মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে মাণ্ডলিক সন্মিলন অনুষ্ঠিত কৰিব নাৰী আৰু শিশু কল্যাণ মন্ত্ৰালয়ে

গুৱাহাটীত অহা ১০ এপ্ৰিলত মাণ্ডলিক সন্মিলন

মাণ্ডলিক সন্মিলনৰ জৰিয়তে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন আৰু ষ্টেকহল্ডাৰৰ সৈতে মহিলা আৰু শিশুৰ পুষ্টিহীনতাৰ আশংকা নিৰাময়ৰ বাবে কৌশলগত হস্তক্ষেপ আৰু সবলীকৰণ, বিকাশ তথা সুৰক্ষা সন্দৰ্ভত হ’ব বৈঠক

Posted On: 01 APR 2022 12:10PM by PIB Guwahati

ভাৰতৰ জনসংখ্যাৰ ৬৭.৭% আৱৰি থকা নাৰী আৰু শিশুৰ সবলীকৰণ আৰু সুৰক্ষা তথা এক সুৰক্ষিত আৰু নিৰাপদ বাতাবৰণত তেওঁলোকৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাটো হৈছে দেশৰ দীৰ্ঘস্থায়ী তথা সমানুপাতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু তেতিয়াহে অৰ্থনৈতিক তথা সামাজিক পৰিৱৰ্তন সম্ভৱ।

 

মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উদ্দেশ্য হৈছে নাৰী আৰু শিশুসকলৰ ক্ষেত্ৰত থকা পদক্ষেপসমূহৰ মাজৰ ব্যৱধান নোহোৱা কৰা আৰু লিংগ সমতা তথা শিশুকেন্দ্ৰিক বিধি, নীতি আৰু কাৰ্যক্ৰম সৃষ্টি কৰিবলৈ আন্তঃ মন্ত্ৰালয় তথা আন্তঃ খণ্ড-বিষয়ক সুচলতা গঢ়ি তোলাৰ লগতে নাৰী আৰু শিশুসকলক এনে এটা বাতাবৰণ প্ৰদান কৰা যিটো সহজলভ্য, বহনক্ষম, নিৰ্ভৰযোগ্য আৰু সকলোধৰণৰ বৈষম্য তথা হিংসাৰ পৰা মুক্ত। এই দিশত, মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত থকা উদ্দেশ্যৰাজি ৰাজ্য চৰকাৰসমূহ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ সহযোগত সফল কৰি তুলিব বিচৰা হৈছে । উল্লিখিত উদ্দেশ্যৰাজি আহৰণ কৰিবলৈ, মন্ত্ৰীসভাই মন্ত্ৰালয়ৰ দ্বাৰা মিছন মোডত ৰূপায়ণ কৰিবলগা ৩টা গুৰুত্বপূৰ্ণ ছত্ৰ আঁচনি (আম্ব্ৰেলা স্কিম) অনুমোদিত কৰিছে, সেয়া হৈছে মিছন পোষন ২.০, মিছন শক্তি আৰু মিছন বাৎসল্য। এই তিনিওটা মিছন ১৫তম বিত্ত আয়োগৰ সময় ২০২১_২২ৰ পৰা ২০২৫_২৬লৈ ৰূপায়িত হ'ব।

 

মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলৰ সৈতে মাণ্ডলিক সন্মিলন অনুষ্ঠিত কৰিব এনেকৈ- চণ্ডীগড়ত (২ এপ্ৰিল), বেংগালুৰুত (৪ এপ্ৰিল), গুৱাহাটী (১০ এপ্ৰিল), মুম্বাই (১২ এপ্ৰিল) আৰু ভূৱনেশ্বৰ (১৩ এপ্ৰিল)। মাণ্ডলিক সন্মিলনৰ উদ্দেশ্য হৈছে ৰাজ্য চৰকাৰ/কেন্দ্ৰ শাসিত প্ৰশাসনসমূহক মন্ত্ৰালয়ৰ ৩টা আম্ব্ৰেলা মিছনৰ প্ৰতি সংবেদনশীল কৰি তোলা যাতে সহযোগিতামূলক ফেডাৰেলিজমৰ সঁচা উদ্যমেৰে অহা ৫ বছৰত আঁচনিসমূহৰ সঠিক ৰূপায়ন হয় আৰু দেশৰ নাৰী তথা শিশুসকলৰ লাভৰ বাবে এই মিছনৰ অধীনত ৰূপান্তৰকামী সামাজিক পৰিৱৰ্তন সাধিত হয়।

