বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) আৰম্ভ হোৱাৰ পিছত মুঠ ১৮.৬০ লাখ কোটি টকাৰ বাবে অনুমোদিত ঋণৰ সংখ্যা ৩৪.৪২ কোটিতকৈও অধিক

"প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা হৈছে কাৰ্যতঃ সামাজিক ন্যায় আৰু ই মাননীয় প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰাৰ দৰে 'সবকা সাথ, সবকা বিকাশ'ৰ প্ৰকৃতাৰ্থক মূৰ্ত কৰি তুলিছে": কেন্দ্ৰীয় বিত্ত মন্ত্ৰী

ঋণ সংকটৰ সন্মুখীন হোৱা 'উচ্চাকাংক্ষী জিলাসমূহ'ত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ বাবে পিএমএমৱাইয়ে ঋণ-প্ৰবাহ সক্ষম কৰে": কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী

Posted On: 08 APR 2022 8:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) আৰম্ভ কৰা হৈছিল এক ব্যাপক বিত্তীয় অন্তৰ্ভুক্তিৰ লক্ষ্যৰে। আমি এই আঁচনিৰ ৭ম বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ লৈছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনা-কৰ্পোৰেট আৰু অনা-কৃষি, লঘূ/ক্ষুদ্ৰ উদ্যোগসমূহক ১০ লাখ টকালৈকে ঋণ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে ৮ এপ্ৰিল, ২০১৫ তাৰিখে এই পিএমএমৱাই শীৰ্ষক অভিলাষী যোজনা আৰম্ভ কৰিছিল।

আঁচনিখনৰ ৭ম বৰ্ষিপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি কয়-  "এইটো লক্ষণীয় যে আয়সৃষ্টিকাৰী কাৰ্যকলাপ সৃষ্টিৰ বাবে আৰম্ভ কৰা আঁচনিৰ অধীনত এইপৰ্যন্ত ১৮.৬০ লাখ কোটি টকাৰ ৩৪.৪৩ কোটিৰো অধিক ঋণ একাউণ্ট খোলা হৈছে।"

পিএমএমৱাইৰ জৰিয়তে ব্যৱসায়িক পৰিৱেশ আৰু বৃহৎ পৰিমাণৰ নিযুক্তিৰ সুবিধাৰ বিষয়বস্তু সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে কয়, "বিশেষকৈ, এই আঁচনিয়ে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে এক সুচল পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিছে আৰু তৃণমূল পৰ্যায়ত বৃহৎ পৰিমাণৰ নিযুক্তিৰ সুযোগো সৃষ্টি কৰাত সহায় কৰিছে। ৬৮% তকৈ অধিক ঋণ একাউণ্ট মহিলাসকললৈ মঞ্জুৰ কৰা হৈছে আৰু এই আঁচনিখনৰ অধীনত আৰম্ভণিৰে পৰা কোনো ঋণ নোলোৱা নতুন উদ্যোগীসকলক ২২% ঋণ দিয়া হৈছে।"

মুদ্ৰা আঁচনিৰ হিতাধিকাৰীসকলক শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে অন্যান্য সম্ভাৱ্য ঋণগ্ৰহীতা সকলক আগবাঢ়ি আহি ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই শ্ৰীমতী সীতাৰমণে আজি কয়, "এতিয়ালৈকে অনুসূচীত জাতি/জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীলৈ অনুমোদিত মুঠ ঋণৰ ৫১%ই কাৰ্যতঃ সামাজিক ন্যায়ৰ পক্ষত আছে আৰু এই আঁচনিয়ে মাননীয় প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰাৰ দৰেকৈ 'সবকা সাথ, সবকা বিকাশ'ৰ প্ৰকৃত উদ্দেশ্যক ফলৱতী কৰি তুলিছে।

অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণৰাও কাৰাডে অংশগ্ৰহণ কৰি কয়, "প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) আৰম্ভ কৰাৰ আঁৰৰ চালিকা শক্তি হৈছে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক এক অসুবিধামুক্ত তথা মসৃণ ৰূপত প্ৰতিষ্ঠানগত ঋণ প্ৰদান কৰা।"

