প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ ভাৰুচৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা
পোষ্ট কৰা হৈছে:
11 APR 2022 2:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভাৰুচৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা ঘটনাটোত নিহতসকলৰ পৰিয়ালৰ লোকক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰুচৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাৰ ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।
মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ অুদান আগবঢ়োৱা হ'ব।"
***
DS/ST/MS
(ৰিলিজ আই ডি : 1818205)
অতিথি কক্ষ : 180
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam