প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত ২৭,০০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে



বেংগালুৰু উপনগৰীয় ৰে'ল প্ৰকল্প, বেংগালুৰু কেণ্টনমেণ্ট আৰু যশৱন্তপুৰ জংচন ৰেল ষ্টেচনৰ পুনৰ্বিকাশ প্ৰকল্প, বেংগালুৰু ৰিং ৰোড প্ৰকল্পৰ দুটা শাখা, একাধিক পথ উন্নীতকৰণ প্ৰকল্প আৰু বেংগালুৰুত মাল্টিমডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম শীতাতপ নিয়ন্ত্ৰিত ৰে'ল ষ্টেচন, কোংকণ ৰে'ল লাইনৰ ১০০ শতাংশ বৈদ্যুতিকৰণ প্ৰকল্প আৰু অন্যান্য ৰে'ল প্ৰকল্পসমূহ জাতিৰ উদ্দ্যেশ্যে উৎসৰ্গা কৰে

"বেংগালুৰু হৈছে দেশৰ লাখ লাখ যুৱক-যুৱতীৰ সপোনৰ চহৰ, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতিফলন ঘটিছে এই চহৰখনৰ জৰিয়তে "

" বেংগালুৰুৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিবৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপেই গ্ৰহণ কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে "

"বিগত ৮ বছৰ ধৰি ৰে'ল সংযোগ ব্যৱস্থাৰ ৰূপান্তৰ সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে কাম কৰি আছে"

"যোৱা ৪০ বছৰ ধৰি অসম্পূৰ্ণ হৈ ৰোৱা বেংগালুৰুত বসবাসকাৰীসকলৰ সপোন পূৰণ কৰিবলৈ অহা ৪০ মাহত মই কঠোৰ পৰিশ্ৰম কৰিম"

"ভাৰতীয় ৰে'লৱে আৰু অধিক দ্ৰুত গতিসম্পন্ন, পৰিষ্কাৰ, আধুনিক, সুৰক্ষিত আৰু নাগৰিক-অনুকূল হৈ উঠ

Posted On: 20 JUN 2022 4:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ২৭,০০০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্ছ (চিবিআৰ)উদ্বোধন কৰে আৰু বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান(আইআইএছচি)ত বাগচী পাৰ্থসাৰথি মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ডঃ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স (বেছ) বিশ্ববিদ্যালয়ৰ এটা নতুন চৌহদ উদ্বোধন কৰে আৰু ইয়াৰৰ চৌহদত ভাৰত ৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ জাতিৰ উদ্দ্যেশ্যে ১৫০টা 'প্ৰযুক্তি কেন্দ্ৰ' উৎসৰ্গা কৰে যিসমূহ কৰ্ণাটকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ (আইটিআই) পৰিৱৰ্তনৰ দ্বাৰা বিকশিত কৰা হৈছে।

আজিৰ অনুষ্ঠানত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলট, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকত ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প, ৭টা ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু আজি কোংকন ৰে'লৱেৰ ১০০% বৈদ্যুতিকৰণৰ কামো বহু আগবাঢ়িছে। এই সকলোবোৰ প্ৰকল্পই কৰ্ণাটকৰ যুৱ, মধ্যবিত্ত, কৃষক, শ্ৰমিক আৰু উদ্যোগীসকলক নতুন সুবিধা, নতুন সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বেংগালুৰু হৈছে দেশৰ লাখ লাখ যুৱক-যুৱতীৰ সপোনৰ চহৰ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতিফলন ঘটিছে এই চহৰখনৰ জৰিয়তে। "বেংগালুৰুৰ উন্নয়নে লাখ লাখ সপোন পূৰ্ণ কৰিছে। সেয়েহে যোৱা ৮ বছৰত কেন্দ্ৰীয় চৰকাৰে বেংগালুৰুৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আছে"

