প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হায়দৰাবাদৰ আইএছবিত ২০২২ চনৰ পিজিপি শ্ৰেণীৰ স্নাতক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ


দেশৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক পৰিৱেশত আইএছবিৰ ছাত্ৰ-ছাত্ৰীৰ ভূমিকাক স্বীকৃতি

“আজি বিশ্বই উপলব্ধি কৰিছে যে ভাৰত মানে ব্যৱসায়”

“মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকৰ ব্যক্তিগত লক্ষ্যক দেশৰ লক্ষ্যৰ সৈতে সংযোগ কৰক”

“যোৱা তিনিটা দশকত নিৰন্তৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে দেশত ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ পৰিলক্ষিত হৈছিল আৰু সংস্কাৰ আৰু ডাঙৰ ডাঙৰ সিদ্ধান্তৰ পৰা আঁতৰি আছিল”

“ব্যৱস্থাত এতিয়া চৰকাৰে সংস্কাৰ কৰে, আমোলাতন্ত্ৰই কাম কৰে আৰু জনসাধাৰণৰ অংশগ্ৰহণে পৰিৱৰ্তনৰ দিশত আগুৱাই লৈ যায়”

‘ভাৰতক ভৱিষ্যতৰ বাবে সাজু কৰিবলৈ হ’লে আমি নিশ্চিত কৰিব লাগিব যাতে ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠে। এই ক্ষেত্ৰত আপোনালোক সকলো ব্যৱসায়িক বৃত্তিধাৰীৰ ডাঙৰ ভূমিকা আছে”

Posted On: 26 MAY 2022 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএছবি হায়দৰাবাদৰ বিংশতিতম বৰ্ষপূৰ্তি উদযাপনত অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০২২ চনৰ পিজিপি শ্ৰেণীৰ স্নাতকসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

