প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ সন্মিলনৰ সময়ত ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
28 JUN 2022 8:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৭ জুনত জাৰ্মানীৰ শ্লছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত ইউৰোপীয় আয়োগৰ অধ্যক্ষ শ্ৰীমতী উৰসুলা ভন ডেৰ লেয়েনক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ এপ্ৰিলত ৰাইচিনা আলোচনাৰ সময়ত অধ্যক্ষ ভন ডেৰ লেয়েনৰ দিল্লী ভ্ৰমণৰ কথা স্মৰণ কৰে। নেতাসকলে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্য, বিনিয়োগ আৰু জিআই চুক্তিৰ ওপৰত আলোচনা পুনৰ আৰম্ভ হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁলোকে ডিজিটেল সহযোগিতা, জলবায়ু পদক্ষেপ আৰু প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ পৰ্যালোচনা কৰে।
দুয়োগৰাকী নেতাই সমসাময়িক গোলকীয় আৰু আঞ্চলিক উন্নয়নৰ ওপৰতো মত বিনিময় কৰে।
***
DS/AK/MANN
(रिलीज़ आईडी: 1837853)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam