ভাৰতীয় নিৰ্বাচন আয়োগ

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, ২০২২ (১৬ সংখ্যক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন)

Posted On: 29 JUN 2022 4:55PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ কাৰ্য্যকাল ২০২২ ৰ ১০ আগষ্টত অন্ত পৰিব। ভাৰতৰ সংবিধানৰ ৬৮ নং দফা অনুসৰি, বিদায়ী উপ-ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্য্যকাল শেষ হোৱাৰ পূৰ্বেই, এই অন্ত পৰিবলগীয়া কাৰ্য্যকালৰ ফলত হোৱা খালী পদ পূৰণৰ বাবে এক নিৰ্বাচন সম্পূৰ্ণ কৰিব লাগিব। আজি ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত আৰু নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেয়ে অংশগ্ৰহণ কৰা নিৰ্বাচন আয়োগৰ বৈঠকত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ বাবে নিৰ্বাচনৰ সময়সূচী চূড়ান্ত কৰা হয়।

২) ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ আৰু ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিনিয়ম, ১৯৭৪ ৰ লগতে সংবিধানৰ ৩২৪ নং দফাই ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰিচালনাৰ তদাৰকতা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব ভাৰতৰ নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত কৰিছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন মুক্ত আৰু নিকা কৰিবলৈ নিৰ্বাচন আয়োগ বদ্ধপৰিকৰ আৰু আয়োগে নিজৰ সাংবিধানিক দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগে আজি ১৬ সংখ্যক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণাৰে সৌভাগ্য আৰু সন্মান লাভ কৰিছে। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ ৰ অনুচ্ছেদ ৪(৩) ত উল্লেখ থকা অনুসৰি, বিদায়ী উপ-ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্য্য়কাল অন্ত পৰাৰ পূৰ্বে নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব।

৩) ভাৰতৰ সংবিধানৰ ৬৬ নং দফা অনুসৰি একক হস্তান্তৰযোগ্য ভোটৰ যোগেদি সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা অনুসৰি সংসদৰ উভয় সদনৰ সদস্যৰে গঠিত ‘ইলেক্টৰেল কলেজ’ ৰ সদস্যসকলে উপ-ৰাষ্ট্ৰপতিগৰাকীক নিৰ্বাচন কৰে। ২০২২ ৰ ১৬ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ‘ইলেক্টৰেল কলেজ’ ত আছেঃ

  1. ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সদস্য,
  2. ৰাজ্যসভাৰ ১২ জন মনোনীত সদস্য, আৰু
  3. লোকসভাৰ ৫৪৩ জন নিৰ্বাচিত সদস্য।

‘ইলেক্টৰেল কলেজ’ ত সংসদৰ উভয় সদনৰ মুঠ ৭৮৮ জন সদস্য আছে। সকলো ভোটদাতা উভয় সদনৰ সদস্য হোৱাৰ পৰিপ্ৰেক্ষিতত, প্ৰতিজন সাংসদৰ ভোটৰ মূল্য একে হ’ব অৰ্থাৎ ১ (এক)।

৪) সংবিধানৰ ৬৬ (১) নং দফাত উল্লেখ থকা অনুসৰি, একক হস্তান্তৰযোগ্য ভোটৰ জৰিয়তে সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা অনুসাৰে এই নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এনে নিৰ্বাচনত ভোটদান গোপন বেলটৰ জৰিয়তে সম্পন্ন হ’ব। এই ব্যৱস্থাত ভোটদাতাই প্ৰাৰ্থীৰ নামৰ বিপৰীতে পছন্দ চিহ্নিত কৰিব লাগে। ভাৰতীয় সংখ্যাৰ আন্তঃৰাষ্ট্ৰীয় ৰূপত, ৰোমান ৰূপত বা যিকোনো স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষাৰ ৰূপত পছন্দ চিহ্নিত কৰিব পাৰে। পছন্দ কেৱল চিত্ৰত চিহ্নিত কৰিব লাগিব আৰু শব্দৰে চিহ্নিত কৰিলে নহ’ব। ভোটদাতাই প্ৰাৰ্থীৰ সংখ্যাৰ সমানেই পছন্দ চিহ্নিত কৰিব পাৰে। বেলট পেপাৰ বৈধ হ’বলৈ প্ৰথম পছন্দৰ প্ৰাৰ্থীক চিহ্নিত কৰাটো বাধ্যতামূলক হোৱাৰ বিপৰীতে পৰৱৰ্তী পছন্দসমূহ স্বেচ্ছামূলক।

৫) ভোট চিহ্নিত কৰিবলৈ আয়োগে বিশেষ কলমৰ যোগান ধৰিব। বেলট পেপাৰ প্ৰদানৰ সময়তে নিৰ্দিষ্ট বিষয়াই ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলক কলমটো প্ৰদান কৰিব। ভোটদাতাসকলে বেলটত কেৱল এই বিশেষ কলমেৰেহে চিহ্নিত কৰিব লাগিব আৰু আন কোনো কলমেৰে কৰিলে নহ’ব। অন্য কোনো কলম ব্যৱহাৰেৰে ভোটদান কৰিলে ভোট গণনাৰ সময়ত এনে ভোট বাতিল কৰা হ’ব।

৬) নিৰ্বাচন আয়োগে কেন্দ্ৰীয় চৰকাৰখনৰ সৈতে আলোচনা মৰ্মে লোকসভা আৰু ৰাজ্যসভাৰ মহাসচিবক, ৰোটেশ্যন অনুসাৰে, ৰিটাৰ্নিং বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰে। সেই অনুসৰি, ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ বাবে বৰ্তমানৰ নিৰ্বাচনৰ অৰ্থে লোকসভাৰ মহাসচিবক ৰিটাৰ্নিং বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব। আয়োগে ৰিটাৰ্নিং বিষয়াক সহায় কৰিবলৈ সংসদ ভৱন (লোকসভা) ত সহকাৰী ৰিটাৰ্নিং বিষয়া নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

৭) ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিনিয়ম, ১৯৭৪ ৰ নিয়ম ৮ অনুসৰি, সংসদ ভৱনত এই নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হ’ব। এই ভোটগ্ৰহণ, প্ৰয়োজন সাপেক্ষে নতুন দিল্লীস্থিত সংসদ ভৱনৰ ১ম মহলাৰ ৬৩ নং কোঠাত অনুষ্ঠিত হ’ব।

৮) নিৰ্বাচনৰ সূচী অনুসৰি, এজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নতুন দিল্লীস্থিত ৰিটাৰ্নিং বিষয়াক, তেওঁ ৰাজহুৱা জাননীৰ জৰিয়তে নিৰ্দিষ্ট কৰি দিয়া স্থানত দাখিল কৰিব লাগিব যি তেওঁ (ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিনিয়ম, ১৯৭৪ ৰ সংলগ্ন প্ৰপত্ৰ-১) জাৰি কৰিব আৰু আন কোনো স্থানত এয়া দাখিল কৰিবপৰা নাযাব। এই আইনৰ অধীনত, মনোনয়ন (নিৰ্ধাৰিত প্ৰ-পত্ৰ ৩ ত) হয় প্ৰাৰ্থীজনে নিজেই বা তেওঁৰ যিকোনো প্ৰস্তাৱক বা ছেকেণ্ডাৰে পুৱা ১১.০০ বজাৰপৰা বিয়লি ৩.০০ বজাৰ ভিতৰত দাখিল কৰিব পাৰে। ৰাজহুৱা বন্ধৰ দিনত মনোনয়ন দাখিল কৰিব নোৱাৰিব। এজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত কমেও বিশজন ভোটদাতাই প্ৰস্তাৱক হিচাপে আৰু অন্ততঃ আন বিশজন ভোটদাতাই ছেকেণ্ডাৰ হিচাপে স্বাক্ষৰ (subscribed) কৰিব লাগিব। এজন ভোটদাতাই এজন প্ৰাৰ্থীৰ মাত্ৰ এখন মনোনয়ন পত্ৰতহে প্ৰস্তাৱক বা ছেকেণ্ডাৰ হিচাপে স্বাক্ষৰ কৰিব পাৰে আৰু এয়া ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আইন, ১৯৫২ ৰ ধাৰা ৫বি (৫) ৰ অনুসাৰে সম্পন্ন হ’ব। এজন প্ৰাৰ্থীয়ে সৰ্বাধিক চাৰিখন মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে। নিৰ্বাচনৰ বাবে আমানত জমা হ’ল ১৫,০০০/- টকা (পোন্ধৰ হাজাৰ টকা মাত্ৰ), এই ধনৰাশি মনোনয়ন পত্ৰৰ সৈতে প্ৰদান কৰিব লাগিব বা ভাৰতীয় ৰিজাৰ্ভ বেংক বা কোনো চৰকাৰী বেংকত জমা দিব লাগিব। মনোনয়ন দাখিল কৰাৰ পূৰ্বে, উদ্দেশ্যৰ বাবে সংশ্লিষ্ট হিচাপ মুৰব্বী দায়িত্বত থাকিব কোষাগাৰ।

