প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ চেট্টৰ’-২০২২ত আন এটা স্বৰ্ণ পদক জয় কৰাৰ বাবে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
11 JUN 2022 11:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ চেট্টৰ’-২০২২ত আন এটা স্বৰ্ণ পদক জয় কৰাৰ বাবে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “#Chateauroux2022ত আন এটা স্বৰ্ণ পদক জয় কৰাৰ বাবে @AvaniLekharaক লৈ গৌৰৱবোধ কৰিছো।
নতুন সফলতাৰ শিখৰত উপনীত হোৱাত তেওঁৰ দৃঢ় সংকল্প অতুলনীয়। তেওঁৰ এই সাফল্যৰ বাবে মই তেওঁক অভিনন্দন জনাইছো আৰু ভৱিষ্যৎ প্রচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। ”
***
DS/ST/DB
(ৰিলিজ আই ডি : 1835021)
অতিথি কক্ষ : 165
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam