তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ ঠাকুৰে আজাদী কা অমৃত কাহানিয়াৰ সূচনা কৰিছে, এইটো এটা স্বল্প দৈর্ঘ্যৰ ভিডিঅ' ছিৰিজ য'ত অনুপ্রেৰণাদায়ক কেইবাটাও কাহিনী আছে
দীৰ্ঘম্যাদী অংশীদাৰিত্ব, নেটফ্লিক্সে বিভিন্ন কাহিনীৰ ওপৰত স্বল্প দৈর্ঘ্যৰ ২৫টা ভিডিঅ' প্ৰস্তুত কৰিব: শ্ৰী অনুৰাগ ঠাকুৰ
মহিলাসকলে সমাজত ষ্টিৰিওটাইপ আৰু টেবু বা প্রচলিত ৰীতি-নীতিৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হয়: শ্ৰী অনুৰাগ ঠাকুৰ
ভাৰত পৃথিৱীৰ সবাতোকৈ জীৱন্ত মনোৰঞ্জন উদ্যোগসমূহৰ ভিতৰত অন্যতম আৰু ভাৰত ইণ্টাৰনেট মনোৰঞ্জনৰ সময়ত উল্লেখযোগ্য ৰূপত ভাল স্থিতিত আছে: শ্ৰীমতী বেলা বাজাৰিয়া
পোষ্ট কৰা হৈছে:
26 APR 2022 1:59PM by PIB Guwahati
আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অঙ্গ হিচাপে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰে আজি আজাদী কা অমৃত কাহানিয়াৰ সূচনা কৰিছে। অ'টিটি প্লেটফর্মত নেটফ্লিক্সৰ সৈতে সহযোগিতাত স্বল্প দৈর্ঘ্যৰ কেইবাটাও ভিডিঅ'ক লৈ আজাদী কা অমৃত কাহানিয়া প্ৰস্তুত হৈছে। এই উপলক্ষে বিভাগীয় প্রতিমন্ত্রী ডঃ এল মুৰুগন, মন্ত্রালয়ৰ সচিব শ্রী অপূর্ব চন্দ্র আৰু নেটফ্লিক্সৰ গ্লোবেল টিভিৰ প্রধান শ্রীমতী বেলা বাজাৰিয়া উপস্থিত আছিল।
আজাদী কা অমৃত কাহানিয়াৰ সূচনা অনুষ্ঠানত পিথোৰাগড়ৰ পৰা পদ্ম পুৰস্কাৰ জয়ী পৰিবেশবিদ শ্রীমতী বাসন্তী দেৱী উপস্থিত আছিল। যি কোশি নদীৰ পুনৰুজ্জীৱনত ডাঙৰ ভূমিকা পালন কৰে। তদুপৰি পদ্ম পুৰস্কাৰ জয়ী প্রথম ভাৰতীয় মহিলা হিচাপে পাঁচ দিনত দুবাৰ মাউণ্ট এভাৰেষ্টৰ চূড়াত আৰোহনকাৰী শ্রীমতী আংশু জামসেনপা আৰু অগ্নি নির্বাপনৰ সৈতে যুক্ত প্রথম ভাৰতীয় মহিলা শ্রীমতী হৰশিনি কানহেকৰ উপস্থিত আছিল।
দর্শক শ্রোতা আৰু মিডিয়াৰ উদ্দেশ্যে শ্রী ঠাকুৰে কয়, তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে আজাদী কা অমৃত মহোৎসৱ উদযাপনত একাধিক উদ্যোগ গ্রহণ কৰিছে। আজাদীৰ ধাৰণাটো ভাৰতত নাৰী মুক্তিৰ সৈতে যুক্ত। তেওঁ লগতে কয়, আজাদী বা স্বাধীনতা শব্দটোৱে মহিলাসকলৰ বাবে এনেকুৱা এক গূঢ় অর্থ বহন কৰে, যে তেওঁলোকে সমাজত ষ্টিৰিওটাইপ আৰু টেবু বা প্রচলিত ৰীতি-নীতিৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হয়। তেওঁ লগতে কয়, নাৰী মুক্তি আচলতে সমাজৰ শৃঙ্খলা মোচনৰ হলমার্ক স্বৰূপ।