আৰম্ভণিতে প্রধানমন্ত্রীয়ে প্রতিষ্ঠানটোক বর্তমান গৌৰৱপূৰ্ণ অৱস্থালৈ নিয়াৰ বাবে যিসকলে অৰিহণা যোগাইছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁলোকক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০০১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই অনুষ্ঠানটো দেশৰ বাবে উৎসৰ্গা কৰিছিল। তেতিয়াৰে পৰা আইএছবিৰ পৰা ৫০ সহস্ৰাধিকক কাৰ্যবাহী উত্তীৰ্ণ হৈছে। বৰ্তমান আইএছবি এছিয়াৰ শীৰ্ষ বিজনেছ স্কুলৰ ভিতৰত অন্যতম। আইএছবিৰ পৰা উত্তীৰ্ণ পেছাদাৰীসকলে শীৰ্ষ কোম্পানীসমূহক প্ৰসিদ্ধ কৰি আছে আৰু দেশৰ ব্যৱসায়ক গতি প্ৰদান কৰিছে। ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে শ শ ষ্টাৰ্টআপ সৃষ্টি কৰিছে আৰু ইউনিকৰ্ণ সৃষ্টিত ভূমিকা পালন কৰিছে। তেওঁ কয়, “এয়া আইএছবিৰ এক কৃতিত্ব আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কাৰণ।” তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰত হৈছে জি-২০ দেশৰ গোটত সৰ্বাধিক দ্ৰুতগতিত বিকশিত অৰ্থনীতি। স্মাৰ্টফোন ডাটা উপভোগৰ ক্ষেত্ৰত ভাৰত এক নম্বৰত আছে। যদি আমি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যালৈ চাওঁ, তেন্তে ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। তেওঁ কয় যে গ্ল’বেল ৰিটেইল ইনডেক্সতো ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম আছে ভাৰতত। বিশ্বৰ তৃতীয় বৃহত্তম গ্ৰাহক বজাৰো ভাৰতৰে। ভাৰতে এতিয়া বিকাশৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা বছৰ ভাৰতত সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছিল। বৰ্তমান বিশ্বই উপলব্ধি কৰিছে যে ভাৰত মানে ব্যৱসায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বজুৰি প্ৰায়ে ভাৰতীয় সমাধানসমূহ কাৰ্যকৰী কৰা হৈছে। সেয়েহে “আজি এই গুৰুত্বপূৰ্ণ দিনটোত মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকৰ ব্যক্তিগত লক্ষ্যক দেশৰ লক্ষ্যৰ সৈতে সংযোগ কৰক”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সংস্কাৰৰ প্ৰয়োজনীয়তা সদায় অনুভৱ কৰা হৈছিল, কিন্তু ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ সদায় আছিল। যোৱা তিনিটা দশকত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ বাবে দেশত দীৰ্ঘদিন ধৰি ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ দেখা গৈছে। সেইবাবেই দেশত সংস্কাৰৰ পৰা আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছিল। ২০১৪ চনৰ পৰা আমাৰ দেশত ৰাজনৈতিক ইচ্ছাশক্তি দেখা গৈছে আৰু ইয়াৰ সমান্তৰালভাৱে সংস্কাৰৰ কাম নিৰন্তৰভাৱে চলি আছে। দৃঢ়তাৰে আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰে সংস্কাৰৰ কাম হাতত ল’লে জনসমৰ্থন আৰু জনপ্ৰিয় সমৰ্থন নিশ্চিত হয়। এই উপলক্ষে তেওঁ জনসাধাৰণে ডিজিটেল পেমেণ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ দাঙি ধৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীৰ সময়ত স্বাস্থ্য খণ্ডৰ সুস্থিতিৰতা আৰু শক্তি প্ৰমাণিত হৈছিল। ক’ভিড ভেকচিন সন্দৰ্ভত দেশত বিদেশী ভেকচিন উপলব্ধ হ’ব নে নহ’ব সেইলৈ সকলো উদ্বেগ হৈছিল। কিন্তু ভাৰতে নিজাকৈ ভেকচিন প্ৰস্তুত কৰিলে। বহু পৰিমাণৰ ভেকচিন প্ৰস্তুত কৰা হৈছে যে ভাৰতত ১৯০ কোটিতকৈ অধিক ড’জ দিয়া হৈছে। ভাৰতে বিশ্বৰ শতাধিক দেশলৈও ভেকচিন প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ কথাও কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সংস্কাৰ প্ৰক্ৰিয়াত আমোলাতন্ত্ৰেও দৃঢ় অৱদান আগবঢ়াইছে। চৰকাৰৰ আঁচনিসমূহৰ সফলতাত জনসাধাৰণৰ অংশগ্ৰহণকে কৃতিত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে যেতিয়া জনতাই সহযোগ কৰে তেতিয়া দ্ৰুত আৰু উন্নত ফলাফল নিশ্চিত হয়। ব্যৱস্থাটোত এতিয়া চৰকাৰে সংস্কাৰ কৰে, আমোলাতন্ত্ৰই কাম কৰে আৰু জনসাধাৰণৰ অংশগ্ৰহণে পৰিৱৰ্তনৰ দিশত আগুৱাই লৈ যায়। তেওঁ আইএছবিৰ ছাত্ৰ-ছাত্ৰীসকলক সংস্কাৰ, পাৰদৰ্শিতা আৰু পৰিৱৰ্তনৰ ব্যৱস্থাটো অধ্যয়ন কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পাছত আমি প্ৰতিটো খেলতে অসাধাৰণ প্ৰদৰ্শন দেখিবলৈ পোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আমাৰ খেলুৱৈসকলৰ আত্মবিশ্বাস। তেওঁ লগতে কয় যে যেতিয়া সঠিক প্ৰতিভা আৱিষ্কাৰ হয়, যেতিয়া প্ৰতিভাৰ হাতত ধৰি ৰখা হয়, যেতিয়া স্বচ্ছ নিৰ্বাচন হয় আৰু প্ৰশিক্ষণ, প্ৰতিযোগিতাৰ বাবে উন্নত আন্তঃগাঁথনি উপলব্ধ হয়, তেতিয়াই আত্মবিশ্বাস আহে। খেলো ইণ্ডিয়া আৰু টপছ আঁচনিৰ দৰে সংস্কাৰৰ বাবে ক্ৰীড়াক্ষেত্ৰত অহা পৰিৱৰ্তন আমি চকুৰ সন্মুখতে দেখিবলৈ পাইছো বুলিও তেওঁ লগতে কয়। একেদৰে তেওঁ ৰাজহুৱা নীতিৰ ক্ষেত্ৰত কৰ্ম সম্পাদন, মূল্য সংযোজন, উৎপাদনশীলতা আৰু প্ৰেৰণাৰ এক মহান উদাহৰণ হিচাপে আকাংক্ষিত জিলা কাৰ্যসূচীৰ কথা উল্লেখ কৰে।

আনুষ্ঠানিক, অনানুষ্ঠানিক, ক্ষুদ্ৰ-বৃহৎ ব্যৱসায়ীসকলে নিজৰ পৰিসৰ বৃদ্ধি কৰি কোটি কোটি লোকক কৰ্মসংস্থাপন দি অহা পৰিৱৰ্তিত ব্যৱসায়িক পৰিৱেশৰ সন্দৰ্ভত মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলক বিকাশৰ বাবে অধিক সুযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ স্থাপন কৰাত তেওঁলোকক সহায় কৰক। তেওঁলোকৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰতক ভৱিষ্যতৰ বাবে সাজু কৰিবলৈ হ’লে আমি নিশ্চিত কৰিব লাগিব যাতে ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠে। আইএছবিৰ দৰে অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালনৰ আশা দেখিছিল। “ইয়াত আপোনালোক সকলো ব্যৱসায়িক বৃত্তিধাৰীৰ ডাঙৰ ভূমিকা আছে। আৰু এয়া আপোনালোকৰ বাবে দেশ সেৱাৰ এক মহান উদাহৰণ হ’ব”, এই মন্তব্যৰে তেওঁ ভাষণ সামৰে।

 

***

DS/AK/DB



(Release ID: 1828719) Visitor Counter : 137