"৩৪.৪২ কোটি একাউণ্ট ধাৰকলৈ সহায়ৰ হাত আগবঢ়াই, আঁচনিখনে জন্মলগ্নৰে পৰা বিগত সাত বছৰত সফলতাৰে এই উদীয়মান উদ্যোগীসকলৰ কাষ চপাৰ লগতে তেওঁলোকক সহায় কৰিবলৈ সক্ষম হৈছে।", ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে কয়।

ইফালে ঋণ প্ৰবাহ বিষয়ত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "পিএমএমৱাইৰ আন এক উল্লেখযোগ্য লক্ষ্য হৈছে ই নীতি আয়োগে চিনাক্ত কৰা 'উচ্চাকাংক্ষী জিলাসমূহৰ' পৰা বৰ্ধিত সংখ্যক হিতাধিকাৰীৰ ঋণ প্ৰদান কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত এই ঋণৰ অভাৱ থকা জিলাসমূহলৈ ঋণৰ প্ৰবাহ সুচল হৈ পৰিছে।"

দেশত বিত্তীয় অন্তৰ্ভুক্তি (এফআই) কাৰ্যসূচী ৰূপায়ণ তিনিটা বিশেষ কাৰকৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ বেংকক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত লোকসকলক বেঙ্কিং সুবিধা প্ৰদান কৰা, অসুৰক্ষিত ঋণ সুৰক্ষিত কৰা আৰু বিত্তীয় সুবিধাৰ পৰা বঞ্চিত লোকসকলক বিত্তীয় সুবিধা প্ৰদান কৰা। এই কাৰ্যসূচীৰ অধীনত, প্ৰযুক্তিৰ সহায়ত এই তিনিটা উদ্দেশ্য পূৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু বিভিন্ন অংশীদাৰৰ সৈতে সহযোগিতামূলক দৃষ্টিভংগীৰে একে সময়তে অত্যাৱশ্যকীয় সুবিধাৰ পৰা বঞ্চিত লোকসকলকো সহায় আগবঢ়োৱা হৈছে।   

বিত্তীয় সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ তিনিটা স্তম্ভৰ এটা - পি.এম.এম.ৱাই.-ৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি পৰিস্থিতিতন্ত্ৰত প্ৰতিফলিত হয়। উল্লেখ্য যে ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে; পিএমএমৱাই আঁচনিখনে উদীয়মান উদ্যোগীৰ পৰা পৰিশ্ৰমী কৃষকলৈকে সকলো অংশীদাৰৰ বিত্তীয় প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) হৈছে বঞ্চিত আৰু আৰ্থ-সামাজিকভাৱে অৱহেলিত সমুদায়ক বিত্তীয় সাহায্য প্ৰদান কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে লাখ লাখ লোকৰ সপোন আৰু আকাংক্ষা পূৰণ কৰিবলৈ সামৰ্থ্য প্ৰদান কৰি আহিছে আৰু জনসাধাৰণৰ মাজত আত্মসন্মান আৰু স্বাধীনতাৰ অনুভূতি প্ৰদান কৰিছে।

আহক, আমি এই পিএমএমৱাইৰ মুখ্য দিশবোৰ আৰু বিগত বছৰত ইয়াৰ সাফল্যবোৰৰ ওপৰত আলোকপাত কৰো:

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ মুখ্য বিষয়সমূহ -

˃ পি.এম.এম.ৱাই.-ৰ অধীনত, সদস্য ঋণ দাতা প্ৰতিষ্ঠান (MLI), অৰ্থাৎ বেংক, অনা-বেঙ্কিং বিত্তীয় কোম্পানী (NBFC), ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (MFI), অন্যান্য বিত্তীয় মধ্যস্থতাকাৰী আদিৰ জৰিয়তে ১০ লাখ টকালৈকে ঋণ প্ৰদান কৰা হয়। ঋণ সাধাৰণতে তিনিটা শ্ৰেণীত প্ৰদান কৰা হয় - 'শিশু', 'কিশোৰ' আৰু 'যুৱ', যি ঋণ লওঁতাৰ উদ্যোগৰ পৰিপ্ৰেক্ষিতত বিকাশৰ পৰ্যায় আৰু বিত্তীয় প্ৰয়োজনীয়তা প্ৰতিফলিত কৰে।

