প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীৰ বাসভৱনত শিখ প্ৰতিনিধিবৰ্গক প্ৰধানমন্ত্ৰীৰ আপ্যায়ন


“গুৰুদ্বাৰালৈ যোৱা, সেৱাত সময় দিয়া, লংগৰত সহায় কৰা, শিখ পৰিয়ালত থকাটো মোৰ জীৱনৰ অংশ বিশেষ”

“আমাৰ গুৰুসকলে আমাক সাহস আৰু সেৱাৰ শিক্ষা দান কৰিছিল”

“নতুন ভাৰতে নতুন শিখৰ চুইছে আৰু সমগ্ৰ পৃথিৱীতে পদচিহ্নও ৰাখি থৈ গৈছে”

“পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বসবাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলক মই সদায়ে ভাৰতৰ ৰাষ্ট্ৰদূত বুলি গণ্য কৰি আহিছো। আপোনালোক আটায়ে আই ভাৰতীৰ শক্তিশালী বাণী আৰু গৌৰৱোজ্জ্বল পৰিচিতি”

“গুৰুসকলৰ পদাৰ্পণে এইখন মহান দেশক পবিত্ৰ কৰিছে আৰু অনুপ্ৰাণিত কৰিছে ইয়াৰ জনতাক”

“শিখ পৰম্পৰা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এক জীৱন্ত পৰম্পৰা”

Posted On: 29 APR 2022 7:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ ‘৭ লোক কল্যাণ মাৰ্গ’ত থকা চৰকাৰী বাসভৱনত শিখ সম্প্ৰদায়ৰ এক প্ৰতিনিধিমণ্ডলীক আপ্যায়িত কৰে। সমাজৰ বিভিন্ন কৰ্ম ক্ষেত্ৰত নিয়েজিত ব্যক্তিসকলৰে গঠিত হৈছে এই প্ৰতিনিধি দলটো।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে শিখ সম্প্ৰদায়ৰে অব্যাহত থকা তেওঁৰ দীঘলীয়া ঘনিস্থতাৰ কথা স্মৰণ কৰে। এই প্ৰসংগত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “গুৰুদ্বাৰালৈ যোৱা, সেৱাত সময় দিয়া, লংগৰত সহায় কৰা, শিখ পৰিয়ালত থকাটো মোৰ জীৱনৰ অংশ বিশেষ”। প্ৰধানমন্ত্ৰীৰ বাসভৱনতো সময়ে সময়ে শিখ ধৰ্মগুৰুসকলে পদাপৰ্ণ কৰাৰ কথা তেওঁ উল্লেখ কৰে। “তেওঁলোকৰ সান্নিধ্য লাভ কৰি থকাৰ মোৰ সৌভাগ্য ঘটিয়েই থাকে” বুলিও তেওঁ উল্লেখ কৰে। বিদেশলৈ যোৱাৰ সময়তো তেওঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা শিখ ঐতিহ্যক্ষেত্ৰসমূহলৈ যোৱাৰ কথাও তেওঁৰ ভাষণত স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ গুৰুসকলে আমাক সাহস আৰু সেৱাৰ শিক্ষা দান কৰিছিল। ভাৰতৰ মানুহে বিশেষ কোনো সম্বল নোহোৱাকৈয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ গৈছিল আৰু তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে সাফল্য অৰ্জন কৰিছিল। আজিৰ নতুন ভাৰতেও একেই মানসিকতাকে পোষণ কৰিছে” বুলি তেওঁ মন্তব্য কৰে।

নতুন ভাৰতে প্ৰদৰ্শন কৰা মনোভাৱক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় “নতুন ভাৰতে নতুন শিখৰ চুইছে আৰু সমগ্ৰ পৃথিৱীতে পদচিহ্নও ৰাখি থৈ গৈছে। ক’ৰোনা কাল ইয়াৰ এক সুন্দৰ নিদৰ্শন। মহামাৰীৰ প্ৰাথমিক পৰ্বত পুৰণি মানসিকতাৰ মানুহখিনিয়ে ভাৰতৰ পৰিস্থিতিক লৈ সংশয় প্ৰকাশ কৰিছিল। কিন্তু আজি, ক’ৰোনা পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত ভাৰতে প্ৰদৰ্শন কৰা দুৰ্দান্ত পাৰদৰ্শিকতা দেখি সেইসকল মানুহেই ভাৰতৰ উপমা দিবলৈ বাধ্য হৈছে। প্ৰথম অৱস্থাত ভাৰতীয় জনতাৰ জীৱনক লৈ সংশয় প্ৰকাশ কৰা, ভাৰতীয় প্ৰতিষেধকৰ দক্ষতাক লৈ সংশয় প্ৰকাশ কৰা হৈছিল। কিন্তু আজি ভাৰতে বৃহত্তম প্ৰতিষেধক প্ৰস্তুত কৰোতা হিচাপে নিজৰ পৰিচিতি গঢ়িবলৈ সক্ষম হৈছে। আপোনালোকে শুনি ভাল পাব যে দেশত ব্যৱহাৰ কৰা ৯৯শতাংশ প্ৰতিষেধকেই আমাৰ থলুৱা ‘মে’ড ইন ইণ্ডিয়া’ প্ৰতিষেধক”।

সংকটৰ এই সময়চোৱাৰ ভাৰতে নিজকে পৃথিৱীৰ অন্যতম সৰ্ববৃহত্ ‘ষ্টাৰ্ট আপ ইক’ছিষ্টেম’ হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হয় বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় “আমাৰ ইউনিকৰ্ণৰ সংখ্যাও নিবিচ্ছিন্ন ভাবে বাঢ়িয়েই আছে। দেশৰ এই প্ৰগতিয়ে প্ৰবাসী ভাৰতীয়সকলক বাৰুকৈয়ে আহ্লাদিত আৰু গৌৰাৱান্বিত কৰিছে” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে “পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বসবাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলক মই সদায়ে ভাৰতৰ ৰাষ্ট্ৰদূত বুলি গণ্য কৰি আহিছো। আপোনালোক আটায়ে আই ভাৰতীৰ শক্তিশালী বাণী আৰু  গৌৰৱোজ্জ্বল পৰিচিতি” বুলিও অভিমত ব্যক্ত কৰে।

গুৰুসকলে আগবঢ়াই যোৱা মহান অৱদানসমূহৰ লগতে তেওঁলোকৰ আত্মোত্সৰ্গাৰ কথা শ্ৰদ্ধাৰে সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱ জীয়ে কেনেকৈ সমগ্ৰ দেশৰ চেতনা জাগৃত কৰি দেশখনক তমসা মুক্ত কৰি জ্যোতিৰ্ময় পথেৰে আগুৱাই নিছিল তাৰ ব্যাখ্যা দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ কয়, “গুৰুসকলৰ পদস্পৰ্শই এইখন মহান দেশক পবিত্ৰ কৰিছে আৰু অনুপ্ৰাণিত কৰিছে ইয়াৰ জনতাক”। দেশৰ স্বাধীনতা সংগ্ৰামত শিখসকলে গ্ৰহণ কৰা ভূমিকা আৰু অৰিহণাৰ কথাও শ্ৰদ্ধাৰে সোঁৱৰে প্ৰধানমন্ত্ৰীয়ে। “শিখ পৰম্পৰা এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ এক জীৱন্ত পৰম্পৰা” বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

 

 

***

DS/KB



(Release ID: 1821904) Visitor Counter : 123