প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফিজিৰ শ্ৰী সত্য সাই সঞ্জীৱনী শিশু হাৰ্ট হাস্পতালৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 27 APR 2022 12:27PM by PIB Guwahati

ফিজিৰ প্ৰধানমন্ত্ৰী মহামহিম বৈনিমাৰামা জী, সদগুৰু মধুসূদন সাই, সাই প্ৰেম ফাউণ্ডেশ্যনৰ সকলো ন্যাসৰক্ষী, চিকিৎসালয়ৰ কৰ্মচাৰী, বিশিষ্ট অতিথি আৰু ফিজিৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!

'নি-সাম বুলা বিনাকা',

নমস্কাৰ!

সুভাৰ শ্ৰী সত্য সাই সঞ্জীৱনী শিশু হাৰ্ট হাস্পতালৰ এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই সন্তোষ পাইছো। ইয়াৰ বাবে মই ফিজিৰ মহামহিম প্ৰধানমন্ত্ৰী আৰু ফিজিৰ জনসাধাৰণক ধন্যবাদ জনাইছো। এয়া আমাৰ পাৰস্পৰিক সম্পৰ্ক আৰু মৰমৰ আন এক প্ৰতীক। ভাৰত আৰু ফিজিৰ সহভাজিত যাত্ৰাৰ এয়া আন এক অধ্যায়। মোক এই শিশু হাৰ্ট হাস্পতালখন কেৱল ফিজিৰে নহয়, বৰঞ্চ সমগ্ৰ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰে প্ৰথমখন শিশু হাৰ্ট হাস্পতাল বুলি কোৱা হৈছে। হৃদযন্ত্ৰ-সম্পৰ্কীয় ৰোগসমূহ বৃহৎ প্ৰত্যাহ্বান হৈ পৰা অঞ্চলটোৰ বাবে এই চিকিৎসালয়খন হাজাৰ-হাজাৰ শিশুক এটা নতুন জীৱন প্ৰদানৰ মাধ্যম হৈ পৰিব। মই আনন্দিত হৈছো কিয়নো ইয়াৰ প্ৰতিজন শিশুৱে ‘বিনামূল্যে’ কেৱল বিশ্বমানৰ চিকিৎসাই নহয়, সকলো অস্ত্ৰোপচাৰৰ সুবিধাও লাভ কৰিব। মই ইয়াৰ বাবে ফিজি চৰকাৰ, সাই প্ৰেম ফাউণ্ডেশ্যন, ফিজি আৰু ভাৰতৰ শ্ৰী সত্য সাই সঞ্জীৱনী শিশু হাৰ্ট হাস্পতালৰ মই শলাগ লৈছো।

বিশেষকৈ এই উপলক্ষে ব্ৰাহ্মলিন শ্ৰী সত্য সাই বাবাক প্ৰণাম জনাইছো। মানৱতাৰ সেৱাৰ বাবে তেওঁ ৰোপণ কৰা বীজটোৱে আজি জনসাধাৰণক বৰগছৰ দৰে সেৱা কৰি আছে। মই পূৰ্বেও কৈছো যে সত্য সাই বাবাই আধ্যাত্মিকতাক ৰীতি-নীতিৰপৰা মুক্ত কৰি জনকল্যাণৰে  সংযোগৰ এক আশ্চৰ্য্যকৰ কাম কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ কাম-কাজ, স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁৰ কাম-কাজ, দুখীয়া, নিপীড়িত আৰু বঞ্চিতসকলৰ প্ৰতি কৰা সেৱাই আমাক আজিও অনুপ্ৰাণিত কৰে। দুটা দশকৰ পূৰ্বে গুজৰাটক ভূমিকম্পই বিধ্বস্ত কৰাৰ সময়ত বাবাৰ অনুগামীসকলে ভুক্তভোগীসকলক আগবঢ়োৱা সেৱা গুজৰাটৰ জনসাধাৰণে কেতিয়াও পাহৰিব নোৱাৰে। মই সত্য সাই বাবাৰ আশীৰ্বাদ অবিৰামভাৱে লাভ কৰি অহাটোক মোৰ মহান সৌভাগ্য বুলি গণ্য কৰো। মই তেওঁৰ লগত বহু দশক ধৰি জড়িত হৈ আছো আৰু আজিও তেওঁৰ আশীৰ্বাদ লাভ কৰি আছো।

