প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত আৰু জাপানৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বৰ্ষপূৰ্তিত সন্তোষ প্ৰকাশ প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 28 APR 2022 11:39AM by PIB Guwahati

ভাৰত আৰু জাপানৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বৰ্ষপূৰ্তিত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সন্তোষ প্রকাশ কৰিছে৷ শ্রী মোদী কয় যে আমাৰ দুয়োখন দেশৰ সম্পর্ক কৌশলগত, অর্থনৈতিক বা মানুহৰ সৈতে মানুহৰ যোগাযোগ সৰ্বত্ৰ নিবিড় হৈছে।

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “আমি ভাৰত আৰু জাপানৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো৷ মই অতিশয় আনন্দিত যে আমাৰ দুয়োখন দেশৰ সম্পর্ক কৌশলগত, অর্থনৈতিক বা মানুহৰ সৈতে মানুহৰ যোগাযোগ সৰ্বত্ৰ নিবিড় হৈছে।

মোৰ বন্ধু প্রধানমন্ত্রী কিশিদা @kishida230 শেহতীয়া বার্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণলৈ আহি ক’ভিডোত্তৰ বিশ্বত আমাৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক নিবিড় কৰাৰ ৰূপৰেখা প্ৰদান কৰিছে৷ এই উদ্দেশ্য বাস্তবায়িত কৰাৰ বাবে প্রধানমন্ত্রী কিশিদাৰ সৈতে কাম কৰি যোৱাৰ বাবে মই অতি আশাবাদী”৷

***

DS/SH/DB


(रिलीज़ आईडी: 1821102) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam