প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পূণ্য তিথিত শ্যামজী কৃষ্ণ বাৰ্মাক স্মৰণ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
30 MAR 2022 9:48AM by PIB Guwahati
পূণ্য তিথিত শ্যামজী কৃষ্ণ বাৰ্মালৈ শ্ৰৰ্দ্ধাৰ্ঘ্য নিৱেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামলৈ শ্যামজী কৃষ্ণ বাৰ্মাই আগবঢ়োৱা অনবদ্য অৱদানক লৈ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱান্বিত বোধ কৰি আহিছে। ইফালে, ২০০৩ চনত এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ চিতা-ভষ্ম জেনেভাৰ পৰা দেশলৈ অনাৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“সাহসী শ্যামজী কৃষ্ণ বাৰ্মাক তেখেতৰ পূণ্য তিথিত স্মৰণ কৰিছো। স্বাধীনতা সংগ্ৰামত তেওঁ আগবঢ়োৱা স্মৰণযোগ্য অৱদানক লৈ প্ৰতিগৰাকী ভাৰতবাসীয়েই গৌৰৱান্বিত বোধ কৰি আহিছে। ২০০৩ চনত এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ চিতা-ভষ্ম জেনেভৰ পৰা দেশলৈ ওভতাই অনাটো মোৰ জীৱনৰ বাবেই বিশেষ মুহূৰ্ত হৈ ৰ’ব”।
***
DS/ST/KB
(ৰিলিজ আই ডি : 1811799)
অতিথি কক্ষ : 136
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam