কেবিনেট

বিকেন্দ্ৰীভূত ঘৰুৱা বৰ্জিতপানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত স্বাক্ষৰিত সহযোগিতামুলক চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 13 APR 2022 3:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জল শক্তি মন্ত্ৰালয়ৰ অধীনস্ত জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগ আৰু জাপানৰ পৰিৱেশ মন্ত্ৰালয়ৰ মাজত বিকেন্দ্ৰীভূত ঘৰুৱা বৰ্জিতপানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্বাক্ষৰিত সহযোগিতামুলক চুক্তিত অনুমোদন জনাইছে৷

ৰূপায়ণ কৌশল আৰু লক্ষ্যসমূহঃ

সহযোগিতামুলক কাম-কাজৰ সবিশেষ নিৰ্ধাৰণ আৰু ইয়াৰ অগ্ৰগতি নিৰীক্ষণ কৰাৰ জৰিয়তে সহযোগিতামুলক চুক্তি ৰূপায়ণৰ দায়বদ্ধ হোৱাকৈ এখন ব্যৱস্থাপনা পৰিষদ (এমচি) গঠন কৰা হ’ব৷

মুখ্য প্ৰভাৱসমূহঃ

জাপানৰ সৈতে সহযোগিতাৰ বাবে স্বাক্ষৰিত সহযোগিতা চুক্তিৰ জৰিয়তে বিকেন্দ্রীভূত ঘৰৱা বৰ্জিত পানী ব্যৱস্থাপনা আৰু জকাছৌ প্রযুক্তি ব্যৱহাৰ কৰি বৰ্জিত পানী শোধনৰ পাছত সেয়া পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হ’ব৷ বিকেন্দ্রীভূত জকাছৌ ব্যৱস্থাপনাত জল শক্তি মিচনৰ অধীনত থকা অঞ্চলসমূহত বৰ্জিত পানী ব্যৱহাৰৰ সুযোগ সৃষ্টি হ’ব। নমামী গংগা প্রকল্পতো এই প্রযুক্তি ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত পৌৰসভাসমূহত বৰ্জিত পানী শোধনত প্রয়োজনীয় পৰিকল্পনা গ্ৰহণ কৰিব পাৰিব।

 

প্রকল্প ব্যয়ঃ

এই সহযোগিতামূলক চুক্তিত কোনো পক্ষৰে বিত্তীয় দায়বদ্ধতা নাথাকে। প্রকল্পৰ সম্ভাৱনাৰ দিশত বিচাৰ কৰি বিস্তৃত প্রতিবেদন প্ৰস্তুত কৰা হ’ব। ইয়াৰ ওপৰত ভিত্তি কৰি প্রয়োজনীয় বিত্তীয় ব্যৱস্থা কৰা হ’ব।

 

চুক্তিৰ সবিশেষঃ

ভাৰতৰ জল শক্তি মন্ত্ৰালয়ৰ অধীনস্ত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ সৈতে জাপানৰ পৰিৱেশ মন্ত্ৰালয়ৰ মাজত বিকেন্দ্রীভূত ঘৰৱা পানী ব্যৱস্থাপনাৰ বাবে এই বুজাবুজি চুক্তি ১৯ মার্চ স্বাক্ষৰিত হয়। জনসাধাৰণৰ বাবে ব্যৱহৃত পানীৰ সংৰক্ষণ আৰু জনস্বাস্থ্যৰ মান উন্নয়ন নিশ্চিত কৰিবলৈ এই বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ জৰিয়তে দুয়োখন দেশ উপকৃত হ’ব। বৰ্জিত পানী পুনৰ ব্যৱহাৰযোগ্য কৰাৰ এই উদ্যোগত তথ্যৰ আদান-প্রদানৰ বাবে সন্মিলন আৰু দক্ষতা বিকাশ সংক্রান্ত কর্মশালাৰ আয়োজন কৰা হ’ব।

পটভূমিঃ

জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগে জলসম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক সহযোগিতা গঢ়ি তুলিবলৈ বিভিন্ন প্ৰচেষ্টা গ্রহণ কৰে। বিভাগে কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে পৰামর্শক্রমে প্রয়োজনীয় নীতি প্রস্তুত কৰি আহিছে৷ তদুপৰি, বিভিন্ন কাৰিকৰী পাঠক্রম, বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ক লৈ আলোচনাৰ বাবে কর্মশালাৰ আয়োজন কৰা হয়। ভাৰত আৰু জাপানৰ মাজত সহযোগিতা প্ৰচেষ্টাই বিকেন্দ্রীভূত বৰ্জিত পানী শোধনৰ ক্ষেত্রত দুয়োখন দেশৰ বিশেষজ্ঞসকলৰ অভিজ্ঞতাক প্রকল্প ৰূপায়ণৰ কামত লগোৱা হ’ব।.

 

***

DS/DB



(Release ID: 1817439) Visitor Counter : 166