প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৮ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহীশূৰ পেলেচ গ্ৰাউণ্ডত গণ যোগ প্ৰদৰ্শনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ


মহীশূৰত প্ৰধানমন্ত্ৰীৰ যোগ কাৰ্য্যক্ৰমৰ লগতে সমগ্ৰ দেশখনৰ ৭৫ আইকনিক স্থানত গণ যোগ প্ৰদৰ্শন

সমগ্ৰ দেশখনতে বিভিন্ন বেচৰকাৰী সংস্থাৰো কোটি-কোটি লোকৰ অংশগ্ৰহণেৰে গণ যোগ প্ৰদৰ্শনৰ আয়োজন

উদ্ভাৱনীমূলক কাৰ্য্যসূচী - ‘গাৰ্ডিয়ান যোগ ৰিং’ ৰ অংশ হিচাপে মহীশূৰত প্ৰধানমন্ত্ৰীৰ এই যোগ কাৰ্য্যক্ৰম – যিয়ে ‘ওৱান ছান, ওৱান আৰ্থ’ ৰ ধাৰণাটোক আলোকপাত কৰিছে

“যোগ কেৱল এজন ব্যক্তিৰ নহৈ সমগ্ৰ মানৱ জাতিৰ বাবে”

“যোগে আমাৰ সমাজ, ৰাষ্ট্ৰ, বিশ্বলৈ শান্তিৰ সঞ্চাৰ কৰিছে আৰু যোগে আমাৰ বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি কঢ়িয়াই আনিছে”

“যোগ দিৱসৰ ব্যাপক গ্ৰহণযোগ্যতাই ভাৰতৰ স্বাধীনতা সংগ্ৰামক শক্তি প্ৰদান কৰা অমৃত উদ্দীপনাক আদৰি লোৱা কাৰ্য্যক সূচিত কৰিছে”

“ভাৰতৰ ঐতিহাসিক ক্ষেত্ৰসমূহত সামূহিক যোগৰ অভিজ্ঞতা ভাৰতৰ অতীত, ভাৰতৰ বৈচিত্ৰ্য আৰু ভাৰতৰ সম্প্ৰসাৰণক একেলগে বন্ধাৰ দৰে”

“যোগৰ অনুশীলনে স্বাস্থ্য, ভাৰসাম্য আৰু সহযোগিতাক আশ্চৰ্য্যজনক প্ৰেৰণা যোগাইছে”

“যোগ সম্পৰ্কীয় অসীম সম্ভাৱনাক উপলব্ধিৰ সময় সমাগত”

“আমি যোগাভ্যাসক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি লোৱাৰ পৰিপ্ৰেক্ষিতত যোগ দিৱস আমাৰ স্বাস্থ্য, সুখ আৰু শান্তি উ

Posted On: 21 JUN 2022 8:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) উপলক্ষে মহীশূৰ পেলেচ গ্ৰাউণ্ডত কেইবা হাজাৰ অংশগ্ৰহণকাৰীৰ সৈতে গণ যোগ প্ৰদৰ্শনত যোগদান কৰে। এই কাৰ্য্যসূচীত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট, মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বম্মাই আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্য আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মহীশূৰৰ দৰে ভাৰতৰ আধ্যাত্মিক কেন্দ্ৰসমূহে যুগ- যুগ ধৰি লালিত-পালিত যোগ শক্তিয়ে আজি বিশ্ব স্বাস্থ্যক দিক প্ৰদৰ্শন কৰিছে। আজি যোগ বিশ্ব সহযোগিতাৰ এক আধাৰ হৈ পৰিছে আৰু মানৱ জাতিক সুস্থ জীৱনৰ বিশ্বাস প্ৰদান কৰিছে বুলি তেখেতে লগতে কয়। তেখেতে কয় যে আজি আমি দেখিবলৈ পাইছো, যোগ চাৰিবেৰৰ মাজৰপৰা ওলাই সমগ্ৰ বিশ্বখনতে বিয়পি পৰিছে আৰু এয়া আধ্যাত্মিক উপলব্ধিৰ ছবি আৰু ই অভূতপূৰ্ব মহামাৰীৰ যোৱা দুটা বছৰকে প্ৰমুখ্য কৰি স্বাভাৱিক আৰু সহভাজিত মানৱ চেতনাকে প্ৰতিফলিত কৰিছে। “যোগ এতিয়া এটি বিশ্ব উৎসৱত পৰিণত হৈছে। যোগ কেৱল এজন ব্যক্তিৰ নহৈ সমগ্ৰ মানৱ জাতিৰ বাবে। সেয়ে এইবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হ’ল - মানৱতাৰ বাবে যোগ (Yoga for humanity)”, তেখেতে কয়। তেখেতে ৰাষ্ট্ৰসংঘ আৰু সকলো দেশকে এই বিষয়বস্তুক গ্ৰহণৰ বাবে ধন্যবাদ জনায়।