 

মিছন পোষন ২.০ হৈছে এটা সমন্বিত পুষ্টি সহযোগ কাৰ্যক্ৰম। ইয়াৰ জৰিয়তে পুষ্টিকৰ আহাৰৰ ক্ষেত্ৰত এক ৰণকৌশলগত স্থানান্তৰ তথা আদায় দিয়াৰ লগতে শিশু, কিশোৰী কন্যা, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰাই থকা মাতৃৰ পুষ্টিহীনতাৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিব বিচৰা হৈছে যাৰ মাধ্যমত স্বাস্থ্য, সুস্থতা তথা প্ৰতিৰোধ ক্ষমতাৰ বাবে এটা ব্যৱস্থাপনা গঢ়ি উঠিব। পোষন ২.০ত পৰিপূৰক পুষ্টি কাৰ্যক্ৰমৰ অধীনত খাদ্যৰ মানদণ্ড আৰু আদায় দিয়াটো আশানুৰূপ কৰা হ'ব। পোষন ২.০ই ইয়াৰ পৰিসৰৰ অধীনত ৩টা গুৰুত্বপূৰ্ণ কাৰ্যক্ৰম/আঁচনি লৈ আহিব, সেয়া হৈছে অংগনৱাড়ী সেৱা, কিশোৰী কন্যাৰ বাবে আঁচনি আৰু পোষন অভিযান।

 

মিছন শক্তিত জীৱনৰ বিভিন্ন স্তৰত গতি কৰোতে মহিলাৰ বাবে সমন্বিত যতন, সুৰক্ষা, নিৰাপত্তা, পুনৰবাসন আৰু সবলীকৰণৰ জৰিয়তে এটা একত্ৰিত নাগৰিক-কেন্দ্ৰিক সহযোগিতাৰ জীৱনচক্ৰ গঢ়ি তুলিব বিচৰা হৈছে।  মিছন শক্তিৰ দুখন উপ-আঁচনি আছে 'সম্বল' আৰু 'সামৰ্থ্য'। এই "সম্বল" উপ-আঁচনি মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে হোৱাৰ বিপৰীতে "সামৰ্থ্য" উপ-আঁচনি নাৰীৰ সবলীকৰণৰ বাবে।

 

মিছন বাৎসল্যৰ উদ্দেশ্য হৈছে ভাৰতত প্ৰতিটো শিশুৰ বাবে এক স্বাস্থ্যবান আৰু সুখী শৈশৱ নিশ্চিত কৰা; শিশুৰ বিকাশৰ বাবে এক সংবেদনশীল, সহযোগিতামূলক আৰু স্বয়ংসম্পূৰ্ণ পৰিৱেশ গঢ়ি তোলা; জুভেনাইল জাষ্টিচ এক্ট ২০১৫ৰ বাধ্যবাধকতাবিলাক আদায় কৰাত ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলসমূহক সহযোগিতা কৰা; এছডিজি লক্ষ্যসমূহ আহৰণ কৰা। মিছন বাৎসল্যৰ উপাদানসমূহৰ মাজত থাকিব সতৰ্কীকৰণ সমিতিসমূহ; সেৱা আদায়কাৰী গাঁথনি; প্ৰতিষ্ঠানিক যতন/সেৱা; অপ্ৰতিষ্ঠানিক সমুদায় ভিত্তিক যতন; জৰুৰীকালীন আউটৰিচ সেৱা; প্ৰশিক্ষণ আৰু সক্ষমতা নিৰ্মাণ।

 

আম্ব্ৰেলা মিছনৰ অধীনত থকা আঁচনিসমূহ হৈছে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি যিবোৰ ব্যয় বাতোৱাৰা নীতি অনুসৰি ব্যয়-বাতোৱাৰাৰ ভিত্তিত ৰাজ্য চৰকাৰ/কেন্দ্ৰ শাসিত অঞ্চলৰ প্ৰশাসনে ৰূপায়ণ কৰিব। স্কিম গাইডলাইনবিলাক ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলসমূহৰ সৈতে শ্বেয়াৰ কৰি থকা হৈছে।

 

*********

BY

 



(Release ID: 1812462) Visitor Counter : 139