প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰত সংঘটিত এক বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক; পীড়িতসকলক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্যত অনুমোদন

Posted On: 27 MAR 2022 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰত সংঘটিত এক বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰাণহানি হোৱাৰ লোকসকলৰ আত্মীয়ৰ প্ৰতি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা ২লাখ টকাকৈ এককালীন সাহাৰ্য আৰু দুৰ্ঘটনাত আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য প্ৰদানত অনুমোদন জনাইছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কয়, “অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা ঘটনাত দুঃখিত হৈছো৷ শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷

প্ৰাণহানি হোৱাৰ লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi"

 

***

DS/ST/DB



(Release ID: 1810891) Visitor Counter : 117