i) শিশু: ৫০,০০০ টকা পৰ্যন্ত ঋণ।

ii) কিশোৰ: ৫০,০০০ টকাৰ পৰা ৫ লাখ টকাতকৈ কম ঋণ।

iii) যুৱ: ৫ লাখ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত ঋণ।

˃ নতুন প্ৰজন্মৰ উচ্চাকাংক্ষী যুৱক-যুৱতীসকলৰ মাজত উদ্যোগৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ লক্ষ্যৰে, শিশু শ্ৰেণীৰ ঋণবোৰক অগ্ৰাধিকাৰ দিয়াটো নিশ্চিত কৰা হয় আৰু তাৰ পিছত কিশোৰ আৰু যুৱ শ্ৰেণীৰ ঋণৰ প্ৰতি লক্ষ্য ৰখা হয়।

˃ শিশু, কিশোৰ আৰু যুৱ শ্ৰেণীৰ অধীনত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ বিকাশৰ পৰিকাঠামো আৰু বিস্তৃত উদ্দেশ্যৰ অধীনত, মুদ্ৰা আঁচনিৰ দ্বাৰা আগবঢ়োৱা সামগ্ৰীবোৰ এনেদৰে ডিজাইন কৰা হৈছে যাতে তেওঁলোকে বিভিন্ন খণ্ড/ব্যৱসায়িক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হয়।

˃ পি.এম.এম.ৱাই.-ৰ অধীনত, উৎপাদন, বাণিজ্য আৰু সেৱা খণ্ড আৰু কৃষি সম্পৰ্কীয় কাম যেনে কুকুৰা পালন, দুগ্ধজাত সামগ্ৰী, মৌ-পালন ইত্যাদি; উপাৰ্জন সৃষ্টিৰ কাৰ্যকলাপৰ বাবে, ম্যাদী ঋণ আৰু কাৰ্যকৰী মূলধন, এই দুয়োটা উপাদানৰ হিচাপত প্ৰদান কৰা হয়।

˃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি ঋণ দিয়া প্ৰতিষ্ঠানসমূহৰ দ্বাৰা সূতৰ হাৰ নিৰ্ধাৰণ কৰা হয়। কাৰ্যকৰী মূলধনী সুবিধাৰ ক্ষেত্ৰত, এদিন পাৰ হোৱাৰ পিছত ঋণ লওঁতাৰ ঋণৰ ওপৰত সূত আদায় কৰা হয়। 

এই আঁচনিৰ সফলতাসমূহ (২৫ মাৰ্চ, ২০২২ পৰ্যন্ত)

• আঁচনিখন আৰম্ভ হোৱাৰ পৰা মুঠ ১৮.৬০ লাখ কোটি টকাৰ বাবে অনুমোদিত ঋণৰ সংখ্যা (২৫ মাৰ্চ, ২০২২ লৈকে) ৩৪.৪২ কোটিৰো অধিক। মুঠ ঋণৰ প্ৰায় ২২ শতাংশ নতুন উদ্যোগীসকলৰ বাবে অনুমোদিত হৈছে।

• চলিত বিত্তীয় বৰ্ষত (২৫ মাৰ্চ, ২০২২ লৈকে) ৪.৮৬ কোটি পিএমএমৱাই ঋণ একাউণ্টত মুঠ ৩.০৭ লাখ কোটি টকাৰ অনুমোদিত পৰিমাণ বৃদ্ধি কৰা হৈছে। 

• মুঠ ঋণৰ প্ৰায় ৬৮ শতাংশ মহিলা উদ্যোগীসকলক অনুমোদন জনোৱা হৈছে।

• ঋণৰ গড় পৰিমাণ হৈছে প্ৰায় ৫৪,০০০ টকা।

৮৬ শতাংশ ঋণ 'শিশু' শ্ৰেণী

• প্ৰায় ২২ শতাংশ ঋণ নতুন উদ্যোগীসকলক দিয়া হৈছে। 

• প্ৰায় ২৩ শতাংশ ঋণ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ লোকসকলক দিয়া হৈছে; প্ৰায় ২৮ শতাংশ ঋণ অ'বিচি সমুদায়ৰ ঋণ লওঁতাসকলক দিয়া হৈছে। (মুঠ ৫১ শতাংশ ঋণ অনুসূচীত জাতি/অনুসূচীত জনজাতি/অবিচি শ্ৰেণীৰ ঋণ লওঁতাসকললৈ মঞ্জুৰ কৰা হৈছে।)

• প্ৰায় ১১ শতাংশ ঋণ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক দিয়া হৈছে।

শ্ৰেণী অনুসৰি বিৱৰণ:-

শ্ৰেণী

শ্ৰেণীৰ সংখ্যা (%)

স্বীকৃত ধনৰাশি (%)

শিশু

৮৬%

৪২%

কিশোৰ

১২%

৩৪%

যুৱ

২%

২৪%

মুঠ

০০%

০০%

   

ক’ভিড-১৯ মহামাৰীৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাহিৰে, আঁচনিখনৰ আৰম্ভণিৰ পৰা নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছে। বছৰ অনুসৰি অনুমোদিত পৰিমাণ তলত দিয়া ধৰণৰ:-

বছৰ

স্বীকৃত শ্ৰেণীৰ সংখ্যা (কোটিত)

স্বীকৃত ধনৰাশি (লাখ কোটি টকাত)

২০১৫-১৬

৩.৪৯

১.৩৭

২০১৬-১৭

৩.৯৭

১.৮০

২০১৭-১৮

৪.৮১

২.৫৪

২০১৮-১৯

৫.৯৮

৩.২২

২০১৯-২০

৬.২২

৩.৩৭

২০২০-২১

৫.০৭

৩.২২

২০২১-২২ (২৫ মাৰ্চ ২০২২ পৰ্যন্ত)*

৪.৮৬

৩.০৭

মুঠ

৩৪.৪২

১৮.৬০

               * চূড়ান্ত নহয়

অন্যান্য প্ৰাসঙ্গিক তথ্য

পি.এম.এম.ৱাই.-ৰ অধীনত, শিশু ঋণৰ আগতীয়া পৰিশোধৰ ওপৰত শতাংশ সূত ৰেহাইৰ সুবিধা মাহৰ বাবে বৃদ্ধি কৰা হৈছিল, যি সকলো যোগ্য ঋণ লওঁতাৰ বাবে বৈধ হ'ব।

আত্মনিৰ্ভৰ ভাৰত পেকেজ (এএনবিপি)ৰ অধীনত ১৪ মে, ২০২০ তাৰিখে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা এই আঁচনিখন এক অভূতপূৰ্ব পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এক নিৰ্দিষ্ট উপায়েৰে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে ঋণৰ ব্যয় হ্ৰাস কৰি অৰ্থনৈতিকভাৱে দুৰ্বল ঋণ লওঁতাসকলৰ বিত্তীয় চাপ হ্ৰাস কৰা।

• কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ ২৪ জুনত আঁচনিখনত অনুমোদন জনাইছিল।

• ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকক ৭৭৫ কোটি টকা মুকলি কৰা হৈছে।

• আঁচনিখনৰ ৰূপায়ণ: সকলো শ্ৰেণীৰ এমএলআই অৰ্থাৎ ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি), ব্যক্তিগত খণ্ডৰ বেংক, আঞ্চলিক গ্ৰাম্য বেংক (আৰআৰবি), ক্ষুদ্ৰ বিত্তীয় বেংক (এছএফবি), অনা-বেঙ্কিং বিত্তীয় কোম্পানী (এনবিএফচি) আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (এমএফআই)ৰ দ্বাৰা।

প্ৰদৰ্শন: ২৫ মাৰ্চ, ২০২২ লৈকে এছ.আই.ডি.বি.আই.-ক মুকলি কৰা ৭৭৫ কোটি টকাৰ ভিতৰত, ৬৫৮.২৫ কোটি টকাএছ.আই.ডি.বি.আই.-ৰ দ্বাৰা এম.এল.আই.-লৈ বিতৰণ কৰা হৈছে, যাতে ঋণ লওঁতাসকলৰ একাউণ্টত ৰেহাইৰ পৰিমাণ জমা কৰিব পাৰি।

***

RM/KMN


(Release ID: 1814645) Visitor Counter : 433