গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত চৰকাৰে কেইবা দশকৰ পিছত নাগালেণ্ড, অসম আৰু মণিপুৰত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ (এএফএছপিএ) অধীনত অশান্ত ক্ষেত্ৰসমূহ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লৈছে


মোদী চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত উত্তৰ-পূবৰ নিৰাপত্তা পৰিস্থিতিৰ উন্নতি আৰু দ্ৰুত বিকাশ হৈছে যাৰ ফলত দশকৰ পিছত এএফএছপিএৰ অধীনৰ এলেকাসমূহ হ্ৰাস পাইছে

যোৱা তিনি বছৰত ভাৰত চৰকাৰে উগ্ৰবাদৰ সমাপ্তি আৰু উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণৰ কেইবাটাও চুক্তি স্বাক্ষৰ কৰিছে

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদীজীৰ অটল প্ৰতিশ্ৰুতিৰ বাবে আমাৰ উত্তৰ-পূব অঞ্চল, যি কেইবা দশক ধৰি অৱহেলিত হৈ আছিল, এতিয়া শান্তি, সমৃদ্ধি আৰু অভূতপূৰ্ব উন্নয়নৰ এক নতুন যুগৰ সাক্ষী হৈ আছে, যাৰ বাবে মই মোদীজীক ধন্যবাদ জনাইছো।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত উপলক্ষে মই উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক অভিনন্দন জনাইছো

Posted On: 31 MAR 2022 3:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত উত্তৰ-পূবৰ ৰাজ্যসমূহত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে যিয়ে নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নত কৰিছে আৰু উন্নয়ন ত্বৰান্বিত কৰিছে। ২০১৪ চনৰ তুলনাত ২০২১ চনত উগ্ৰপন্থী ঘটনা ৭৪% হ্ৰাস পাইছে। একেদৰে, এই সময়ছোৱাত নিৰাপত্তাকৰ্মী আৰু অসামৰিক লোকৰ মৃত্যুও ক্ৰমান্বয়ে ৬০% আৰু ৮৪% হ্ৰাস পাইছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ উন্নতিৰ ফলস্বৰূপে ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি নাগালেণ্ড, অসম আৰু মণিপুৰত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ (এএফএছপিএ) অধীনত অশান্ত অঞ্চলসমূহ কেইবা দশকৰ পিছত হ্ৰাস কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ-পূব অঞ্চলৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সৈতে নিৰন্তৰ বাৰ্তালাপ কৰে। ফলস্বৰূপে, বেছিভাগ উগ্ৰপন্থী গোটে দেশৰ সংবিধান আৰু মোদী চৰকাৰৰ নীতিত বিশ্বাস কৰি অস্ত্ৰ-শস্ত্ৰ সামৰে। আজি সেই সকলো লোক গণতন্ত্ৰৰ অংশ হৈ পৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়নত অংশগ্ৰহণ কৰিছে। বিগত কেইবছৰমানত প্ৰায় ৭০০০ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে।

বিগত তিনি বছৰত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উগ্ৰবাদৰ সমাপ্তি আৰু উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি স্থাপনৰ সপোন বাস্তৱায়িত কৰিবলৈ কেইবাটাও চুক্তি স্বাক্ষৰ কৰিছে। যেনে,