অ'টিটি প্লেটফর্ম নেটফ্লিক্সৰ সৈতে সহযোগিতা সম্পর্কে শ্রী ঠাকুৰে কয়, এই উদ্যোগে আৰু অনেক অনুপ্রেৰণাদায়ক কাহিনী জনসাধাৰণৰ সন্মুখত তুলি ধৰিবলৈ সহায় কৰিব। পক্ষান্তৰত এই কাহিনীসমূহে আৰু বেছি মানুহক তেওঁলোকৰ লক্ষ্য পূৰণত উৎসাহিত কৰিব। তেওঁ কয়, নেটফ্লিক্সৰ সৈতে দীর্ঘম্যাদী ভিত্তিত সহযোগিতা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত, বিভিন্ন বিষয়বস্তু নির্ভৰ বৈচিত্রপূর্ণ কাহিনী জনসাধাৰণৰ সন্মুখত তুলি ধৰা সম্ভৱ হ'ব। নেটফ্লিক্সে স্বল্প দৈর্ঘ্যৰ ২৫টা ভিডিঅ' প্ৰস্তুত কৰিব, যিবিলাকৰ বিষয়বস্তু মহিলা ক্ষমতায়ণ, পৰিবেশ আৰু নিৰন্তৰ উন্নয়ন তথা গুৰুত্বপূর্ণ কিছুসংখ্যক দিৱস। আনকি, নেটফ্লিক্সে তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ক লৈও ২০ মিনিটৰ এটা স্বল্পদৈর্ঘ্যৰ ভিডিঅ' প্ৰস্তুত কৰিব, যি ছচিয়েল মিডিয়া প্লেটফর্মবিলাকত শ্বেয়াৰ কৰা হ'ব আৰু দূৰদর্শনৰ নেটৱৰ্কত সম্প্রচাৰিত হ'ব। নেটফ্লিক্সৰ সৈতে বহুমাত্রিক অংশীদাৰিত্ব সম্পর্কে শ্রী ঠাকুৰে লগতে জনায় যে যৌথভাবে এই অ'টিটি প্লেটফর্ম আৰু মন্ত্রালয়ে প্রশিক্ষণ কর্মশিবিৰ আয়োজন কৰিব, যাতে ভাৰতীয় চলচ্চিত্র নির্মাতাসকলক আজাদী কা অমৃত মহোৎসৱৰ অঙ্গ হিচাপে বিভিন্ন বিষয়ত প্রেৰণাদায়ক কাহিনী লৈ স্বল্প দৈর্ঘ্যৰ ভিডিঅ' নিৰ্মাণত উৎসাহিত কৰা যায়।
শ্রী ঠাকুৰে মঞ্চত উপস্থিত সেই তিনিগৰাকী মহিলাৰ অসামান্য সাফল্যৰ প্রশংসা কৰি কয় যে তেওঁলোকৰ কাহিনীয়ে দেশৰ আপামৰ জনতাক অনুপ্রাণিত কৰিব। নেটফ্লিক্সৰ সৈতে এই সহযোগিতাৰ সুফল স্বৰূপে সমগ্ৰ বিশ্বৰ পৰা চলচ্চিত্র নির্মাতাসকল ভাৰতত দৃশ্যায়ণৰ বাবে আহিব বুলিও তেওঁ আশাপ্রকাশ কৰে। নেটফ্লিক্সৰ সৈতে মন্ত্ৰালয়ৰ এই অংশীদাৰিত্ব কেৱল সূচনা মাত্র। আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ মাজতেই সেয়া সীমিত নাথাকে।
ইয়াৰ আগতে, মন্ত্ৰালয়ৰ সচিব শ্রী চন্দ্রই নেটফ্লিক্সৰ সৈতে সহিযোগিতা সম্পর্কে কয়, আজি যি তিনিটা স্বল্প দৈর্ঘ্যৰ ভিডিঅ' প্রকাশিত হৈছে, সেয়া দুই প্রতিষ্ঠানৰ মাজৰ অংশীদাৰিত্বৰ প্রথম সুফল পৰিনাম। শ্রী চন্দ্রই লগতে জনায়, ভাৰতৰ স্বাধীনতা সংগ্রামৰ ওপৰত এটা সুদীর্ঘ ছিৰিজ আৰু বিশ্বক যিবোৰ কাহিনী কোৱাৰ প্রয়োজন তাক লৈ নিবিড় সহযোগিতা গঢ়ি তোলাৰ বিষয়ে চিন্তা-ভাবনা কৰা হৈছে।
