কেবিনেট
azadi ka amrit mahotsav

জাপানৰ ‘নেশ্যনেল ইনষ্টিটিউট ফৰ এনভাৰ্ণমেণ্টেল ষ্টাডিজ’ আৰু বায়ুৰ মান আৰু জলবায়ু পৰিৱৰ্তন সংক্ৰান্তীয় যৌথ গৱেষণাৰে জড়িত হৈ থকা ‘আৰ্যভট্ট ৰিছাৰ্চ ইনষ্টিটিউট অব অবজাৰ্ভেশ্যনেল ছায়েঞ্চেছ(এআৰআইইএছ), ইণ্ডিয়া’-ৰ মাজৰ বুজাবুজিৰ চুক্তিলৈ কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 08 JUN 2022 4:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাই জাপানৰ ‘নেশ্যনেল ইনষ্টিটিউট ফৰ এনভাৰ্ণমেণ্টেল ষ্টাডিজ’ আৰু বায়ুৰ মান আৰু জলবায়ু পৰিৱৰ্তন সংক্ৰান্তীয় যৌথ গৱেষণাৰে জড়িত হৈ থকা ‘আৰ্যভট্ট ৰিছাৰ্চ ইনষ্টিটিউট অব অবজাৰ্ভেশ্যনেল ছায়েঞ্চেছ(এআৰআইইএছ), ইণ্ডিয়া’-ৰ মাজত গৱেষণামূলক সহযোগিতা স্থাপনৰ উদ্দেশ্যে এক ‘বুজাবুজিৰ চুক্তি’(এমঅইউ)লৈ অনুমোদন জনায়। নৈনিতালস্থিত ‘এআৰআইইএছ’-য়ে ইয়াৰ আগতে কোনো বিদেশী সংস্থাৰে এনে ধৰণৰ গৱেষণা সংক্ৰান্তীয় বুজাবুজিৰ চুক্তি আদি সম্পাদিত কৰা নাছিল।

এই চুক্তিৰ আধাৰত সম্পাদিত কৰিব খোজা কেতবোৰ সাম্ভাব্য কাৰ্যক্ৰম হ’ল-

ক) বৈজ্ঞানিক সা-সৰঞ্জামসমূহৰ যুটীয়া ব্যৱহাৰ

খ) পৰ্যবেক্ষণ পদ্ধতি সম্পৰ্কীয় বৈজ্ঞানিক আৰু কাৰিকৰী তথ্যাদিৰ বিনিময়

গ) পৰ্যবেক্ষণৰ জৰিয়তে লাভ কৰা তথ্যৰ যুটীয়া বিশ্লেষণ আৰু প্ৰতিবেদনৰ প্ৰস্তুতি

ঘ) যুটীয়া শৈক্ষিক আৰু গৱেষণা কাৰ্যক্ৰম

ঙ) গৱেষণা সম্পাদিত কৰাৰ বাবে ‘পিএইচডি’ কৰি থকা ছাত্ৰ-ছাত্ৰীকে ধৰি ‘ভিজিটিং স্কলাৰ’ৰ বিনিময়

চ) বৈজ্ঞানিক কৰ্মশালা বা আলোচনাচক্ৰ আদিৰ যৌথ আয়োজন

 

***

DS/KB


(रिलीज़ आईडी: 1832449) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam