প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পাৱাগড় পাহাৰস্থিত পুনৰ উন্নীত শ্ৰী কালিকা মাতা মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 18 JUN 2022 3:00PM by PIB Guwahati

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল জী, শ্ৰী কালিকা মাতাজী মন্দিৰ ন্যাসৰ অধ্যক্ষ শ্ৰী সুৰেন্দ্ৰভাই পেটেল জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী; ভাই পূৰ্ণেশ মোদী জী, ইয়াত সমবেত শ্ৰদ্ধেয় সকলো সন্ত, সকলো ভক্ত আৰু ভদ্ৰলোক-ভদ্ৰমহিলাসকল!

আজি পাৱগড় মা কালীৰ শ্ৰীচৰণত কেইটিমান মূহুৰ্ত পাৰ কৰিবলৈ পাই বহু বছৰৰ মূৰত তেওঁৰ আশীৰ্বাদ লাভৰ সৌভাগ্য লভিছো। এয়া মোৰ জীৱনৰ এক অতিশয় ধন্য মুহূৰ্ত। এটা সপোন সংকল্প হোৱা আৰু এই সংকল্পটো সিদ্ধি হোৱা মাত্ৰেকে কিমান আনন্দ দান কৰিব পাৰে, সেয়া আপোনাসৱে নিশ্চয় কল্পনা কৰিব পাৰিছে। আজিৰ এই মুহূৰ্তটোৱে মোৰ অন্তৰখন অসীম আনন্দৰে ভৰাই তুলিছে। পাঁচ শতিকা ধৰি আৰু আনকি স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো মা কালীৰ শিখৰত ধ্বজা উত্তোলন নকৰাৰ কথাটো কল্পনা কৰকচোন। আজি মা কালীৰ ওপৰত এখন ধ্বজা আছে। এই মুহূৰ্তটোৱে আমাক শক্তি প্ৰদান আৰু আমাৰ মহান পৰম্পৰা আৰু সংস্কৃতিৰে ভক্তি সহকাৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰিছে। চলিত মাহৰ শেষৰ ফালে আৰম্ভ হ’ব গুপ্ত নৱৰাত্ৰি। গুপ্ত নৱৰাত্ৰিৰ ঠিক আগে-আগে পাৱগড়ৰ মা কালীৰ এই শক্তিপীঠ, মহাকালী মন্দিৰটো মহান আৰু ঐশ্বৰিক ৰূপত আমাৰ সন্মুখত প্ৰতিভাত হৈছে। এয়াই হৈছে ‘শক্তি’ (power) আৰু ‘সাধনা’ (practice) ৰ বিশেষত্ব। গুপ্ত নৱৰাত্ৰি আছে অথচ ‘শক্তি’ ৰ বিলুপ্তি নহয়। বিশ্বাস, সাধনা আৰু তপস্যা ফলপ্ৰসূ হোৱা মাত্ৰেকে শক্তিয়ে নিজৰ পূৰ্ণ মহিমা লাভ কৰে। পাৱাগড়ৰ মহাকালীৰ আশীৰ্বাদেৰে আমি গুজৰাট আৰু ভাৰতৰ একে শক্তিৰ প্ৰকাশ ক্ষণৰ সাক্ষী হৈছো। কেইবা শতিকাৰ পিছত বিশাল ৰূপত মহাকালীৰ এই মন্দিৰে আমাক গৌৰৱান্বিত কৰিছে। আজি কেইবা শতিকাজুৰি পাৱাগড় মন্দিৰৰ শিখৰত আকৌ এবাৰ ধ্বজা উত্তোলন কৰা হৈছে। এই শিখৰ ধ্বজা কেৱল আমাৰ বিশ্বাস আৰু আধ্যাত্মিকতাৰেই প্ৰতীক নহয়! শতিকাৰ সলনি, যুগৰ সলনি হ’লেও বিশ্বাসৰ শিখৰটো যে চিৰন্তন হৈয়েই থাকে, তাৰো এক প্ৰতীক।