এই উপলক্ষে ভাষণ দি নেটফ্লিক্সৰ গ্লোবেল টিভিৰ মুৰব্বী শ্ৰীমতী বেলা বাজাৰিয়াই কয় যে ভাৰত পৃথিৱীৰ সবাতোকৈ জীৱন্ত মনোৰঞ্জন উদ্যোগসমূহৰ ভিতৰত অন্যতম আৰু ভাৰতে ইণ্টাৰনেট মনোৰঞ্জনৰ সময়ত উল্লেখযোগ্য ৰূপত ভাল স্থিতিত আছে। তেওঁ লগতে কয় যে নেটফ্লিক্স এনেকৈ সময়ৰ অংশ হ'বলৈ বহুত উৎসাহিত আৰু যি সময়ত ভাৰতৰ পৰা কাহিনী পৃথিৱীজুৰি পঠিয়াই থকা হৈছে আৰু সৰ্বশ্ৰেষ্ঠ ভাৰতীয় কাহিনী বৈশ্বিক স্তৰত সন্ধান কৰি থকা হৈছে আৰু পছন্দও কৰা হৈছে।
তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ সৈতে অংশীদাৰিত্ব সন্দৰ্ভত মন্তব্য কৰি শ্ৰীমতী বাজাৰিয়াই কয় যে নেটফ্লিক্স নিজৰ সুন্দৰ কলা, সংস্কৃতি আৰু কাহিনী শুনোৱাৰ আয়োজনৰ দ্বাৰা যোৱা ৭৫ বছৰত ভাৰতৰ বিকাশৰ আনন্দ উদযাপন আৰু মান্যতা দিবলৈ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ সৈতে কৰা এই অংশীদাৰিত্বক লৈ গৰ্বিত। তেওঁ লগতে কয় যে এই অংশীদাৰিত্বৰ ৰূপায়ণত নেটফ্লিক্সে ভাৰতৰ সকলো প্ৰান্তৰ পৰা মানুহৰ প্ৰাপ্তিৰ আনন্দ উদযাপনৰ উদ্দেশ্যে বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত লঘু ভিডিঅ'ৰ এটা শৃংখলাৰ নিৰ্মাণ কৰিছে।
এই সাতগৰাকী পৰিৱৰ্তন অনা ব্যক্তিত্বৰ ভিতৰত শ্ৰীমতী পুনম নৌটিয়াল আছে, যি এগৰাকী স্বাস্থ্য কৰ্মকৰ্তা আৰু উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাত কেইবা মাইল খোজকাঢ়ি সকলোকে টীকা লগায়। ইয়াৰ উপৰিও ডাঃ টেসী থমাছ ভাৰতত মিছাইল পৰিকল্পনাৰ নেতৃত্ব দিয়া প্ৰথম মহিলা বৈজ্ঞানিক, শ্ৰীমতী তন্বী জগদীশ, ভাৰতৰ প্ৰথম প্ৰতিযোগী মহিলা ষ্টেণ্ড-আপ পেডেলব'ৰ্ডাৰ আৰু শ্ৰীমতী আৰোহী পণ্ডিতো ইয়াত অন্তৰ্ভুক্ত যি বিশ্বৰ সবাতোকৈ কম বয়সীয়া আৰু প্ৰথম মহিলা পাইলট যি লাইট স্পৰ্ট বিমানত অকলে আটলাণ্টিক মহাসাগৰ তথা প্ৰশান্ত মহাসাগৰ পাৰ হৈছিল।
শ্ৰীমতী বাসন্তী দেৱী, শ্ৰীমতী অংশু আৰু শ্ৰীমতী হৰ্ষিনীৰ বিশেষত্বপূৰ্ণ তিনিটা ভিডিঅ' এই শৃংখলাত এটা ৰেঙণি উপস্থাপন কৰা এটা ট্ৰেলাৰ আজি প্ৰকাশ কৰা হৈছে। এই অনুকৰণীয় মহিলাসকলৰ ওপৰত আলোকপাত কৰা আৰু তেওঁলোকক সন্মানিত কৰাত মনোনিবেশ কৰাৰ লগতে এই তিনিও চেঞ্জমেকাৰ্ছক শ্ৰী অনুৰাগ ঠাকুৰৰ দ্বাৰা সন্মানিত কৰা হয়।
'আজাদী কী অমৃত কাহানিয়া'ৰ লঞ্চ ইভেণ্ট তলত দিয়া লিংকত উপলব্ধ।
***
(ৰিলিজ আই ডি : 1820500)
অতিথি কক্ষ : 199
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam