প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত শোকাৱহ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হেৰুওৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে


PMNRF ৰ পৰা অনুদান ঘোষণা

Posted On: 19 APR 2022 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (PMNRF) পৰা দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু দুৰ্ঘটনাত আহত সকলক ৫০,০০০ টকাৰ অনুদান প্ৰদানকৰাৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়;

"ঝুনঝুনুত সংঘটিত শোকাৱহ দুৰ্ঘটনাত ব্যথিত। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো।

PMNRF এ প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক দুই লাখ টকা প্ৰদান কৰিব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"

***

DS/ST/RD


(Release ID: 1818612) Visitor Counter : 135