 

ভ্ৰাতৃ আৰু ভগ্নীসকল,

অযোধ্যাত নিৰ্মীয়মান বিশাল ৰাম মন্দিৰটো আপোনাসৱে নিশ্চয় দেখিছে। কাশীৰ বিশ্বনাথ ধামেই হওঁক বা কেদাৰ বাবাৰ ধামেই হওঁক, আজি ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক গৰিমাৰাজি পুনৰুদ্ধাৰ কৰা হৈছে। আজি নব্য ভাৰতে আধুনিক আকাংক্ষা কৰাৰ লগতে একেই উদ্যম আৰু উৎসাহেৰে স্বকীয় প্ৰাচীন ঐতিহ্য আৰু পৰিচয় অক্ষুন্ন ৰাখিছে আৰু প্ৰতিজন ভাৰতীয়ই ইয়াকে লৈ গৌৰৱান্বিত। এই আধ্যাত্মিক স্থানসমূহ আমাৰ বিশ্বাসৰ লগতে নতুন সম্ভাৱনাৰ মাধ্যম হৈ পৰিছে। পাৱাগড়ৰ মা কালী মন্দিৰৰ পুনৰ নিৰ্মাণ আমাৰ এই গৌৰৱময় যাত্ৰাৰে এক অংশ। এই উপলক্ষে মা মহাকালীৰ শ্ৰীচৰণত প্ৰণাম জনাই আপোনালোক সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজিৰ এই কাৰ্য্যসূচী ‘সবকা সাথ’, ‘সবকা বিশ্বাস’ আৰু ‘সবকা প্ৰয়াস’ ৰো প্ৰতীক।

 

বন্ধুসকল,

মই শ্ৰী মা কালী মন্দিৰত ধ্বজা উত্তোলনেৰে পূজা-অৰ্চনাৰ সৌভাগ্য লভিলো। মা কালীক ‘দৰ্শন’ কালতে আজি মা কালীৰ চৰণত ৰৈ কি সুধিব লাগে ভাবি আছিলো। মা কালীৰ আশীৰ্বাদ লৈ স্বামী বিবেকানন্দ জীয়ে জনসেৱাত নিমগ্ন হৈছিল বুলি ইতিহাসে কয়। মা, মোকো আশীৰ্বাদ কৰক যাতে মই অধিক শক্তি, ত্যাগ আৰু নিষ্ঠাৰে দেশবাসীক তেওঁলোকৰ ‘সেৱক’ (servant) হিচাপে সেৱা আগবঢ়াই যাব পাৰো। মোৰ যি শক্তি আছে, মোৰ জীৱনৰ সকলো গুণ নিৰ্বিশেষে মই সেয়া মাতৃ-ভগ্নী আৰু দেশখনৰ কল্যাণৰ বাবে উৎসৰ্গা কৰাটো উচিত হ’ব।

মই আজি দেশখনৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কথাও মা কালীৰ চৰণ আৰু গুজৰাটৰ এই গৌৰৱময় ভূমিৰপৰা মনত পেলাইছো।

 

বন্ধুসকল,

গুজৰাটে দেশখনৰ স্বাধীনতা সংগ্ৰামত অৰিহণা যোগোৱাৰ সমান্তৰালকৈ দেশখনৰ উন্নয়নতো সমানেই বৰঙণি আগবঢ়াই আছে। গুজৰাট ভাৰতৰ গৌৰৱ আৰু শ্ৰেষ্ঠত্বৰ সমাৰ্থক। গুজৰাটে ভাৰতৰ বাণিজ্যকো নেতৃত্ব প্ৰদান কৰিছে আৰু একেদৰে ভাৰতৰ আধ্যাত্মিকতাক সংৰক্ষণ কৰিবলৈয়ো যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

