কেবিনেট

"ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক স্থাপন" সন্দৰ্ভত সংশোধিত ব্যয়ৰ আকলনত অনুমোদন কেবিনেটৰ


২০২০-২১ ৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈ মুঠ ব্যয়ৰ বাবে ৮২০ কোটি টকাৰ অতিৰিক্ত পুঁজিৰে এতিয়া ২২৫৫ কোটি টকা সাজু

Posted On: 27 APR 2022 4:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ইণ্ডিয়া পষ্ট পেমেন্ট বেংক (IPPB) ৰ স্থাপনত নিয়ামক প্ৰয়োজনীয়তা পূৰণৰ বাবে ইকুইটি ইনফিউশ্যন হিচাপে ১৪৩৫ কোটি টকাৰপৰা ২২৫৫ কোটি টকালৈ প্ৰকল্প ব্যয় সংশোধনত অনুমোদন জনাইছে। কেবিনেটে তদুপৰি নিয়ামক প্ৰয়োজনীয়তা আৰু প্ৰযুক্তিগত উন্নীতকৰণৰ বাবে ভৱিষ্যতৰ পুঁজি সঞ্চাৰৰ অৰ্থে ৫০০ কোটি টকাৰ নীতিগত অনুমোদন জনায়

প্ৰকল্পটোৰ উদ্দেশ্য হৈছে সাধাৰণ জনতাৰ বাবে আটাইতকৈ সুলভ, সুগম আৰু বিশ্বাসযোগ্য বেংক ব্যৱস্থাৰ প্ৰশস্তকৰণ; বেংকৰে সংযুক্ত নোহোৱা লোকসকলৰ বাবে বাধাসমূহ আঁতৰাই আৰু সহায়কাৰী ৰষ্টেপ বেংকিঙৰ জৰিয়তে আণ্ডাৰ বেংক জনসাধাৰণৰ বাবে সুযোগ ব্যয় হ্ৰাসেৰে বিত্তীয় অন্তৰ্ভুক্তি কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান। এই প্ৰকল্পটো ভাৰত চৰকাৰৰ "কম নগদ" (less cash) অৰ্থনীতিৰ দৃষ্টিভংগীৰ পৰিপূৰক আৰু একে সময়তে অৰ্থনৈতিক বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তি উভয়কে প্ৰোৎসাহিত কৰিছে

ছেপ্টেম্বৰ, ২০১৮ ৬৫০ টা শাখা/ নিয়ন্ত্ৰণ কাৰ্য্যালয়ৰ সমগ্ৰ দেশত ইণ্ডিয়া পষ্ট পেমেন্ট বেংকৰ শুভাৰম্ভ কৰা হৈছিল। আইপিপিবিয়ে ১.৩৬ লাখ ডাকঘৰক বেংকিং সেৱা প্ৰদান কৰিবলৈ সাজু কৰি তোলে আৰু দুৱাৰদলিতে বেংকিং সেৱা আগবঢ়াবলৈ প্ৰায় ১.৮৯ লাখ পষ্টমেন আৰু গ্ৰামীণ ডাক সেৱকক স্মাৰ্টফোন আৰু বামেট্ৰিক ডিভাইচৰ ষ্টম কৰিছে।

আইপিপিবি শুভাৰম্ভণিৰেপৰা, ,৬১,৮১১ কোটি টকাৰ ৮২ কোটি মুঠ বিত্তীয় লেনদেনৰ .২৫ কোটিৰো অধিক একাউন্ট মুকলি কৰিছে যাৰ ভিতৰত আছে ২১,৩৪৩ কোটি টকা মূল্য৭৬৫ লাখ সংখ্যক আধাৰ নিৰ্ভৰ পৰিশোধ প্ৰণালী (AePS) লেনদেন। এই ৫ কোটি একাউন্টৰ ভিতৰত, ৭৭% একাউন্ট গ্ৰামঞ্চলসমূহত খোলা হয়, প্ৰায় ১০০০ কোটি টকা জমাৰে ৪৮% হৈছে মহিলা গ্ৰাহক। প্ৰায় ৪০ লাখ মহিলা গ্ৰাহকে তেওঁলোকৰ একাউন্ট২৫০০ কোটি টকা মূল্যৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) লাভ কৰিছ।  বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ৭.৮ লাখৰো অধিক একাউন্ট খোলা হৈছে।

কাংক্ষী জিলাসমূহত আইপিপিবিয়ে প্ৰায় ৯৫.৭১ লাখ একাউন্ট োলে াৰ জৰিয়তে ১৯,৪৮৭ কোটি টকাৰ ৬০২ লাখ মুঠ লেন-দেন হৈছে।  বাওঁপন্থী উগ্ৰবাদ (LWE) প্ৰভাৱিত জিলাসমূহত, আইপিপিবিৰদ্বাৰা ৬৭.২০ লাখ একাউন্ট খোলা হৈছে যাৰ জৰিয়তে ১৩,৪৬০ কোটি টকা মূল্যৰ ৪২৬ লাখ মুঠ লেন-দেন হয়

এই প্ৰস্তাৱৰ অধীনত অন্তৰ্ভুক্ত মুঠ বিত্তীয় ব্যয় হৈছে ৮২০ কোটি টকা। এই সিদ্ধান্তই ইণ্ডিয়া ষ্ট পেমেন্ট বেংকক ডাক বিভাগৰ নেটৱৰ্ক ব্যৱহাৰেৰে সমগ্ৰ ভাৰতত বিত্তীয় অন্তৰ্ভুক্তি বৰ্ধনৰ উদ্দেশ্য সাধনত সহায় কৰিব।

 

***

DS/SB



(Release ID: 1821901) Visitor Counter : 148