ভাৰতীয় ঋষি-মুনিসকলৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয়, “যোগে আমাক প্ৰশান্তি যোগায়। যোগ প্ৰসূত শান্তি কেৱল ব্যক্তিৰ বাবেই নহয়। যোগে আমাৰ সমাজলৈ শান্তিৰ সঞ্চাৰ কৰিছে। যোগে আমাৰ ৰাষ্ট্ৰ আৰু বিশ্বখনলৈ শান্তিৰ সঞ্চাৰ কৰিছে। আৰু, যোগে আমাৰ বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি কঢ়িয়াই আনিছে”, তেখেতে আৰু কয়, “এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখন আমাৰ নিজৰ দেহ আৰু আত্মাৰপৰাই আৰম্ভ হয়। বিশ্বব্ৰহ্মাণ্ডখন আমাৰপৰা আৰম্ভ হয়। আৰু, যোগে আমাক আমাৰ সকলো কথাৰ প্ৰতি সচেতন আৰু সজাগতাৰ ভাৱ গঢ়ি তোলে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে ভাৰতে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ অমৃত মহোৎসৱ হিচাপে উদযাপনৰ সময়তে দেশখনে যোগ দিৱস পালন কৰিছে। যোগ দিৱসৰ এই ব্যাপক গ্ৰহণযোগ্যতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এয়া হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামক শক্তি প্ৰদান কৰা অমৃত উদ্দীপনাক আদৰি লোৱা কাৰ্য্য। সেইবাবেই সমগ্ৰ দেশখনৰ ৭৫ আইকনিক স্থানত গণ যোগ প্ৰদৰ্শন কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে যিসমূহ ভাৰতৰ গৌৰৱময় ইতিহাসৰ সাক্ষী আৰু সাংস্কৃতিক শক্তিৰ কেন্দ্ৰ হৈ আহিছে। “ভাৰতৰ ঐতিহাসিক ক্ষেত্ৰসমূহত সামূহিক যোগৰ অভিজ্ঞতা ভাৰতৰ অতীত, ভাৰতৰ বৈচিত্ৰ্য আৰু ভাৰতৰ সম্প্ৰসাৰণক একেলগে বন্ধাৰ দৰে”, তেখেতে বিশদভাৱে কয়। তেখেতে লগতে নতুন কাৰ্য্যক্ৰম ‘গাৰ্ডিয়ান যোগ ৰিং’ সম্পৰ্কেও অৱগত কৰে যি হৈছে ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা যোগৰ ঐক্যবদ্ধ শক্তিক চিত্ৰিত কৰিবলৈ ৭৯ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ লগতে বিদেশত থকা ইণ্ডিয়ান মিছনসমূহৰ মাজত এটি সহযোগিতামূলক অনুশীলন। সূৰ্য্যটোৱে আপাত দৃষ্টিত সমগ্ৰ বিশ্বখনতে পূবৰপৰা পশ্চিমলৈ গতি কৰাৰ পৰিপ্ৰেক্ষিতত অংশগ্ৰহণকাৰী দেশসমূহত গণ যোগ প্ৰদৰ্শন পৃথিৱীৰ যিকোনো এটা বিন্দুৰপৰা দেখা পোৱা মাত্ৰেকে ইটোৰ পিছত সিটোকৈ, প্ৰায় একেলগে ঘটি থকা যেন লাগিব। যিয়ে 'ওৱান ছান, ওৱান আৰ্থ' ৰ ধাৰণাটোক আলোকপাত কৰিছে। “যোগৰ অনুশীলনে স্বাস্থ্য, ভাৰসাম্য আৰু সহযোগিতাক আশ্চৰ্য্যজনক প্ৰেৰণা যোগাইছে”, তেখেতে লগতে কয়।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে যোগ আমাৰ বাবে কেৱল জীৱনৰ অংশই নহয়, বৰঞ্চ আজি ই এক জীৱন পদ্ধতিত পৰিণত হৈছে। তেখেতে কয়, যোগক কেৱল এটা নিৰ্দিষ্ট সময় আৰু স্থানত সীমাবদ্ধ ৰাখিব নালাগে। তেখেতে কয়, “আমি যিমানেই মানসিক চাপত নাথাকো কিয়, কেইমিনিটমানৰ ধ্যান-ধাৰণায়েই আমাক সকাহ দিয়ে আৰু আমাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। সেয়ে আমি যোগাসনক অতিৰিক্ত কাম হিচাপে গণ্য কৰিব নালাগে। আমিও যোগাসন কৰিব জানিব লাগিব আৰু আমিও যোগাসনক জীৱনৰ অংগ কৰি তুলিব লাগিব। আমিও যোগ সাধনা কৰিব লাগিব, আমিও যোগৰ অভিযোজনা কৰিব লাগিব। আমি যোগক জীৱনৰ অংশ কৰি লোৱা মাত্ৰেকে যোগ দিৱস আমাৰ বাবে যোগাসন কৰাৰ পৰিৱৰ্তে আমাৰ স্বাস্থ্য, সুখ আৰু শান্তি উদযাপনৰ মাধ্যম হৈ পৰিব।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগৰে সম্পৰ্কীয় অসীম সম্ভাৱনাৰাজি উপলব্ধিৰ সময় সমাগত। আজি আমাৰ বহু সংখ্যক যুৱক-যুৱতীয়ে যোগৰ ক্ষেত্ৰখনত নতুন-নতুন চিন্তা কৰিছে। তেখেতে আয়ুষ মন্ত্ৰালয়ৰ ষ্টাৰ্টআপ যোগ চেলেঞ্জ সম্পৰ্কেও অৱগত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২১ ৰ ‘যোগৰ প্ৰসাৰ আৰু বিকাশত অসামান্য বৰঙণিৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা’ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।