কেইবা শতিকাজোৰা সংগ্ৰামৰ অন্তত ভাৰত স্বাধীন হোৱাৰ পূৰ্বে আমি দাসত্ব আৰু অত্যাচাৰৰ বেত্ৰাঘাতত জুৰুলা হৈ পৰিছিলো। আমাৰ অস্তিত্বৰ পুনৰ প্ৰতিষ্ঠা প্ৰত্যাহ্বানপূৰ্ণ আছিল। চৰ্দাৰ চাহেবৰ নেতৃত্বত ভাৰতৰ এই সাংস্কৃতিক স্বাধীনতাও গুজৰাটৰপৰাই আৰম্ভ হৈছিল। সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ এক প্ৰকাৰে ৰাষ্ট্ৰখনক পুনৰ গঢ়ি তোলাৰ এক সংকল্প আছিল।

সমগ্ৰ দেশখনতে গুজৰাটক স্বীকৃতি প্ৰদান কৰা সোমনাথৰ পৰম্পৰাক আজি পাৱাগড় আৰু পঞ্চমহলে আগুৱাই লৈ গৈছে। আজি উত্তোলন কৰা ধ্বজাখন কেৱল মহাকালী মন্দিৰৰে পতাকা নহয়, বৰঞ্চ গুজৰাট আৰু দেশখনৰ সাংস্কৃতিক গৌৰৱৰ প্ৰতীক। পঞ্চমহল আৰু গুজৰাটৰ জনসাধাৰণে যুগ-যুগ ধৰি এই মন্দিৰৰ শ্ৰেষ্ঠত্ব পুনৰ প্ৰকাশৰ বাবে প্ৰচেষ্টা চলাইছিল। সোণৰ-প্ৰলেপযুক্ত এই কলহটোৰে এই মন্দিৰৰ লগত জড়িত সেই সপোন পূৰ্ণ হৈছে। আজি পাৱাগড় আৰু পঞ্চমহলৰ সাধনা বাস্তৱায়িত হৈছে।

মই এতিয়াৰ প্ৰথা সম্পৰ্কে বিশেষ জ্ঞাত নহয় যদিও পূৰ্বে পঞ্চমহল আৰু এই অঞ্চলৰ ভক্তসকলে মা কালীৰ শ্ৰী চৰণত বিবাহ উপলক্ষে নিমন্ত্ৰণ জনাইছিল। মন্দিৰৰ পুৰোহিতসকলে সন্ধিয়া পূজা-অৰ্চনাৰ পিছত সেই বিবাহৰ নিমন্ত্ৰণী পত্ৰসমূহ মা কালীক শুনাইছিল। তেওঁলোকে ভক্তি সহকাৰে সেয়া পাঠ কৰিছিল। সুৰেন্দ্ৰ কাকাই মোক এই প্ৰথা এতিয়াও অব্যাহত আছে বুলি জনাইছে।

পৰৱৰ্তী সময়ত মন্দিৰটোৱে আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা সকললৈ মা কালীৰ আশীৰ্বাদ হিচাপে এটি উপহাৰ পঠিয়াবলৈ আৰম্ভ কৰিছিল। কি এক মহান আশীৰ্বাদ! আৰু এই পৰম্পৰা বহুদিন ধৰি অব্যাহত আছে। কিন্তু এইবাৰ মাতৃয়ে আমাক সৰ্ববৃহৎ উপহাৰটো প্ৰদান কৰিছে। মাতৃৰ প্রাংগণ পুনৰুজ্জীৱিতকৰণ আৰু ধ্বজা উত্তোলনতকৈ শক্তিৰ উপাসকসকলৰ বাবে বৃহৎ উপহাৰ কি হ’ব পাৰে। আৰু মাতৃৰ আশীৰ্বাদ অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন।

শ্ৰী কালিকা মন্দিৰৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় আছে। মহাকালী মন্দিৰক এক বিশাল আকৃতি প্ৰদানৰ সমান্তৰালভাৱে পবিত্ৰত্ৰম স্থল (sanctum sanctorum) খনি অক্ষত ৰখা হৈছে। গুজৰাট চৰকাৰ, পবিত্ৰ যাত্ৰা ধাম বিকাশ পৰিষদ আৰু ন্যাসৰক্ষীসকলে একত্ৰিতভাৱে এই সেৱাৰ যজ্ঞত কাম কৰিছে। সুৰেন্দ্ৰভায়ে মোক, সমগ্ৰ মন্দিৰ প্ৰাংগণ প্ৰদক্ষিণৰ বাবে দুধীয়া তালাব আৰু ছাছিয়া তালাব সংযোগকাৰী এটা ‘পৰিক্ৰম পথ’ ও নিৰ্মাণ কৰা হ’ব বুলি জনাইছে। যজ্ঞশালা, ভোজনশালা, পৰ্যটকৰ বাবে ভক্তি নিৱাস আদি সুবিধা আৰু ছাছিয়া হ্ৰদৰপৰা মাতাজীৰ মন্দিৰলৈ লিফ্টৰো ব্যৱস্থা কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ মাঞ্চিৰ সমীপত এটা অতিথিশালা আৰু বহুস্তৰীয় পাৰ্কিং লটো নিৰ্মাণ কৰা হ’ব।

একাধিক বাৰ মা মহাকালীৰ আশীৰ্বাদ লভিবলৈ মা মহাকালীৰ চৰণলৈ আহি থকাটো স্বাভাৱিক কথা। কিন্তু, পূৰ্বে পাৱাগড়লৈ যাত্ৰা কৰাটো ইমানেই কঠিন আছিল যে ভক্তসকলে জীৱনত এবাৰ মন্দিৰলৈ আহিয়েই সন্তুষ্টি লাভ কৰিছিল। সা-সুবিধাৰাজি বৃদ্ধিৰ লগে-লগে মন্দিৰভাগিলৈ যোৱাটো অত্যন্ত সহজ হৈ পৰিছে। মাতৃ, ভগ্নী, বয়োজ্যেষ্ঠ, ল’ৰা-ছোৱালী, যুৱক-যুৱতী আৰু দিব্যাংগজনেও এতিয়া সহজেই মাতৃৰ আশীৰ্বাদ লাভ কৰিব পাৰে।

মই নিজেই ৰ’পৱে’ৰ ব্যৱহাৰেৰে ইয়াত উপস্থিত হৈছোহি। ৰ’পৱে’ই এই যাত্ৰা সহজ কৰি তোলাই নহয়, বৰঞ্চ পাৱাগড়ৰ মনোমোহা সৌন্দৰ্য্য উপভোগৰো সুবিধা প্ৰদান কৰিছে। আজি গুজৰাটৰ বহু তীৰ্থ আৰু পৰ্যটনস্থলী এনে ৰ’পৱে’ৰে সংযোগ কৰা হৈছে। পাৱাগড়, সাপুতাৰা, আম্বাজী, গিৰ্নাৰৰ ৰ’পৱে’ৰ বাবে ভক্তসকলে যথেষ্ট সুবিধা লাভ কৰিছে।

পাৱাগড়, মা অম্বা, সোমনাথ আৰু দ্বাৰকেশৰ আশীৰ্বাদত গুজৰাট গৰৱী (glorious) গুজৰাটত পৰিণত হৈছে। গুজৰাটৰ সাংস্কৃতিক গৌৰৱ বৰ্ণনাৰে মহান কবি নৰমাদে এইদৰে লিখিছে-

उत्तरमां अंबा मात, पूरवमां काली मात। छे दक्षिण दिशामां करता रक्षा, कुंतेश्वर महादेव। ने सोमनाथ ने द्वारकेश ए, पश्विम केरा देव छे सहायमां साक्षात, जय जय गरवी गुजरात।

উত্তৰে মাতা অম্বা, পূবে কালী মা, দক্ষিণ দিশে কুন্তেশ্বৰ মহাদেৱে ৰক্ষা কৰি, সোমনাথ আৰু দ্বাৰকেশ পশ্চিমৰ দেৱতা আৰু এই সহায়ৰ বাবে জয় জয় গৰৱী গুজৰাট...)

আজি গুজৰাটৰ এই পৰিচয়ে আকাশ স্পৰ্শ কৰিছে।

কবি নৰমাদে গুজৰাটৰ পৰিচয় হিচাপে নামকৰণ কৰা সাংস্কৃতিক কেন্দ্ৰসমূহ এক নতুন উন্নয়ন যাত্ৰাত অগ্ৰসৰ হৈছে। বিশ্বাসৰ সমান্তৰালভাৱে তীৰ্থ আৰু মন্দিৰৰ বিকাশত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। আটাইকেইটা মন্দিৰতে যাত্ৰীসকলৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া গুজৰাটৰ তীৰ্থযাত্ৰাত আছে দেৱত্ব, শান্তি, সমাধান আৰু সন্তুষ্টি। ইয়াতকৈ পৰম সন্তোষ কি হ’ব পাৰে?

আমাৰ ভূপেন্দ্ৰভায়ে এইমাত্ৰ কৈছিল যে অম্বাজী গব্বৰৰ পাদদেশত এটা থ্ৰী ডি ভিডিঅ’ প্ৰজেকশ্যন মেপিং শ্ব’ৰ আৰম্ভ কৰা হৈছে। ‘মহা আৰতি’ ও আৰম্ভ কৰা হৈছে। কেন্দ্ৰৰ প্ৰসাদ (PRASAD) আঁচনিখনৰ অধীনত গব্বৰ পুন্য স্থানো পুনৰুজ্জীৱিত কৰা হৈছে। অম্বাজী মন্দিৰ প্ৰাংগণৰ উন্নয়নৰ কামো অব্যাহত আছে। কোটেশ্বৰ মহাদেৱ মন্দিৰ আৰু ৰিঞ্চাদিয়া মহাদেৱ মন্দিৰৰ দৰে পবিত্ৰ স্থানসমূহৰো উন্নয়ন সাধনৰ কাম অব্যাহত আছে।

কেইদিনমান পূৰ্বে মই সোমনাথ মন্দিৰৰো একাধিক উন্নয়নমূলক কাম উদ্বোধনৰ সুযোগ লাভ কৰিছিলো। দ্বাৰকাত ঘাটৰ সৌন্দৰ্য্যবৰ্ধন, মন্দিৰ আৰু যাত্ৰীসকলৰ সুবিধাৰ উন্নতি সাধন কৰা হৈছে। পঞ্চমহলবাসী ৰাইজক বাহিৰৰপৰা অহা ভক্তসকলক এই আটাইকেইটা স্থান পৰিদৰ্শন কৰিবলৈ ক’বলৈ আহ্বান জনালো। ভগৱান শ্ৰীকৃষ্ণ আৰু মা ৰুক্মিণীৰ বিবাহ হোৱা মাধৱপুৰৰ ৰুক্মিণী মন্দিৰৰো পুনৰ উন্নয়ন সাধন কৰা হ’ব। ভূপেন্দ্ৰভায়ে কোৱাৰ দৰে আমাৰ ৰাষ্ট্ৰপতি ইয়ালৈ আহি মাধৱপুৰ ঘেদ মেলা উদ্বোধন কৰিছিলহি।

