প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্ণাটকৰ হুবলিত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা

प्रविष्टि तिथि: 24 MAY 2022 6:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ হুবলিত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু ঘটনাটোত আহত সকলক ৫০,০০০ টকাকৈ অনুদান দিয়াৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;

"কৰ্ণাটকৰ হুবলিত সংঘটিত এক দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে ব্যথিত হৈছো। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা থাকিল। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওঁক।"

"হুবলিত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা দিয়া হ'বঃ প্ৰধানমন্ত্ৰী

 

***

DS/ST/MS


(रिलीज़ आईडी: 1828709) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam