প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৬ মে'ত 'জীটো কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 05 MAY 2022 6:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মে, ২০২২ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জীটো কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰিব।

জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা (জেইইটিঅ') হৈছে বিশ্বজুৰি জৈনসকলক সংযোগ কৰা এক বিশ্বব্যাপী সংগঠন। জীটো কানেক্ট হৈছে পাৰস্পৰিক নেটৱৰ্কিং আৰু ব্যক্তিগত বাৰ্তালাপৰ সুযোগ প্ৰদান কৰি ব্যৱসায় আৰু উদ্যোগক সহায় কৰাৰ এক প্ৰয়াস। 'জীটো কানেক্ট ২০২২' হৈছে পুনেৰ গংগাধাম পৰিশিষ্টত ৬ ৰ পৰা ৮ মে'লৈ অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া অনুষ্ঠান আৰু ইয়াত বাণিজ্য আৰু অৰ্থনীতি সম্পৰ্কীয় বিভিন্ন বিষয়ত কেইবাটাও অধিৱেশন অন্তৰ্ভুক্ত থাকিব। 

 

***

DS/LP/RD


(ৰিলিজ আই ডি : 1824652) অতিথি কক্ষ : 156