তীৰ্থযাত্ৰাৰ বিকাশ সাধন কেৱল বিশ্বাসৰ বিষয়টোতেই সীমাবদ্ধ নহয়, বৰঞ্চ এয়া সমাজখনৰ গতিশীলতা আৰু ৰাষ্ট্ৰখনৰ ঐক্যৰ অতিশয় গুৰুত্বপূৰ্ণ প্ৰাণোচ্ছল প্ৰতীক। এই তীৰ্থ আৰু মন্দিৰ দৰ্শন কৰা ভক্তসকলে একাধিক নতুন সুযোগো লৈ আহে। এটি অঞ্চলত পৰ্যটনৰ বৃদ্ধিৰ লগে-লগে নিয়োগো বৃদ্ধি পায় আৰু আন্তঃগাঁথনিৰো বিকাশ ঘটে। কেৱল আমি আমাৰ তীৰ্থযাত্ৰীসকলক স্থানীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াই নহয়, বৰঞ্চ কলা, দক্ষতা আৰু শিল্পকলাকো প্ৰোৎসাহিত কৰা হয়। একতাৰ নগৰ কেৱাদিয়াত ঐক্যৰ মূৰ্তি (Statue of Unity) নিৰ্মাণৰ পিছত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। আজি ই বিশ্বৰ এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে। ই বিশ্বখনত এক সুকীয়া স্থানো গঢ়ি তুলিছে। একেদৰে নৱীকৃত সুবিধাৰ ফলশ্ৰুতিত কাশী বিশ্বনাথ ধাম আৰু চৰ ধাম যাত্ৰাতো ভক্তৰ সংখ্যাই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইমান তীৰ্থযাত্ৰী এইবাৰ কেদাৰনাথলৈ গৈছিল যে ই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে।

পাৱাগড়ৰ উন্নয়ন সাধনৰ লগে-লগে মন্দিৰলৈ অহা ভক্তৰ সংখ্যা বৃদ্ধি পাব আৰু ইয়াৰ ফলত সমগ্ৰ বড়োদৰা আৰু পঞ্চমহলৰ সমগ্ৰ বনাঞ্চলত বসবাস কৰা আমাৰ আদিবাসী ভাই-ভনীসকলৰ ব্যাপক উপকাৰ সাধন হ’ব। মন্দিৰ দৰ্শন কৰা ভক্তসকলে বিৰাসত বনলৈয়ো যাব। প্ৰকৃতি, পৰিবেশ, পৰম্পৰা, আয়ুৰ্বেদৰ দৰে বিষয়ত দেশখনৰ বাবে এক বৃহৎ আকৰ্ষণ আৰু প্ৰেৰণাৰ কেন্দ্ৰ হ’ব পাৰে এই বিৰাসত বন। একেদৰে প্ৰত্নতাত্ত্বিক উদ্যান আৰু পাৱাগড় দুৰ্গৰ বাবেও আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে। এই উন্নয়নমূলক কামসমূহে পঞ্চমহলক দেশখনৰ এখনি প্ৰধান পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশত সহায় কৰিব।

আধ্যাত্মিকতাৰ সমান্তৰালভাৱে পাৱাগড়ৰ ইতিহাস, প্ৰকৃতি, কলা-সংস্কৃতিও সমৃদ্ধিশালী। ইয়াত এফালে মা মহাকালীৰ শক্তিপীঠ, আনফালে ঐতিহ্যমণ্ডিত জৈন মন্দিৰো আছে। অৰ্থাৎ ভাৰতৰ ঐতিহাসিক বৈচিত্ৰ্যৰে এক প্ৰকাৰে সৰ্বধৰ্মীয় শান্তিৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই পাৱাগড়। ইউনেস্ক’ৱে চম্পানাৰৰ প্ৰত্নতাত্ত্বিক স্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পঞ্জীয়ন কৰিছে। ইয়াৰ বৰ্ধিত পৰ্যটনৰ ফলত ঠাইখনৰ পৰিচয় অধিক শক্তিশালী হ’ব।

পঞ্চমহলত পৰ্যটনৰ সম্ভাৱনাৰ সমান্তৰালভাৱে ইয়াৰ যুৱক-যুৱতীসকললৈ সীমাহীন নতুন সুযোগ সৃষ্টি হ’বলৈ আগবাঢ়িছে। বিশেষকৈ আমাৰ জনজাতীয় ভাই-ভনীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। জনজাতীয় সমাজখনৰ কলা-সংস্কৃতি আৰু পৰম্পৰাগত দক্ষতায়ো এক নতুন পৰিচয় লাভ কৰিবলৈ আগবাঢ়িছে।

