প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৬ এপ্ৰিলত মৰবীত হনুমান জীৰ ১০৮ ফুট ওখ মূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 APR 2022 3:49PM by PIB Guwahati

হনুমান জয়ন্তী উপলক্ষে ১৬ এপ্ৰিল, ২০২২ৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মৰবীত হনুমান জীৰ ১০৮ ফুট ওখ মূৰ্তি উন্মোচন কৰিব৷

এই মূৰ্তিটো সমগ্ৰ দেশৰ চাৰিটা কোণত #Hanumanji4dham প্ৰকল্পৰ অধীনত স্থাপন কৰিবলগীয়া ৪টা মূৰ্তিৰ দ্বিতীয়টো মূৰ্তি৷ এই মূৰ্তিটো মৰবীৰ পৰম পূজ্য বাপু কেশৱানন্দ জীৰ আশ্ৰমৰ পশ্চিম দিশত স্থাপন কৰা হ’ব৷

২০১০ চনত ছিমলাত উত্তৰ দিশত প্ৰথমটো মূৰ্তি স্থাপন কৰা হৈছে৷ দক্ষিণৰ মূৰ্তিটোৰ কাম ৰামেশ্বৰমত ইতিমধ্যে আৰম্ভ কৰা হৈছে৷

 

***

DS/LP/DB



(Release ID: 1817167) Visitor Counter : 142