প্ৰধানমন্ত্ৰীয়ে কয় যে বাংগালুৰুক যান-জঁটৰ পৰা মুক্ত কৰাৰ বাবে ৰে'ল, পথ, মেট্ৰ', আণ্ডাৰপাছ, ফ্লাইঅভাৰৰ দৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ দৰে সম্ভৱপৰ সকলো  পদক্ষেপেই গ্ৰহণ কৰিছে কেন্দ্ৰ আৰু ৰাজ্য  চৰকাৰে। তেওঁ আৰু কয় যে বেংগালুৰুৰ উপনগৰীয় অঞ্চলসমূহৰ মাজত উন্নত সংযোগ আৰু যোগাযোগ ব্যৱস্থাক আৰু অধিক মজবুত কৰিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰি দশক ধৰি এই সকলোবোৰ পদক্ষেপৰ বিষয়ে আলোচনা চলি আছে আৰু এতিয়া 'ডাবল ইঞ্জিন' চৰকাৰে এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে আৰু কয় যে তেওঁ অহা ৪০ মাহত বেংগালুৰুৰ লোকসকলৰ সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব যিবোৰ যোৱা ৪০ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বেংগালুৰু উপনগৰীয় ৰে'ল প্ৰকল্পই বেংগালুৰু চহৰক ইয়াৰ উপনগৰ আৰু উপগ্ৰহীয় নগৰসমূহৰ মাজৰ যোগাযোগ আৰু অধিক উন্নত কৰিব আৰু ইয়াৰ বহুগুণে প্ৰভাৱ পৰিব। একেদৰে, বেংগালুৰু ৰিং ৰোড প্ৰকল্পই চহৰখনৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ৮ বছৰত চৰকাৰে ৰে'ল সংযোগৰ সম্পূৰ্ণ ৰূপান্তৰৰ ওপৰত কাম কৰিছে। তেওঁ কয় যে ভাৰতীয় ৰে'লৱে আৰু অধিক দ্ৰুত গতিসম্পন্ন, পৰিষ্কাৰ, আধুনিক, সুৰক্ষিত আৰু নাগৰিক-অনুকূল হৈ উঠিছে। "আমি ৰে'ল সংযোগ ব্যৱস্থা দেশৰ সেই অংশবোৰলৈকো নিছো য'ত এই বিষয়ে চিন্তা কৰাটোও কঠিন আছিল। এসময়ত কেৱল বিমান বন্দৰ আৰু বিমান ভ্ৰমণতহে লাভ কৰা সুবিধাসমূহ আৰু পৰিৱেশ প্ৰদান কৰিবলৈ এতিয়া ভাৰতীয় ৰেলৱেই চেষ্টা অব্যাহত ৰাখিছে। ভাৰতৰত্ন ছাৰ এম বিশ্বেশ্বৰায়ৰ নামেৰে নামাকৰণ কৰা বেংগালুৰুৰ আধুনিক ৰে'ল ষ্টেচনটোও ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ", তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে একত্ৰিত মাল্টিমোডেল সংযোগৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেনৰ দ্বাৰা এই মাল্টিমোডেল সংযোগে নতুন গতি লাভ কৰিছে। তেওঁ আৰু কয় যে আগন্তুক মাল্টিমোডেল লজিষ্টিক অংশটো এই পৰিকল্পনাৰ অংশ। তেওঁ কয় যে গতিশক্তিৰ মনোভাৱৰে হাতত লোৱা এনে প্ৰকল্পসমূহে যুৱসকলক নিয়োগৰ সুবিধা দিয়াৰ লগতে আত্মনিৰ্ভৰ ভাৰত অভিযানকো শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বেংগালুৰুৰ সফলতাৰ কাহিনীয়ে একবিংশ শতিকাৰ ভাৰতক আত্মনিৰ্ভৰ হ'বলৈ অনুপ্ৰাণিত কৰে। যদিহে চৰকাৰে সুবিধা প্ৰদান কৰাৰ লগতে নাগৰিকসকলৰ জীৱনত হস্তক্ষেপ কমকৈ কৰে তেতিয়াহলে ভাৰতীয় যুৱক-যুৱতীসকলে কি কৰিব পাৰে সেয়া বেংগালুৰুৱে দেখুৱাইছে। বেংগালুৰু হৈছে দেশৰ যুৱসকলৰ সপোনৰ চহৰ আৰু ইয়াৰ আঁৰত আছে উদ্যোগ, উদ্ভাৱন, ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ সঠিক উপযোগিতা। তেওঁ আৰু কয় যে যিসকলে এতিয়াও ভাৰতৰ ব্যক্তিগত উদ্যোগৰ মনোভাবক অসন্মান কৰে তেওঁলোকৰ বাবে বেংগালুৰু এক শিক্ষা। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে একবিংশ শতিকাৰ ভাৰত সম্পদ সৃষ্টিকৰ্তা, চাকৰি সৃষ্টিকৰ্তা আৰু উদ্ভাৱকসকলৰ ভাৰত। তেওঁ লগতে কয়, বিশ্বৰ আটাইতকৈ যুৱ ৰাষ্ট্ৰ হিচাপে এয়া হৈছে ভাৰতৰ সম্পদ আৰু শক্তি।