আৰু আমাৰ পঞ্চমহল হৈছে বাইজু বাৱৰাৰ দৰে মহান সংগীতজ্ঞৰ ভূমি। সেই প্ৰতিভা আজিও ইয়াৰ ভূমিত বিদ্যমান। ঐতিহ্য, বন আৰু সংস্কৃতি য’তেই শক্তিশালী হৈছে, তাতেই কলা আৰু প্ৰতিভাও প্ৰস্ফূতিত হৈছে। আমি এই প্ৰতিভাৰ বিকাশ সাধন আৰু লগতে ইয়াক এক নতুন পৰিচয় প্ৰদান কৰিব লাগিব।

চম্পানাৰতে ২০০৬ ত গুজৰাটক গৌৰৱান্বিত কৰা জ্যোতিগ্ৰাম আঁচনিখনৰ শুভাৰম্ভ হৈছিল। মই মুখ্যমন্ত্ৰী হওঁতে জনসাধাৰণে অন্ততঃ নিশাৰ আহাৰ গ্ৰহণৰ সময়ত বিদ্যুতৰ ব্যৱস্থা কৰিবলৈ কৈছিল। আমি জ্যোতিগ্ৰাম আঁচনিখনৰ জৰিয়তে গুজৰাটত প্ৰথমবাৰৰ বাবে ২৪ ঘণ্টাই বিদ্যুৎ যোগান সুনিশ্চিত কৰিছিলো। আমাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি এপিজে আব্দুল কালাম জীয়ে এই আঁচনিখনৰ শুভাৰম্ভ কৰিছিল। জ্যোতিগ্ৰাম যোজনাই গুজৰাটৰ বিকাশ যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। এই আঁচনিখনৰ বাবেই গুজৰাটবাসীয়ে ২৪ ঘণ্টাই বিদ্যুৎ যোগান লাভ কৰিবলৈ সক্ষম হৈছিল।

পাৱাগড় নামৰ অৰ্থই হৈছে বতাহৰ কেন্দ্ৰ। ই বায়ুদেৱৰ বিশেষ কৃপা লাভ কৰিছে। মই নিশ্চিত যে পাৱাগড়ত বিয়পি পৰা আমাৰ সাংস্কৃতিক উত্থান আৰু উন্নয়নৰ সুগন্ধি সমগ্ৰ গুজৰাট তথা দেশখনতো বিয়পি পৰিব। এই উদ্দীপনাৰেই পুনৰবাৰ মা মহাকালীৰ শ্ৰীচৰণত প্ৰণাম জনাই আপোনালোক আটাইকে শুভেচ্ছা জনালো। গুজৰাট আৰু আন-আন ৰাজ্যসমূহৰপৰা মাতা কালীৰ অগণন ভক্ত অতিশয় ভক্তি সহকাৰে ইয়ালৈ আহে। মই সকলো ভক্তকে তেওঁলোকৰ পূৰ্বপুৰুষৰ সপোন বাস্তৱায়িত হোৱাৰ বাবেও অভিনন্দন জনাইছো। আপোনাসৱৰ পূৰ্বপুৰুষসকল বহু আশাৰে ইয়ালৈ আহিছিল যদিও হতাশ হৈ উভতি যাবলগীয়া হৈছিল। এতিয়া তেওঁলোকৰ সন্তানে তেওঁলোকক গৌৰৱেৰে ক’ব পাৰে যে আপোনালোকে হয়তু কষ্ট পাইছিল, কিন্তু এতিয়া যুগৰ সলনি হ’ল। এতিয়া মাতা কালীয়ে আমাক পূৰ্ণ গৰিমাৰে আশীৰ্বাদ দিছে। মই ভূপেন্দ্ৰভাই, ন্যাস পৰিষদ আৰু গুজৰাট চৰকাৰখনৰ নেতৃত্বত সম্পাদিত কৰ্মৰ আন্তৰিক শলাগ লৈছো। আপোনালোক আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

 

***

DS/VK/SKS/SB



(Release ID: 1837133) Visitor Counter : 171