  • জানুৱাৰী, ২০২০-ৰ বড়ো চুক্তি য’ত অসমৰ ৫ দশক পুৰণি বড়ো সমস্যা সমাধান হৈছিল ৷
  • ২০২১ চনৰ ০৪ ছেপ্টেম্বৰৰ কাৰ্বি-আংলং চুক্তিয়ে অসমৰ দীৰ্ঘদিনীয়া কাৰ্বি অঞ্চলৰ বিবাদ সমাধান কৰিছে।
  • ত্ৰিপুৰাত উগ্ৰপন্থীসকলক সমাজৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে ২০১৯ চনৰ আগষ্টত এনএলএফটি (এছডি) চুক্তি স্বাক্ষৰিত হৈছিল।
  • ২৩ বছৰ পুৰণি ব্ৰু-ৰিয়াং শৰণাৰ্থীৰ সংকট সমাধানৰ বাবে ২০২০ চনৰ ১৬ জানুৱাৰীত এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল যাৰ অধীনত ত্ৰিপুৰাত ৩৭,০০০ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকক বসতি স্থাপন কৰা হৈছে।
  • ২০২২ চনৰ ২৯ মাৰ্চত অসম আৰু মেঘালয় ৰাজ্যৰ সীমাৰ পৰিপ্ৰেক্ষিতত আন এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ উত্তৰ-পূব অঞ্চলক উগ্ৰবাদমুক্ত কৰিবলৈ সংকল্পবদ্ধ, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰি আহিছে। মোডী চৰকাৰে নিৰাপত্তা পৰিস্থিতি উন্নত কৰাৰ বাবে ২০১৫ চনত ত্ৰিপুৰা আৰু ২০১৮ চনত মেঘালয়ৰ পৰা এএফএছপিএৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে।

১৯৯০ চনৰ পৰা সমগ্ৰ অসমত অশান্ত অঞ্চলৰ অধিসূচনা বলৱৎ হৈ আছে। ২০১৪ চনত মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নিৰাপত্তা পৰিস্থিতিৰ গুৰুত্বপূৰ্ণ উন্নতিৰ বাবে, এতিয়া ০১.০৪.২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ ২৩ খন জিলাৰ পৰা এয়া সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে আৰু এএফএছপিএৰ অধীনত ১খন জিলাৰ পৰা আংশিকভাৱে আঁতৰোৱা হৈছে।

সমগ্ৰ মণিপুৰত (ইম্ফল পৌৰসভা অঞ্চলৰ বাহিৰে) অশান্ত অঞ্চলৰ ঘোষণা ২০০৪ চনৰ পৰা বলৱৎ হৈ আহিছে। মোদীজীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপত, ০১.০৪.২০২২ তাৰিখৰ পৰা অশান্ত অঞ্চলৰ অধিসূচনাৰ পৰা খন জিলাৰ ১৫ খন আৰক্ষী থানা এলেকাক বিবাদমুক্ত কৰা হৈছে।

অৰুণাচল প্ৰদেশত, ২০১৫ চনত খন জিলা, অসম সংলগ্ন অৰুণাচল প্ৰদেশৰ ২০ কিলোমিটাৰ এএফএছপিএ ষ্ট্ৰিপৰ ১৬ খন আৰক্ষী থানা এলেকা আৰু আন খন জিলাত প্ৰযোজ্য আছিল য’ত বৰ্তমান কেৱল খন জিলা আৰু আন খন জিলাৰ খন আৰক্ষী থানা অঞ্চলত বলৱৎ হৈ আছে আৰু ক্ৰমান্বয়ে ইয়াক হ্ৰাস কৰা হৈছে।

১৯৯৫ চনৰ পৰা সমগ্ৰ নাগালেণ্ডত অশান্ত এলেকাৰ অধিসূচনা বলৱৎ হৈ আছে। কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে এএফএছপিএ আঁতৰোৱাৰ বাবে এই সন্দৰ্ভত গঠন কৰা সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে। নাগালেণ্ডত, ০১.০৪.২০২২ তাৰিখৰ পৰা খন জিলাৰ ১৫ খন আৰক্ষী থানাৰ পৰা অশান্ত এলেকা অধিসূচনা আঁতৰোৱা হৈছে।

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদীজীৰ অটল প্ৰতিশ্ৰুতিৰ বাবে আমাৰ উত্তৰ-পূব অঞ্চল, যি কেইবা দশক ধৰি অৱহেলিত হৈ আছিল, এতিয়া শান্তি, সমৃদ্ধি আৰু অভূতপূৰ্ব বিকাশৰ এক নতুন যুগৰ সাক্ষী হৈছে, ইয়াৰ বাবে মোদীজীক ধন্যবাদ জনাইছো।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত উপলক্ষে মই উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক অভিনন্দন জনাইছো।

এএফএচপিএ পৃষ্ঠভূমি - লিংক

 

***

एनडब्ल्यू/आरके/एवाई/आरआर/MANN



(Release ID: 1811941) Visitor Counter : 326