প্ৰধানমন্ত্ৰীয়ে এমএছএমইৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে এছএমইৰ সংজ্ঞাৰ পৰিৱৰ্তনৰ লগে লগে সেইসমূহৰ বিকাশৰ নতুন পথো মুকলি হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ওপৰত আস্থা ৰখাৰ ফলত ভাৰতে ২০০ কোটি টকালৈকে বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত বিদেশী বিনিয়োগ অংশগ্ৰহণ প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহক ২৫ শতাংশলৈকে সা-সৰঞ্জাম এমএছএমইৰ পৰা ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ কয় যে জিইএম পৰ্টেল এমএছএমই খণ্ডৰ বাবে এক মহান প্ৰৱৰ্তক হিচাপে প্ৰমাণিত হৈছে।

ষ্টাৰ্টআপ খণ্ডত বৃহৎ অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ দশকবোৰত কিমান বিলিয়ন ডলাৰ কোম্পানী সৃষ্টি হৈছিল সেয়া হাতৰ আঙুলিত গণনা কৰিব পাৰি। কিন্তু যোৱা ৮ বছৰত, ১০০ ৰো অধিক, বিলিয়ন ডলাৰ কোম্পানী সৃষ্টি কৰা হৈছে আৰু প্ৰতি মাহে নতুন কোম্পানী সংযোগ হৈছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ২০১৪ চনৰ পিছত প্ৰথম ১০০০ ষ্টাৰ্টআপত সৃষ্টিৰ বাবে ৮০০ দিন লাগিছিল যদিও এতিয়া ২০০ দিনতকৈও কম সময়ত ইমান বহুতো ষ্টাৰ্টআপ সংযোজিত হৈ আছে। তেওঁ কয়, যোৱা ৮ বছৰত সৃষ্টি হোৱা ইউনিকৰ্ণৰ মূল্য হৈছে প্ৰায় ১২ লাখ কোটি টকা।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ স্পষ্টভাৱে বিশ্বাস কৰে যে উদ্যোগ চৰকাৰীয়েই হওঁক বা ব্যক্তিগতই হওঁক, দুয়োটাই দেশৰ সম্পদ, সেয়েহে সকলোকে সমান সুযোগ দিয়া উচিত। প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মক চৰকাৰে প্ৰদান কৰা বিশ্বমানৰ সুবিধাসমূহৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগী আৰু ধাৰণা পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ কয় যে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰি থকা যুৱক-যুৱতীসকলক মঞ্চ প্ৰদান কৰি আছে। সৰ্বশেষত তেওঁ কয় যে চৰকাৰী কোম্পানীবোৰেও সমান সুযোগত প্ৰতিযোগিতা কৰিব।

