাৰ প্ৰয়াস আৰু পৃথিৱীক জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাতো সহায় কৰিব।

 

***

 

DS


(रिलीज़ आईडी: 1838357) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam