প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

Posted On: 27 JUN 2022 9:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২২ ত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোক’ উইডোডোৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে জি-২০ ত ইণ্ডোনেছিয়াৰ অব্যাহত অধ্যক্ষতাৰ বাবে ৰাষ্ট্ৰপতি উইডোডোক অভিনন্দন জনায়। নেতাদ্বয়ে জি-২০ ত ভাৰতৰ আগন্তুক অধ্যক্ষতাক লৈ আলোচনা কৰে।

তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ বৈশ্বিক আৰু আঞ্চলিক বিষয়সমূহতো মত-বিনিময় কৰে।

 

***

DS/AK/SB



(Release ID: 1837858) Visitor Counter : 95