আজাদী কা অমৃত মহোৎসৱক ৮ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰে একত্ৰীকৰণেৰে সমগ্ৰ দেশখনৰ ৭৫ আইকনিক স্থানত ৭৫ জন কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত গণ যোগ প্ৰদৰ্শনৰ লগতে মহীশূৰত প্ৰধানমন্ত্ৰীৰ যোগ প্ৰদৰ্শনৰ আয়োজন কৰা হয়। বিভিন্ন শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয়, কৰ্পৰেট আৰু নাগৰিক সমাজৰ সংগঠনসমূহেও আয়োজন কৰা এই যোগ প্ৰদৰ্শনীত সমগ্ৰ দেশখনৰ কোটি-কোটি লোকে অংশগ্ৰহণ কৰে।

মহীশূৰত প্ৰধানমন্ত্ৰীগৰাকীৰ যোগ কাৰ্য্যক্ৰম, নতুন কাৰ্য্যসূচী ‘গাৰ্ডিয়ান যোগ ৰিং’ ৰো এটি অংশ যি হৈছে ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা যোগৰ ঐক্যবদ্ধ শক্তিক চিত্ৰিত কৰিবলৈ ৭৯ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ লগতে বিদেশত থকা ইণ্ডিয়ান মিছনসমূহৰ মাজত এটি সহযোগিতামূলক অনুশীলন।

২০১৫ ৰপৰা, প্ৰতি বছৰে ২১ জুনৰ দিনটোত বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) উদযাপন কৰা হয়। এই বৰ্ষৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে “মানৱতাৰ বাবে যোগ”। এই বিষয়বস্তুৱে ক’ভিড মহামাৰীৰ সময়ছোৱাত মানৱ জাতিৰ দুখ-কষ্ট লাঘৱত যোগৰ বৰঙণিক প্ৰতিফলিত কৰিছে।

***

DS/SB



(Release ID: 1836705) Visitor Counter : 123