৯) ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিনিয়ম, ১৯৭৪ ৰ ৪০ নং নিয়ম অনুসৰি, আয়োগে ৬৬ নং দফাত উল্লেখিত ‘ইলেক্টৰেল কলেজ’ ৰ সদস্যসকলৰ ঠিকনা শুদ্ধকৈ, উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ উদ্দেশ্যে, এখন তালিকা যুগুত কৰিব লাগিব। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২২ ৰ বাবে আয়োগে ৰক্ষণাবেক্ষণ কৰা ‘ইলেক্টৰেল কলেজ’ ৰ সদস্যৰ তালিকাখন ভাৰতীয় নিৰ্বাচন আয়োগৰ চৌহদস্থিত কাউন্টাৰত প্ৰতি কপিত @ ৫০/- টকাকৈ বিক্ৰীৰ বাবে উপলব্ধ হ’ব। আয়োগৰ ৱেবছাইটতো ‘ইলেক্টৰেল কলেজ’ ৰ কপি আপলোড কৰা হৈছে। কিন্তু, উক্ত তালিকাখন ৰাজ্যসভাৰ ৫১ জন নিৰ্বাচিত সদস্য ৰাজ্যসভাৰ ০৭ জন মনোনীত সদস্যৰ নামৰ অধিসূচনা জাৰিৰ তাৰিখৰ পিছত নবীকৰণ কৰাটো প্ৰয়োজনীয় (নিৰ্বাচনৰ সময়ত পূৰণ কৰা সাপেক্ষে)। গতিকে প্ৰয়োজন অনুসৰি আৰু প্ৰয়োজন সাপেক্ষে ‘ইলেক্টৰেল কলেজ’ ৰ পৰিপূৰক তালিকা (সমূহ) প্ৰকাশ কৰা হ’ব।

১০) প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভোটগ্ৰহণৰ স্থানত আৰু গণনাৰ বাবে নিৰ্ধাৰিত স্থান (কাউন্টিং হল) ত উপস্থিত থাকিবলৈ এজন প্ৰতিনিধিক দায়িত্ব প্ৰদান কৰিব পাৰে। ইয়াৰ বাবে প্ৰতিনিধিৰ অনুমোদন, প্ৰাৰ্থীজনে লিখিতভাৱে অৱগত কৰিব লাগিব।

১১) উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন গোপন বেলটৰ জৰিয়তে অনুষ্ঠিত হ’ব বুলি সংবিধানত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সেয়ে ভোটদাতাসকলে ভোটদানৰ গোপনীয়তা অক্ষুন্ন ৰাখিব বুলি আশা কৰা হৈছে। এই নিৰ্বাচনত মুকলি ভোটদানৰ ব্যৱস্থা নাই আৰু ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিতে কোনো লোককে বেলট প্ৰদৰ্শন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। ১৯৭৪ ৰ অধিনিয়মত উল্লেখিত ভোটদান পদ্ধতি অনুসাৰে, ভোটদান কক্ষত ভোট চিহ্নিতকৰণৰ পিছত ভোটদাতাই বেলট পেপাৰখন ভাঁজ কৰি বেলট বক্সত সুমুৱাই দিব লাগিব। ভোটদান পদ্ধতি উলংঘা কৰিলে প্ৰিজাইডিং বিষয়াই বেলট পেপাৰখন বাতিল কৰিব লাগিব। ইতিমধ্যে ৫ নং দফাত উল্লেখ কৰা অনুসৰি, ভোটগ্ৰহণৰ স্থানত ভোটদাতাক প্ৰিজাইডিং বিষয়াই প্ৰদান কৰা বিশেষ কলমেৰেহে তেওঁলোকে ভোট চিহ্নিত কৰিব পাৰিব।

১২) উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে নিজৰ সাংসদসকলক কোনো ধৰণৰ হুইপ জাৰি কৰিব নোৱাৰে বুলিও স্পষ্ট কৰা হৈছে। ইয়াৰোপৰি স্পষ্ট কৰা হৈছে যে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আইন, ১৯৫২ ৰ ১৮ নং দফা অনুসৰি, আইপিচিৰ ১৭১বি আৰু ১৭১চি ধাৰাত সূচিত ‘ৰিটাৰ্নড’ প্ৰাৰ্থী বা ‘ৰিটাৰ্নড’ প্ৰাৰ্থীৰ সন্মতিসহ যিকোনো ব্যক্তিৰদ্বাৰা ‘উৎকোচ’ বা ‘প্ৰভাৱিত কৰা’ ৰ অপৰাধ হৈছে মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আবেদনত নিৰ্বাচন বাতিল বুলি ঘোষণা কৰিবপৰা ভিত্তিসমূহৰ অন্যতম।