প্ৰকল্পসমূহৰ বিৱৰণঃ

বেংগালুৰু উপনগৰীয় ৰে’ল প্ৰকল্পই (বিএছআৰপি) বেংগালুৰু চহৰক ইয়াৰ উপনগৰ আৰু উপগ্ৰহীয় নগৰৰ সৈতে সংযোগ কৰিব। ১৫,৭০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটোত মুঠ ১৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪টা কৰিডৰৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু কেণ্ট আৰু যশৱন্তপুৰ জংচন ৰেল ষ্টেচন পুনৰ্বিকাশৰ আধাৰশিলাও স্থাপন কৰে, যিসমূহ ক্ৰমে ৫০০ কোটি আৰু ৩৭৫ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হ'ব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বাইয়াপ্পানাহাল্লিত ভাৰতৰ প্ৰথমটো শীতাতপ নিয়ন্ত্ৰিত ৰে'ল ষ্টেচন-ছাৰ এম বিশ্বেশ্বৰায় ৰে'ল ষ্টেচন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিটো আধুনিক বিমানবন্দৰৰ আৰ্হিত প্ৰায় ৩১৫ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উদুপী, মাদাগাঁও আৰু ৰত্নগিৰিৰ পৰা বৈদ্যুতিক ৰে'লৰ ফ্লেগ অফ কৰি ৰোহা (মহাৰাষ্ট্ৰ)ৰ পৰা থোকুৰ (কৰ্ণাটক)লৈকে ১০০ শতাংশ বৈদ্যুতিকৰণ কৰা কোংকন ৰে'লপথ (প্ৰায় ৭৪০ কিলোমিটাৰ) ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। কোংকন ৰেলপথৰ বৈদ্যুতিকৰণ ১২৮০ কোটিতকৈও অধিক ব্যয়েৰে কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দুটা ৰে'ললাইন দ্বিগুণ প্ৰকল্পঃ আৰ্চিকেৰেৰ পৰা টুমকুৰুলৈ (প্ৰায় ৯৬ কিলোমিটাৰ) আৰু য়েলাহাংকাৰ পৰা পেনুকোণ্ডালৈ (প্ৰায় ১২০ কিলোমিটাৰ)-ৰ বাবে যাত্ৰীবাহী ৰে'ল আৰু এমইএমইউ সেৱা ফ্লেগ অফ কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই দুটা ৰে'ললাইন দুগুণ প্ৰকল্প ক্ৰমান্বয়ে ৭৫০ কোটি টকা আৰু ১১০০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হৈছে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু ৰিং ৰোড প্ৰকল্পৰ দুটা শাখাৰ আধাৰশিলাও স্থাপন কৰে। ২২৮০ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত হ'বলগীয়া প্ৰকল্পটোৱে চহৰখনত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে অন্যান্য বিভিন্ন পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। সেইবোৰ হৈছে- ৰাষ্ট্ৰীয় ঘাইপথ-৪৮ৰ নেলামংগলা-টুমকুৰ শাখাৰ ছয় লেন; ৰাষ্ট্ৰীয় ঘাইপথ-৭৩-ৰ পুঞ্জলকাট্টে-চাৰমাদি শাখা বহল কৰা; ৰাষ্ট্ৰীয় ঘাইপথ-৬৯-ৰ এটা শাখাৰ পুনৰ্সংস্থাপন আৰু উন্নীতকৰণ। এই প্ৰকল্পসমূহত বহন কৰিবলগা সামগ্ৰিক ব্যয় হৈছে প্ৰায় ৩১৫০ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮০০ কোটি টকা ব্যয়েৰে বাংগালুৰুৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত মুদ্দালিংগনাহাল্লিত বিকশিত কৰা মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলাও স্থাপন কৰিব। ই পৰিবহন, সঞ্চালন আৰু গৌণ মালবহন ব্যয় হ্ৰাস কৰাত সহায় কৰিব।

 

***

DS/AK/KG



(Release ID: 1836408) Visitor Counter : 85