বন্ধুসকল,

ভাৰতত কোৱা হয়, ''পৰোপকাৰায় সন্তা বিভূতয়ঃ''। অৰ্থাৎ দান হৈছে এজন বিনয়ী লোকৰ সম্পদ। আমাৰ সম্পদৰাজি জনতাৰ সেৱা আৰু জীৱৰ কল্যাণৰ বাবেই। এই প্ৰমূল্যবোধৰ আধাৰতেই ভাৰত আৰু ফিজিৰ উমৈহতীয়া ঐতিহ্য বৰ্তি আছে। এই আদৰ্শক অনুসৰণেৰে ভাৰতে ক’ৰোনা মহামাৰীটোৰ দৰে জটিল সময়তো নিজৰ কৰ্তব্য পালন কৰিছে। ইয়াত 'বসুধৈৱ কুটুম্বকম' বুলিও কোৱা হৈছে অৰ্থাৎ, সমগ্ৰ জগতখনেই এটি পৰিয়াল। এই মূলমন্ত্ৰৰ কথা বিবেচনাৰে ভাৰতে বিশ্বৰ ১৫০খন দেশলৈ ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে। কোটি-কোটি নাগৰিকৰ উপৰিও ভাৰতে বিশ্বৰ আন-আন দেশৰ জনসাধাৰণৰো যত্ন লৈছে। আমি প্ৰায় ১০০ খন দেশলৈ প্ৰায় ১০০ নিযুত ভেকচিন প্ৰেৰণ কৰিছো। এই প্ৰচেষ্টাত আমি ফিজিকো অগ্ৰাধিকাৰ প্ৰদান কৰিছো। ফিজিৰ প্ৰতি সমগ্ৰ ভাৰতৰ এই আত্মীয়তাৰ অনুভৱক আগুৱাই নিবলৈ সাই প্ৰেম ফাউণ্ডেশ্যন ইয়াত থকাত মই সন্তোষ পাইছো।

বন্ধুসকল,

আমাৰ দুয়োখন দেশৰ মাজত এখনি বিশাল সাগৰ আছে যদিও আমাৰ সংস্কৃতিয়ে পৰস্পৰে-পৰস্পৰক সংযোগ কৰি ৰাখিছে। আমাৰ সম্পৰ্কৰাজি পাৰস্পৰিক সন্মান, সহযোগিতা আৰু আমাৰ জনসাধাৰণৰ সুদৃঢ় পাৰস্পৰিক বন্ধনৰ আধাৰত গঢ় লৈ উঠিছে। ভাৰতৰ সৌভাগ্য যে আমি ফিজিৰ আৰ্থ-সামাজিক বিকাশত ভূমিকা পালন আৰু বৰঙণি যোগাবলৈ সুযোগ লাভ কৰি আহিছো। যোৱা দশককেইটাত প্ৰতিটো ক্ষেত্ৰতে ভাৰত-ফিজিৰ সম্পৰ্ক নিৰন্তৰভাৱে প্ৰস্ফূতিত আৰু সুদৃঢ় হৈছে। ফিজি আৰু মহামহিম প্ৰধানমন্ত্ৰীৰ সহযোগত আগন্তুক সময়ত এই সম্পৰ্ক অধিক সুদৃঢ় হৈ উঠিব। প্ৰসংগক্ৰমে, আজি মোৰ বন্ধু প্ৰধানমন্ত্ৰী বৈনিমাৰামা জীৰো ওপজা দিন। তেওঁক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে শ্ৰী সত্য সাই সঞ্জীৱনী শিশু হাৰ্ট হাস্পতালৰে জড়িত সকলো সদস্যলৈ পুনৰবাৰ শুভেচ্ছা জনালো। মই নিশ্চিত, এই চিকিৎসালয়খনি ফিজি আৰু সামগ্ৰিকভাৱে অঞ্চলটোত সেৱাৰ বাবে এক শক্তিশালী প্ৰতিষ্ঠানত পৰিণত হ’ব আৰু ভাৰত-ফিজিৰ সম্পৰ্কক নতুন শিখৰত উপনীত কৰাব।

আপোনাসৱক অশেষ ধন্যবাদ জনালো!

 

***

DS/LP/AK/IG/SB



(Release ID: 1826290) Visitor Counter : 108