১৩) সহকাৰী ৰিটাৰ্নিং বিষয়াসকলে নিৰ্বাচন আয়োগৰপৰা সংসদ ভৱনলৈ আৰু পুনৰ নিৰ্বাচন আয়োগলৈ, নিৰ্বাচনৰ পিছত বেলট বক্স আৰু অন্যান্য গুৰুত্বপূৰ্ণ নিৰ্বাচনী সামগ্ৰীসমূহ নিৰ্বাচন পৰিচালনা আৰু পৰিবহণৰ বাবে ৰিটাৰ্নিং বিষয়াজনক সহায় কৰিব।

১৪) মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিতকৰণৰ অৰ্থে আয়োগে ভোটগ্ৰহণৰ স্থানত ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলকো নিজৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে।

১৫) নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সকলো ক্ষেত্ৰতে আৰু ভোটগ্ৰহণ আৰু গণনাৰ দিনা ক’ভিড-১৯ সম্পৰ্কীয় সকলো সুৰক্ষা ব্যৱস্থা আৰু প্ৰট’কল বলবৎ কৰা হ’ব।

১৬) আয়োগে নিৰ্বাচনসমূহক পৰিবেশ-অনুকূল কৰি তুলিবলৈ সদায়েই প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন পৰোক্ষ নিৰ্বাচন হোৱাৰ পৰিপ্ৰেক্ষিতত বেনাৰ, পোষ্টাৰ আদি প্ৰদৰ্শনৰ প্ৰচলিত পদ্ধতিৰে ইয়াৰ নিৰ্বাচনী প্ৰচাৰৰ সম্পৰ্ক নাই। তথাপিও আয়োগে এই নিৰ্বাচনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা নিৰ্দেশনা অনুসাৰে, সংশ্লিষ্ট ৰিটাৰ্নিং বিষয়াই পৰিবেশ-অনুকূল আৰু বাঅ’ডিগ্ৰেডেবল সামগ্ৰীৰ ব্যৱহাৰ নিশ্চিতকৰণৰ লগতে ভাৰত চৰকাৰৰ প্ৰচলিত নিৰ্দেশনা অনুসৰি নিষিদ্ধকৃত প্লাষ্টিক / সামগ্ৰীৰ ব্যৱহাৰ নিৰ্মূল কৰিব।

১৭) ৰিটাৰ্নিং বিষয়াৰ তত্বাৱধানত নতুন দিল্লীত ভোট গণনা কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। ৰিটাৰ্নিং বিষয়াই গণনা সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্বাচনৰ ৰিটাৰ্ন (Return of Election) (ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিনিয়ম, ১৯৭৪ ৰে সংযুক্ত প্ৰপত্ৰ ৭) স্বাক্ষৰ আৰু জাৰি কৰিব।

১৮) ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আইন, ১৯৫২ ৰ দফা (৪) ৰ উপ-দফা (১) অনুসৰি, ভাৰতীয় নিৰ্বাচন আয়োগে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ নিৰ্বাচনৰ বাবে কাৰ্য্যসূচী নিৰ্ধাৰণ কৰিছে। পৰিশিষ্ট-I ত ইয়াৰ উল্লেখ কৰা হৈছে।

১৯) ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ সাম্প্ৰতিক নিৰ্বাচন আৰু বিগত পোন্ধৰটা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সকলো দিশ সামৰি যুগুত কৰা তথ্য পুস্তিকা আৰু এফএকিউ ৰ তালিকা নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটৰ https://eci.gov.in/vice-presidential-election2022/index/ লিংকত উপলব্ধ। উক্ত তথ্য পুস্তিকাখনৰ কপি আয়োগৰ বিক্ৰী কাউন্টাৰৰপৰাও প্ৰতি কপিত @২৫/- টকাৰ বিনিময়ত লাভ কৰিব পাৰি।

***

 

পৰিশিষ্ট-I

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, ২০২২ (১৬ সংখ্যক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন)

 

(i)

নিৰ্বাচনৰ আহ্বানেৰে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

৫-০৭-২০২২

(মঙলবাৰ)

(ii)

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

১৯-০৭-২২

(মঙলবাৰ)

(iii)

মনোনয়ন পুনৰীক্ষণৰ তাৰিখ

২০-০৭-২০২২

(বুধবাৰ)

(iv)

প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ

২২-০৭-২০২২

(শুক্ৰবাৰ)

(v)

প্ৰয়োজন সাপেক্ষে ভোটগ্ৰহণৰ তাৰিখ

০৬-০৮-২০২২

(শনিবাৰ)

(vi)

ভোটগ্ৰহণৰ সময়

পুৱা ১০ বজাৰপৰা সন্ধিয়া ০৫ বজালৈ

(vii)

প্ৰয়োজন সাপেক্ষে গণনাৰ তাৰিখ

০৬-০৮-২০২২

(শনিবাৰ)

 

 

 



(Release ID: 1838165) Visitor Counter : 5638